--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বিশ্বত কৰ’না ভাইৰাছৰ আতংক মাৰ নৌযাওঁতেই এইবাৰ অ’মিক্ৰন ভাইৰাছৰ আতংকই বিশ্ববাসীক এক অনিশ্চিত ভৱিষ্যতৰ দিশলৈ ঠেলি দিছে৷ নতুন প্ৰজাতিৰ এই ভাইৰাছ ‘delta’তকৈয়ো অধিক ভয়ংকৰ বুলি বিশ্ব স্বাস্থ্য সংস্থাই সদৰী কৰিছে৷ দক্ষিণ আফ্ৰিকাত এই ভাইৰাছৰ অৱস্থিতি পোৱাৰ মাত্ৰ ১২ দিনৰ ভিতৰত বিশ্বৰ ৪০ খন দেশলৈ এই ভাইৰাছ বিয়পি পৰিছে৷ শেহতীয়াভাৱে নেদাৰলেণ্ড, ইংলেণ্ড, জাৰ্মানী, ইটালী, হংকং, ইজৰাইল, বেলজিয়াম, চেক গণৰাজ্যত ধৰা পৰিছে অ’মিক্ৰনত আক্ৰান্ত লোক। বিশ্বত ক’ভিড ১৯ ৰ তৃতীয় ঢৌ আশংকা মাৰ নাযাওতেই অ’মিক্ৰনৰ আতংকই এতিয়া বিশ্ববাসীক চিন্তিত কৰি তুলিছে৷


দেশৰ স্বাস্থ্য মন্ত্ৰণালয়ৰ পৰা দেশৰ জনসাধাৰণক পূৰ্বৰে পৰা সৰ্তকতা জাৰি কৰি আহিছে যদিও দেশৰ গৰিষ্ঠ সংখ্যক লোকে পাহৰি পেলালে ক’ভিড মহামাৰীৰ নিয়মাৱলী সৰ্ম্পকে৷ শেহতীয়াকৈ ভাৰতৰ ক্ষেত্ৰত প্ৰকাশ পোৱা এক উদ্বেগজনক তথ্যই বাৰুকৈয়ে চিন্তাত পেলাইছে বিশেষজ্ঞসকলক৷ তথ্য অনুসৰি ভাৰতত কেৱল ২ শতাংশ লোকে বৰ্তমান মাস্ক পৰিধান কৰে৷

এপ্ৰিলত চলোৱা এই জৰীপটোৱে ভাৰতৰ ৩৬৪ খন জিলাত বাস কৰা নাগৰিকৰ ২৫,০০০ ৰো অধিক লোকৰ সঁহাৰি লাভ কৰিছিল। ডিজিটেল সম্প্ৰদায়ৰ আধাৰিত প্লেটফৰ্ম লোকেল চাৰ্কেলৰ দ্বাৰা এই জৰীপ চলোৱা হৈছিল৷ ক’ভিডৰ দ্বিতীয় ঢৌ শা্ম কটাৰ সময়ত ২৯ শতাংশ নাগৰিকে মাস্ক পৰিধান কৰিছিল । ছেপ্টেম্বৰত ই শতাংশ ১২ শতাংশলৈ হ্ৰাস পাইছিল, আৰু নৱেম্বৰত মাত্ৰ ২ শতাংশলৈ হ্ৰাস পাইছিল।


উল্লেখ্য যে, কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু জিলা প্ৰশাসনে অ’মিক্ৰন প্ৰকাৰৰ বিষয়ে পোহৰলৈ অহাৰ পাছত সজাগতা লগতে প্ৰয়োজনীয় স্বাস্থ্যবিধি মানি চলাৰ লগতে জৰিমনা পৰ্যন্ত বিহা পাছতো এই পৰ্যন্ত জনসাধাৰণ সজাগ আৰু সচেতন হোৱা নাই৷ বিশ্বৰ বিভিন্ন দেশৰ বিজ্ঞানী আৰু এপিডেমিঅ'লজিষ্টসকলে অ’মিক্ৰনক লৈ ৰঙা পতাকা উত্তোলন কৰে৷ উল্লেখ্য যে, ভাৰতৰ কৰ্ণাটকত অ’মিক্ৰনৰ প্ৰথম দুজন আক্ৰান্ত লোক ধৰা পৰিছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম