--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : দেশৰ আগশাৰীৰ উচ্চশিক্ষাৰ প্ৰতিষ্ঠান জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত অন্ত নাই বিতৰ্কৰ। জ্ঞানসাধনাত এই শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থী যিদৰে দেশৰ ভিতৰতে আগবঢ়া ঠিক সেইদৰেই নানা বিতৰ্ক, সংঘাত আৰু আপত্তিজনক কৰ্ম-কাণ্ডয়ো এই শিক্ষানুষ্ঠানক সংবাদ শীৰ্ষত ৰাখি আহিছে। কানহায়া কুমাৰ, ওমৰ খালিদ, শ্বেলা ৰছিদৰ দৰে শিক্ষাৰ্থী বিশ্ববিদ্যালয়খনত অধ্যয়ন কৰি থকা সময়ত দেশদ্ৰোহী কাৰ্য-কলাপৰ অভিযোগে সমগ্ৰ দেশতে আলোড়ন সৃষ্টি কৰিছিল। কেইবাজনো ছাত্ৰ গৈছিল কাৰাগাৰলৈ।

এই ঘটনা এতিয়াও পাহৰা নাই দেশৰ সচেতন মহলে। পিছে, জে এন ইউ সংঘাতপূৰ্ণ পৰিস্থিতিৰ আজিও অৱসান হোৱা নাই। ২০২০ চনৰ আগষ্ট মাহত বিশ্ববিদ্যালয়খনৰ একাংশ শিক্ষাৰ্থী আৰু অধ্যাপকৰ ওপৰত আক্ৰমণ সংঘটিত হৈছিল। এটা সোপন্থী ছাত্ৰ সংগঠনে এই আক্ৰমণ সংঘটিত কৰা বুলি অভিযোগ উঠিছিল। য’ত আহত হৈছিল জেএনইউৰ ষ্টুডেণ্ট ইউনিয়নৰ অধ্যক্ষ ঐশী ঘোষকে ধৰি বহু শিক্ষাৰ্থী আৰু অধ্যাপক। পিছে এইবাৰ পুনৰ জে এন ইউক লৈ সৃষ্টি হৈছে বিতৰ্কৰ।

ঘটনাৰ সূত্ৰপাত ঘটিল ২৯অক্টোবৰৰ দিনটোত। ২৯ অক্টোবৰত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ চেণ্টাৰ ফৰ ৱ’মেনছ ষ্টাডিজৰ ফালৰ পৰা এখন আলোচনা চক্ৰৰ আয়োজন কৰা হৈছিল। এই আলোচনা চক্ৰখনক লৈয়েই সূত্ৰপাত হয় বিতৰ্কৰ। এই আলোচনা চক্ৰৰ বিষয় আছিল ‘ইণ্ডিয়ান অকুপেচন ইন কাশ্মীৰ’ অৰ্থাৎ কাশ্মীৰত ভাৰতৰ বেদখল বা অধিগ্ৰহণ। এই কথা পোহৰলৈ অহাৰ পাছতে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ লোকসকলে আৰম্ভ কৰে তীব্ৰ বিৰোধৰ। পৰিস্থিতি অধিক অৱনতি হোৱাৰ পূৰ্বেই জে এ ইউ প্ৰশাসনে এই কাৰ্যসূচী বাতিল কৰে। প্ৰশাসনে ইতিমধ্যে এই ঘটনাৰ তদন্তৰো ব্যৱ্স্থা কৰিছে। কিন্তু এবিভিপিৰ সদস্যসকলে এই ঘটনাৰে জড়িতসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীৰে প্ৰতিবাদ অব্যাহত ৰাখিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু