--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কেন্দ্ৰীয় চৰকাৰে বিগত ৭ ফেব্ৰুৱাৰীত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্য হিচাপে শান্তিশ্ৰী ঢুলীপূড়ী পণ্ডিতক নিযুক্তি দিয়া কাৰ্যক সমালোচনা কৰিছে লোকসভাৰ সাংসদ তথা জ্যেষ্ঠ বিজেপি নেতা বৰুণ গান্ধীয়ে৷ গান্ধীয়ে সমালোচনা কৰি কয় যে এনেধৰণৰ মধ্যমীয়া নিযুক্তিয়ে আমাৰ মানৱ মূলধনৰ ক্ষতি কৰে আৰু আমাৰ যুৱ-প্ৰজন্মৰ ভৱিষ্যতৰ ক্ষতি কৰে৷ তেওঁ লগতে কয়, কিছুমান উচ্চ শিক্ষা প্ৰতিষ্ঠানক বিশ্বমানৰ সমতুল্য গঢ়ি তুলিবলৈ ভাৰতত সঠিক নেতা থকাও প্ৰয়োজন৷ জেএনইউৰ শিক্ষক সংগঠনে এই নিযুক্তি সন্দৰ্ভত এক টোকা প্ৰকাশ কৰি উল্লেখ কৰিছে যে এই নিযুক্তিয়ে বিশ্ববিদ্যালয়খনৰ আইন আৰু অধ্যাদেশ অনুসৰি এক পক্ষপাতহীন প্ৰশাসন নিশ্চিত কৰা আৰু শিক্ষক-শিক্ষণ কাৰ্যকলাপ পুনৰুদ্ধাৰ কৰাৰ দাবীক উপস্থাপন কৰিব। উল্লেখযোগ্য যে, শান্তিশ্ৰী পণ্ডিত জেএনইউৰ প্ৰথমগৰাকী মহিলা উপাচাৰ্য। তেওঁ এম জগদেশ কুমাৰৰ পৰা দায়িত্ব গ্ৰহণ কৰিছে৷ বিশ্ববিদ্যালয়খনৰ মুৰব্বী হিচাপে কুমাৰৰ এক বিতৰ্কিত কাৰ্যকাল আছিল আৰু তেওঁ এতিয়া বিশ্ববিদ্যালয় অনুদান আয়োগৰ মুৰব্বী হিচাপে কাৰ্যনিৰ্বাহ কৰিব৷ শান্তিশ্ৰী পণ্ডিতে উপাচাৰ্য হিচাপে দায়িত্ব লোৱাৰ পাছৰে পৰা তেওঁৰ কিছু পুৰণি টুইটে দেশজুৰি নতুনকৈ চৰ্চা লাভ কৰিছে৷ পূৰ্বৰ এটা টুইটত তেওঁ অভিনেতা-ৰাজনীতিবিদ কামাল হাছানক ‘হিন্দু উৎপীড়ক’ বুলি উল্লেখ কৰিছিল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি