--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : দেশৰ আগশাৰীৰ উচ্চশিক্ষাৰ প্ৰতিষ্ঠান জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত অন্ত নাই বিতৰ্কৰ। জ্ঞানসাধনাত এই শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থী যিদৰে দেশৰ ভিতৰতে আগবঢ়া ঠিক সেইদৰেই নানা বিতৰ্ক, সংঘাত আৰু আপত্তিজনক কৰ্ম-কাণ্ডয়ো এই শিক্ষানুষ্ঠানক সংবাদ শীৰ্ষত ৰাখি আহিছে। কানহায়া কুমাৰ, ওমৰ খালিদ, শ্বেলা ৰছিদৰ দৰে শিক্ষাৰ্থী বিশ্ববিদ্যালয়খনত অধ্যয়ন কৰি থকা সময়ত দেশদ্ৰোহী কাৰ্য-কলাপৰ অভিযোগে সমগ্ৰ দেশতে আলোড়ন সৃষ্টি কৰিছিল। কেইবাজনো ছাত্ৰ গৈছিল কাৰাগাৰলৈ।

এই ঘটনা এতিয়াও পাহৰা নাই দেশৰ সচেতন মহলে। পিছে, জে এন ইউ সংঘাতপূৰ্ণ পৰিস্থিতিৰ আজিও অৱসান হোৱা নাই। ২০২০ চনৰ আগষ্ট মাহত বিশ্ববিদ্যালয়খনৰ একাংশ শিক্ষাৰ্থী আৰু অধ্যাপকৰ ওপৰত আক্ৰমণ সংঘটিত হৈছিল। এটা সোপন্থী ছাত্ৰ সংগঠনে এই আক্ৰমণ সংঘটিত কৰা বুলি অভিযোগ উঠিছিল। য’ত আহত হৈছিল জেএনইউৰ ষ্টুডেণ্ট ইউনিয়নৰ অধ্যক্ষ ঐশী ঘোষকে ধৰি বহু শিক্ষাৰ্থী আৰু অধ্যাপক। পিছে এইবাৰ পুনৰ জে এন ইউক লৈ সৃষ্টি হৈছে বিতৰ্কৰ।

ঘটনাৰ সূত্ৰপাত ঘটিল ২৯অক্টোবৰৰ দিনটোত। ২৯ অক্টোবৰত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ চেণ্টাৰ ফৰ ৱ’মেনছ ষ্টাডিজৰ ফালৰ পৰা এখন আলোচনা চক্ৰৰ আয়োজন কৰা হৈছিল। এই আলোচনা চক্ৰখনক লৈয়েই সূত্ৰপাত হয় বিতৰ্কৰ। এই আলোচনা চক্ৰৰ বিষয় আছিল ‘ইণ্ডিয়ান অকুপেচন ইন কাশ্মীৰ’ অৰ্থাৎ কাশ্মীৰত ভাৰতৰ বেদখল বা অধিগ্ৰহণ। এই কথা পোহৰলৈ অহাৰ পাছতে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ লোকসকলে আৰম্ভ কৰে তীব্ৰ বিৰোধৰ। পৰিস্থিতি অধিক অৱনতি হোৱাৰ পূৰ্বেই জে এ ইউ প্ৰশাসনে এই কাৰ্যসূচী বাতিল কৰে। প্ৰশাসনে ইতিমধ্যে এই ঘটনাৰ তদন্তৰো ব্যৱ্স্থা কৰিছে। কিন্তু এবিভিপিৰ সদস্যসকলে এই ঘটনাৰে জড়িতসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীৰে প্ৰতিবাদ অব্যাহত ৰাখিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ