--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : জেএনএইউত পুনৰ সংঘাতৰ উকমুকনি। এইবাৰ এখন তথ্যচিত্ৰ প্ৰদৰ্শনক কেন্দ্ৰ কৰি সংঘাতত লিপ্ত হ’ল জেএনইউ কৰ্তৃপক্ষ আৰু বিশ্বাবিদ্যালয়খনৰ ছাত্ৰ একতা সভা। জেএনইউত শিক্ষাৰ্থী আৰু কৰ্তৃপক্ষৰ মাজৰ সংঘাত নতুন কথা নহয় যদিও এখন তথ্যচিত্ৰক লৈ এনে সংঘাতপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হোৱাটো তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে। শনিবাৰে এই সংঘাতৰ সূত্ৰপাত হয় আৰু ইয়াৰ প্ৰতিক্ৰিয়া এতিয়াও অব্যাহত আছে। শনিবাৰে ‘ৰাম কে নাম’ নামৰ এখন তথ্যচিত্ৰ প্ৰচাৰৰ ব্যৱস্থা কৰিছিল বিশ্ববিদ্যালয়খনৰ ছাত্ৰ একতা সভাই। কিন্তু তথ্যচিত্ৰখন প্ৰচাৰ কৰাত বাধা আৰোপ কৰে কৰ্তৃপক্ষই। এই লৈ ছাত্ৰ একতা সভাৰ সদ্যসকলৰ সৈতে বিৰোধৰ সৃষ্টি হয় কৰ্তৃপক্ষৰ।

ছাত্ৰ-ছাত্ৰীসকল তথ্যচিত্ৰখন প্ৰচাৰ কৰাৰ বাবে আকোৰগোঁজ হৈ ৰয়। ইফালে, কৰ্তৃপক্ষৰ মতে এই তথ্যচিত্ৰ প্ৰচাৰ হ’লে বিশ্ববিদ্যালয়ৰ শান্তি বিঘ্নিত হ’ব পাৰে। শিক্ষাৰ্থীসকলে তথ্যচিত্ৰখন প্ৰচাৰ কৰাৰ বাবে কৰ্তৃপক্ষৰ পৰা যাৱতীয় অনুমতি নোলোৱা বুলি অভিযোগ কৰে। ইফালে শিক্ষাৰ্থীসকলে যুক্তি দিয়ে যে ‘ৰাম কে নাম’ ১৯৯২চনতে মুক্তিলাভ কৰা এখন ছবি আৰু এই তথ্যচিত্ৰখনে পৰৱৰ্তী সময়ত ভালেমান ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পুৰস্কাৰো লাভ কৰিছিল। গতিকে ছবিখনৰ পৰা শান্তি বিঘ্নিত হোৱাৰ কোনো কথা নাই।

কৰ্তৃপক্ষৰ বাধাৰ মাজতে শিক্ষাৰ্থীসকলে নিশা ৯বজাত জেএনইউত তথ্যচিত্ৰখনৰ প্ৰদৰ্শন আৰম্ভ কৰে। কৰ্তৃপক্ষই সেই সময়ত ভালেমান আৰক্ষীৰ লোকক সেই স্থানলৈ পঠিয়ায় যদিও ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ স্থিতিত অলৰ-অচৰ হৈ ৰয়। জেএনইউ ছাত্ৰ একতা সভাৰ সভাপতি ঐশী ঘোষে অভিযোগ কৰিছে যে, আৰক্ষীৰ লোক এই ছবিৰ প্ৰদৰ্শন শেষ নোহোৱালৈ সেই স্থানতে ৰৈ থাকে। নিশা চাৰে এঘাৰ বজালৈ এই ছবি প্ৰদৰ্শন কৰা হয়। উল্লেখ্য যে, বাবৰি মছজিদ কাণ্ডক এই তথ্যচিত্ৰত তুলি ধৰিছে পৰিচালক আনন্দ পটবৰ্ধনে। ১৯৯২চনৰ ৬ ডিচেম্বৰত দেশক জোকাৰি যোৱা এই ঘটনা সংঘটিত হৈছিল সেই ঘটনাক তথ্যচিত্ৰখনত তুলি ধৰা হৈছিল।

আৰু পঢ়কঃ সাৱধান অসমবাসী! আহি আছে জাৱাদ


FOLLOW US F
POPULAR
FEATURE
TRENDY
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা