--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: খৰাঙে জুৰুলা কৰিব নেকি নগালেণ্ডৰ কৃষিখণ্ড! খৰালী দিন সমাগত৷ তাৰ আগতেই নগালেণ্ডৰ ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে জাৰি কৰা এক জাননীয়ে চিন্তিত কৰিছে ৰাজ্যৰ কৃষক সমাজক৷ নগালেণ্ড চৰকাৰে সমগ্ৰ ৰাজ্যখনক ‘মধ্যমীয়া ধৰণৰ খৰাং পীড়িত’ ৰাজ্য বুলি ঘোষণা কৰিছে। নগালেণ্ডত ২০২১ চনৰ ছেপ্টেম্বৰৰ পৰা এই বছৰৰ মাৰ্চলৈকে ছয় মাহৰ বাবে সমগ্ৰ ৰাজ্যখনত ‘মধ্যমীয়া ধৰণৰ খৰাং’ ঘোষণা কৰিছে ৰাজ্যখনৰ তথ্য আৰু জনসংযোগ বিভাগে। বৰষুণৰ অভাৱ আৰু শস্যৰ উৎপাদনৰ ওপৰত লক্ষ্য ৰাখি ‘মধ্যমীয়া ধৰণৰ খৰাং পীড়িত’ ৰাজ্য বুলি বিবেচনা কৰে তথ্য আৰু জনসংযোগ বিভাগে৷ মঙলবাৰে তথ্য আৰু জনসম্পৰ্ক বিভাগে জাৰি কৰা এক চৰকাৰী বিবৃতিৰ জৰিয়তে এই কথা প্ৰকাশ কৰে। বিবৃতিটোত কোৱা হৈছে যে, ই সম্পূৰ্ণ প্ৰাকৃতিক দুৰ্যোগ, ইয়াৰ দ্বাৰা সংকটত পৰিব ৰাজ্যখনৰ সমগ্ৰ কৃষি ব্যৱস্থা৷ নগালেণ্ডৰ ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনাই সংশ্লিষ্ট জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই (ডি.ডি.এম.এ.) উপায়ুক্ত আৰু অধ্যক্ষসকলৰ পৰা তথ্যৰ ভিত্তিত জাৰি কৰে৷ কম আৰু স্বাভাৱিকতকৈ কম বৰষুণৰ বাবে খৰাং হৈ পৰে ৰাজ্যখনৰ কিছু অঞ্চল৷ বিগত বৰ্ষৰ মাৰ্চ মাহৰ পৰা নৱেম্বৰ মাহলৈ ৰাজ্যখনত স্বাভাৱিক হাৰতকৈও কম বৃষ্টিপাত হৈছিল৷ যাৰ ফলত খৰাং হৈ পৰে বিগত বৰ্ষৰ ১৫ ছেপ্টেম্বৰৰ পৰা সম্পূৰ্ণ ৬মাহ খৰাঙৰ কৱলত পৰিব ৰাজ্যখন৷ এনএছডিএমএ জাৰি কৰা অধিসূচনাত এই কথা উল্লেখ কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভয়ানক বিপদৰ পৰা ৰক্ষা পৰিল দেৰগাঁও!  পেট্ৰ’ল পাম্পৰ চৌহদত ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত
ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীৰে বাৰ্তালাপৰ অভিজ্ঞতা বর্ণনা কৰি উৎফুল্ল দীপ্তি চহৰীয়া
স্বামীৰ সৈতে বিবাহ বিচ্ছেদ, ইৰফানৰ সৈতে লিভ-ইন ৰিলেছনশ্বিপ; ওলমি থকা অৱস্থাত উদ্ধাৰ বিউটিচিয়ান মীনুৰ মৃতদেহ
হৃদৰোগৰ পৰা হাত সাৰিবলৈ কি কৰিব লাগে? জানি লওক ভালদৰে
পৰিয়ালে প্ৰেমত দিছিল বাধা, প্ৰেমিক-প্ৰেমিকা পালেহি থানা ; মন্দিৰত বিয়া পাতি দিলে আৰক্ষীয়ে
ভাৰতমাতাৰ সাহসী কন্যা! ২০ হাজাৰ ফুটতকৈও অধিক ওখ এটা শিখৰত উৰুৱালে ত্ৰিৰংগা; বৰফ খাই গুচাইছিল পিয়াহ
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক
পুৰুষৰ বেশত ভগ্নীৰ শহুৰেকৰ ঘৰত প্ৰৱেশ কৰি ডেৰ কোটিৰো অধিক টকাৰ গহনা লুটি নিলে যুৱতীয়ে