--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : দেশত এতিয়া সৰ্বগ্ৰাসী হতাশা! মানুহে জীয়াই থকাৰ বাবেই যি প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হৈছে তাৰ সৈতে মোকাবিলা কৰাৰো সম্বল যেন হেৰুৱাই পেলাইছে অনেকেই। যাৰ বাবে দেশত প্ৰতিদিন বাঢ়িছে আত্মহত্যা। কৃষক-শ্ৰমিকৰ পৰা শিক্ষাৰ্থীলৈ অসংখ্য লোকে এতিয়া প্ৰতিদিনে মাতিছে নিজৰ আওমৰণ। উদ্বেগজনক কথাটো হৈছে যে, এই হাৰ এতিয়া বৃদ্ধি পাইছে। কেন্দ্ৰীয় চৰকাৰৰ এটা সংস্থাই এই তথ্য শেহতীয়াকৈ প্ৰকাশ কৰিছে। দ্য নেচনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰো (এনচিআৰবি)এ শেহতীয়াকৈ প্ৰকাশ কৰা অনুসৰি দেশত কৃষক-শ্ৰমিক তথা শিক্ষাৰ্থীৰ আত্মহত্যাৰ হাৰ ২০১৯চনৰ তুলনাত ২০২০ চনত ভালেখিনি বৃদ্ধি পাইছে। ২০১৯ৰ তুলনাত ২০২০ চনত কৃষক আৰু কৃষি শ্ৰমিকৰ আত্মহত্যাৰ ঘটনা বৃদ্ধি পাইছে ১৮শতাংশ। ২০২০ চনত কৃষি খণ্ডৰে জড়িত মুঠ ১০,৬৭৭গৰাকী লোকে আত্মহত্যা কৰিছিল। মহাৰাষ্ট্ৰত সৰ্বাধিক ৪,০০৬জন কৃষকে আত্মহত্যা কৰিছিল। ২০২০ চনত আত্মহননৰ পথ বাছি লোৱা ৫,৫৭৯গৰাকী আছিল কৃষক আৰু ৫০৯৮গৰাকী কৃষি শ্ৰমিক। কৃষিখণ্ডল অহা বিভিন্ন প্ৰত্যাহ্বানেই এতিয়া এইসকল লোকক আত্মহত্যা কৰিবলৈ বাধ্য কৰোঁৱা বুলি ধাৰণা কৰা হৈছে।

ছাত্ৰ-ছাত্ৰীৰ আত্মহত্যাৰো এক উদ্বেগজনক তথ্য শেহতীয়াকৈ পোহৰলৈ আহিছে। কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ প্ৰকাশ কৰা তথ্য অনুসৰি ২০২০চনত ভাৰতত ১,৫৩,০৫২টা শিক্ষাৰ্থীৰ আত্মহত্যাৰ ঘটনা সংঘটিত হৈছে। দৈনিক গড়ে ৪১৮জন শিক্ষাৰ্থীয়ে আত্মহত্যা কৰিছে দেশত। ২০১৯চনৰ তুলনাত ২০২০ চনত আত্মহত্যা কৰা শিক্ষাৰ্থীৰ সংখ্যা বেছি। ২০১৯চনত ১,৩৯,১২৩জন শিক্ষাৰ্থীয়ে আত্মহত্যা কৰিছিল। দ্য নেচনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰো (এনচিআৰবি)এ তেওঁলোকৰ বাৰ্ষিক প্ৰতিবেদনত এই তথ্য প্ৰকাশ কৰিছে। এই প্ৰতিবেদনত প্ৰকাশ পোৱা অনুসৰি দেশত প্ৰতি এক লাখ লোকৰ মাজত আত্মহত্যাৰ হাৰো বৃদ্ধি পাইছে। ২০১৯ত এই হাৰ ১০.৪ শতাংশ হোৱাৰ বিপৰীতে ২০২০ত এই হাৰ হৈছেগৈ ১১.৩শতাংশ। কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ৰ অধীনৰ সংস্থা এনচিআৰবি-এ এই উদ্বেগজনক তথ্যও প্ৰকাশ কৰিছে তেওঁলোকৰ বাৰ্ষিক প্ৰতিবেদনতে।

বিগত বৰ্ষটোত আত্মহত্যা কৰা শিক্ষাৰ্থীৰ ভিতৰত সৰ্বাধিক শিক্ষাৰ্থী হৈছে মহাৰাষ্ট্ৰৰ। মহাৰাষ্ট্ৰৰ ১৯,৯০৯জন শিক্ষাৰ্থীয়ে আত্মহত্যা কৰিছে ২০২০ চনত। আনহাতে বছৰটোত তামিলনাডুৰ ১৬,৮৮৩জন, মধ্যপ্ৰদেশৰ ১৪,৫৭৮জন, পশ্চিমবংগৰ ১৩,১০৩জন আৰু কৰ্ণাটকৰ ১২,২৫৯জন শিক্ষাৰ্থীয়ে আত্মহত্যা কৰিছে। এই পাঁচখন ৰাজ্যতে দেশৰ আত্মহত্যাকৰা মুঠ শিক্ষাৰ্থীৰ ৫০.১শতাংশই নিজৰ আওমৰণ মাতিছে। ইয়াৰ বিপৰীতে দেশৰ আন আন ৰাজ্য আৰু কেন্দ্ৰশাসিত প্ৰদেশসমূহক ৪০.৯শতাংশ আত্মহত্যাৰ ঘটনা সংঘটিত হৈছে। তাৎপৰ্যপূৰ্ণভাৱে দেশক আটাইতকৈ জনবহুল ৰাজ্য উত্তৰ প্ৰদেশত এনে আত্মহত্যাৰ হাৰ তুলনামূলকভাৱে নিম্ন অৰ্থাৎ ৩.১শতাংশ। ইয়াৰ বিপৰীতে দিল্লীত সংঘটিত হৈছে ৩,১৪২টা আত্মহত্যাৰ ঘটনা। কেন্দ্ৰশাসিত প্ৰদেশসমূহৰ ভিতৰত দিল্লীতে সংঘটিত হৈছে সৰ্বাধিকসংখ্যক শিক্ষাৰ্থীৰ আত্মহত্যাৰ ঘটনা। পুডুচেৰীত সংঘটিত হৈছে ৪০৮টা আত্মহত্যাৰ ঘটনা। বিগত বৰ্ষটোত ৫৩খন বৃহৎ মহানগৰত ২৩,৮৫৫জন শিক্ষাৰ্থীয়ে আত্মহত্যা কৰিছে। এই মহানগৰসমূহত আত্মহত্যাৰ হাৰ ১৪.৮ শতাংশ । এয়া ৰাষ্ট্ৰীয় হাৰ ১১.৩ শতাংশতকৈও অধিক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
নাটোৰ ভাবুকিৰ মাজতে ৰাছিয়া-ভাৰত-চীনৰ ত্রিদেশীয় জোঁট পুনৰুজ্জীৱিতকৰণৰ প্ৰচেষ্টা
আমেৰিকাৰ অধিকাংশ প্রাপ্তবয়স্ক লোকক উপকৃত কৰা নাই ট্রাম্পৰ নীতিয়ে
ATMৰ পৰা পইছা উলিওৱাৰ সময়ত আপুনি কৰে নেকি এইকেইটা কাম ? যদি কৰে পৰিব আপোনাৰ ভয়ংকৰ বিপদ
বিমান উৰণৰ পূৰ্বে পায়লটে ব্যৱহাৰ কৰিব নোৱাৰে এইকেইটা বস্তু ; জানো আহক কি এই বিশেষ বস্তু...
দিল্লীৰ ২০খন বিদ্যালয়ত বোমাৰ ভাবুকি, তৎপৰতাৰে আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনী উপস্থিত
আপুনি চাহ ভাল পাই নে ? যদি ভাল পাই তেন্তে জীৱনত এবাৰ হ'লেও চাই আহক এইসমূহ ঠাই
ইংলেণ্ডত শুভমন গিলৰ অভিলেখৰ জোৱাৰ; এইবাৰ ভংগ কৰিলে কোহলীৰ ৰেকৰ্ড
অমৰনাথ গুহাত পাৰযোৰৰ ৰহস্য আঁৰৰ বিষয়ে জানো আহক..
আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ আক্ৰমণ ; নয়ন অসমৰ মৃত্যু, ১৯গৰাকী কেডাৰ আহত
স্বদেশলৈ উভতিল পেৰাচাইক্লিষ্ট ৰাকেশ বণিক
শিৱাজীয়ে নিৰ্মাণ কৰা ১২টা দুর্গই লাভ কৰিলে 'বিশ্ব ঐতিহ্য'ৰ স্বীকৃতি
হেমপ্রভা চুতীয়াৰ হাতত পুনৰ প্ৰাণ পাই উঠিব ষষ্ঠখন ধর্মগ্রন্থই
কেন্দ্ৰৰ বঞ্চনাত বন্ধ হ'ল টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগ
নাছাৰ দুই সহস্রাধিক কৰ্মচাৰীক চাটাই কৰিব ট্রাম্পে