--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কেন্দ্ৰীয় চৰকাৰে বিগত ৭ ফেব্ৰুৱাৰীত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্য হিচাপে শান্তিশ্ৰী ঢুলীপূড়ী পণ্ডিতক নিযুক্তি দিয়া কাৰ্যক সমালোচনা কৰিছে লোকসভাৰ সাংসদ তথা জ্যেষ্ঠ বিজেপি নেতা বৰুণ গান্ধীয়ে৷ গান্ধীয়ে সমালোচনা কৰি কয় যে এনেধৰণৰ মধ্যমীয়া নিযুক্তিয়ে আমাৰ মানৱ মূলধনৰ ক্ষতি কৰে আৰু আমাৰ যুৱ-প্ৰজন্মৰ ভৱিষ্যতৰ ক্ষতি কৰে৷ তেওঁ লগতে কয়, কিছুমান উচ্চ শিক্ষা প্ৰতিষ্ঠানক বিশ্বমানৰ সমতুল্য গঢ়ি তুলিবলৈ ভাৰতত সঠিক নেতা থকাও প্ৰয়োজন৷ জেএনইউৰ শিক্ষক সংগঠনে এই নিযুক্তি সন্দৰ্ভত এক টোকা প্ৰকাশ কৰি উল্লেখ কৰিছে যে এই নিযুক্তিয়ে বিশ্ববিদ্যালয়খনৰ আইন আৰু অধ্যাদেশ অনুসৰি এক পক্ষপাতহীন প্ৰশাসন নিশ্চিত কৰা আৰু শিক্ষক-শিক্ষণ কাৰ্যকলাপ পুনৰুদ্ধাৰ কৰাৰ দাবীক উপস্থাপন কৰিব। উল্লেখযোগ্য যে, শান্তিশ্ৰী পণ্ডিত জেএনইউৰ প্ৰথমগৰাকী মহিলা উপাচাৰ্য। তেওঁ এম জগদেশ কুমাৰৰ পৰা দায়িত্ব গ্ৰহণ কৰিছে৷ বিশ্ববিদ্যালয়খনৰ মুৰব্বী হিচাপে কুমাৰৰ এক বিতৰ্কিত কাৰ্যকাল আছিল আৰু তেওঁ এতিয়া বিশ্ববিদ্যালয় অনুদান আয়োগৰ মুৰব্বী হিচাপে কাৰ্যনিৰ্বাহ কৰিব৷ শান্তিশ্ৰী পণ্ডিতে উপাচাৰ্য হিচাপে দায়িত্ব লোৱাৰ পাছৰে পৰা তেওঁৰ কিছু পুৰণি টুইটে দেশজুৰি নতুনকৈ চৰ্চা লাভ কৰিছে৷ পূৰ্বৰ এটা টুইটত তেওঁ অভিনেতা-ৰাজনীতিবিদ কামাল হাছানক ‘হিন্দু উৎপীড়ক’ বুলি উল্লেখ কৰিছিল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
তিতাবৰত লাভ জেহাদৰ ভয়ংকৰ ঘটনা!  বোৰ্খা নিপিন্ধা বাবে আৰু গো মাংস ভক্ষণ নকৰাৰ বাবেই অন্তঃসত্ত্বা মহিলাক অকথ্য নিৰ্যাতন
অটো চালক জামছেদ আলীৰ অসভ্যালি! মহিলাক যাত্ৰীক গন্তব্য স্থানৰ পৰিবৰ্তে অন্য স্থানলৈ নিয়াৰ চেষ্টা
হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ ওপৰত গুৰুত্ব দিয়ক! নহ'লে বিপদ অনিবাৰ্য
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক