--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : জেএনএইউত পুনৰ সংঘাতৰ উকমুকনি। এইবাৰ এখন তথ্যচিত্ৰ প্ৰদৰ্শনক কেন্দ্ৰ কৰি সংঘাতত লিপ্ত হ’ল জেএনইউ কৰ্তৃপক্ষ আৰু বিশ্বাবিদ্যালয়খনৰ ছাত্ৰ একতা সভা। জেএনইউত শিক্ষাৰ্থী আৰু কৰ্তৃপক্ষৰ মাজৰ সংঘাত নতুন কথা নহয় যদিও এখন তথ্যচিত্ৰক লৈ এনে সংঘাতপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হোৱাটো তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে। শনিবাৰে এই সংঘাতৰ সূত্ৰপাত হয় আৰু ইয়াৰ প্ৰতিক্ৰিয়া এতিয়াও অব্যাহত আছে। শনিবাৰে ‘ৰাম কে নাম’ নামৰ এখন তথ্যচিত্ৰ প্ৰচাৰৰ ব্যৱস্থা কৰিছিল বিশ্ববিদ্যালয়খনৰ ছাত্ৰ একতা সভাই। কিন্তু তথ্যচিত্ৰখন প্ৰচাৰ কৰাত বাধা আৰোপ কৰে কৰ্তৃপক্ষই। এই লৈ ছাত্ৰ একতা সভাৰ সদ্যসকলৰ সৈতে বিৰোধৰ সৃষ্টি হয় কৰ্তৃপক্ষৰ।

ছাত্ৰ-ছাত্ৰীসকল তথ্যচিত্ৰখন প্ৰচাৰ কৰাৰ বাবে আকোৰগোঁজ হৈ ৰয়। ইফালে, কৰ্তৃপক্ষৰ মতে এই তথ্যচিত্ৰ প্ৰচাৰ হ’লে বিশ্ববিদ্যালয়ৰ শান্তি বিঘ্নিত হ’ব পাৰে। শিক্ষাৰ্থীসকলে তথ্যচিত্ৰখন প্ৰচাৰ কৰাৰ বাবে কৰ্তৃপক্ষৰ পৰা যাৱতীয় অনুমতি নোলোৱা বুলি অভিযোগ কৰে। ইফালে শিক্ষাৰ্থীসকলে যুক্তি দিয়ে যে ‘ৰাম কে নাম’ ১৯৯২চনতে মুক্তিলাভ কৰা এখন ছবি আৰু এই তথ্যচিত্ৰখনে পৰৱৰ্তী সময়ত ভালেমান ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পুৰস্কাৰো লাভ কৰিছিল। গতিকে ছবিখনৰ পৰা শান্তি বিঘ্নিত হোৱাৰ কোনো কথা নাই।

কৰ্তৃপক্ষৰ বাধাৰ মাজতে শিক্ষাৰ্থীসকলে নিশা ৯বজাত জেএনইউত তথ্যচিত্ৰখনৰ প্ৰদৰ্শন আৰম্ভ কৰে। কৰ্তৃপক্ষই সেই সময়ত ভালেমান আৰক্ষীৰ লোকক সেই স্থানলৈ পঠিয়ায় যদিও ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ স্থিতিত অলৰ-অচৰ হৈ ৰয়। জেএনইউ ছাত্ৰ একতা সভাৰ সভাপতি ঐশী ঘোষে অভিযোগ কৰিছে যে, আৰক্ষীৰ লোক এই ছবিৰ প্ৰদৰ্শন শেষ নোহোৱালৈ সেই স্থানতে ৰৈ থাকে। নিশা চাৰে এঘাৰ বজালৈ এই ছবি প্ৰদৰ্শন কৰা হয়। উল্লেখ্য যে, বাবৰি মছজিদ কাণ্ডক এই তথ্যচিত্ৰত তুলি ধৰিছে পৰিচালক আনন্দ পটবৰ্ধনে। ১৯৯২চনৰ ৬ ডিচেম্বৰত দেশক জোকাৰি যোৱা এই ঘটনা সংঘটিত হৈছিল সেই ঘটনাক তথ্যচিত্ৰখনত তুলি ধৰা হৈছিল।

আৰু পঢ়কঃ সাৱধান অসমবাসী! আহি আছে জাৱাদ


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ