--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: খৰাঙে জুৰুলা কৰিব নেকি নগালেণ্ডৰ কৃষিখণ্ড! খৰালী দিন সমাগত৷ তাৰ আগতেই নগালেণ্ডৰ ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে জাৰি কৰা এক জাননীয়ে চিন্তিত কৰিছে ৰাজ্যৰ কৃষক সমাজক৷ নগালেণ্ড চৰকাৰে সমগ্ৰ ৰাজ্যখনক ‘মধ্যমীয়া ধৰণৰ খৰাং পীড়িত’ ৰাজ্য বুলি ঘোষণা কৰিছে। নগালেণ্ডত ২০২১ চনৰ ছেপ্টেম্বৰৰ পৰা এই বছৰৰ মাৰ্চলৈকে ছয় মাহৰ বাবে সমগ্ৰ ৰাজ্যখনত ‘মধ্যমীয়া ধৰণৰ খৰাং’ ঘোষণা কৰিছে ৰাজ্যখনৰ তথ্য আৰু জনসংযোগ বিভাগে। বৰষুণৰ অভাৱ আৰু শস্যৰ উৎপাদনৰ ওপৰত লক্ষ্য ৰাখি ‘মধ্যমীয়া ধৰণৰ খৰাং পীড়িত’ ৰাজ্য বুলি বিবেচনা কৰে তথ্য আৰু জনসংযোগ বিভাগে৷ মঙলবাৰে তথ্য আৰু জনসম্পৰ্ক বিভাগে জাৰি কৰা এক চৰকাৰী বিবৃতিৰ জৰিয়তে এই কথা প্ৰকাশ কৰে। বিবৃতিটোত কোৱা হৈছে যে, ই সম্পূৰ্ণ প্ৰাকৃতিক দুৰ্যোগ, ইয়াৰ দ্বাৰা সংকটত পৰিব ৰাজ্যখনৰ সমগ্ৰ কৃষি ব্যৱস্থা৷ নগালেণ্ডৰ ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনাই সংশ্লিষ্ট জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই (ডি.ডি.এম.এ.) উপায়ুক্ত আৰু অধ্যক্ষসকলৰ পৰা তথ্যৰ ভিত্তিত জাৰি কৰে৷ কম আৰু স্বাভাৱিকতকৈ কম বৰষুণৰ বাবে খৰাং হৈ পৰে ৰাজ্যখনৰ কিছু অঞ্চল৷ বিগত বৰ্ষৰ মাৰ্চ মাহৰ পৰা নৱেম্বৰ মাহলৈ ৰাজ্যখনত স্বাভাৱিক হাৰতকৈও কম বৃষ্টিপাত হৈছিল৷ যাৰ ফলত খৰাং হৈ পৰে বিগত বৰ্ষৰ ১৫ ছেপ্টেম্বৰৰ পৰা সম্পূৰ্ণ ৬মাহ খৰাঙৰ কৱলত পৰিব ৰাজ্যখন৷ এনএছডিএমএ জাৰি কৰা অধিসূচনাত এই কথা উল্লেখ কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি