--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বিশ্বত কৰ’না ভাইৰাছৰ আতংক মাৰ নৌযাওঁতেই এইবাৰ অ’মিক্ৰন ভাইৰাছৰ আতংকই বিশ্ববাসীক এক অনিশ্চিত ভৱিষ্যতৰ দিশলৈ ঠেলি দিছে৷ নতুন প্ৰজাতিৰ এই ভাইৰাছ ‘delta’তকৈয়ো অধিক ভয়ংকৰ বুলি বিশ্ব স্বাস্থ্য সংস্থাই সদৰী কৰিছে৷ দক্ষিণ আফ্ৰিকাত এই ভাইৰাছৰ অৱস্থিতি পোৱাৰ মাত্ৰ ১২ দিনৰ ভিতৰত বিশ্বৰ ৪০ খন দেশলৈ এই ভাইৰাছ বিয়পি পৰিছে৷ শেহতীয়াভাৱে নেদাৰলেণ্ড, ইংলেণ্ড, জাৰ্মানী, ইটালী, হংকং, ইজৰাইল, বেলজিয়াম, চেক গণৰাজ্যত ধৰা পৰিছে অ’মিক্ৰনত আক্ৰান্ত লোক। বিশ্বত ক’ভিড ১৯ ৰ তৃতীয় ঢৌ আশংকা মাৰ নাযাওতেই অ’মিক্ৰনৰ আতংকই এতিয়া বিশ্ববাসীক চিন্তিত কৰি তুলিছে৷


দেশৰ স্বাস্থ্য মন্ত্ৰণালয়ৰ পৰা দেশৰ জনসাধাৰণক পূৰ্বৰে পৰা সৰ্তকতা জাৰি কৰি আহিছে যদিও দেশৰ গৰিষ্ঠ সংখ্যক লোকে পাহৰি পেলালে ক’ভিড মহামাৰীৰ নিয়মাৱলী সৰ্ম্পকে৷ শেহতীয়াকৈ ভাৰতৰ ক্ষেত্ৰত প্ৰকাশ পোৱা এক উদ্বেগজনক তথ্যই বাৰুকৈয়ে চিন্তাত পেলাইছে বিশেষজ্ঞসকলক৷ তথ্য অনুসৰি ভাৰতত কেৱল ২ শতাংশ লোকে বৰ্তমান মাস্ক পৰিধান কৰে৷

এপ্ৰিলত চলোৱা এই জৰীপটোৱে ভাৰতৰ ৩৬৪ খন জিলাত বাস কৰা নাগৰিকৰ ২৫,০০০ ৰো অধিক লোকৰ সঁহাৰি লাভ কৰিছিল। ডিজিটেল সম্প্ৰদায়ৰ আধাৰিত প্লেটফৰ্ম লোকেল চাৰ্কেলৰ দ্বাৰা এই জৰীপ চলোৱা হৈছিল৷ ক’ভিডৰ দ্বিতীয় ঢৌ শা্ম কটাৰ সময়ত ২৯ শতাংশ নাগৰিকে মাস্ক পৰিধান কৰিছিল । ছেপ্টেম্বৰত ই শতাংশ ১২ শতাংশলৈ হ্ৰাস পাইছিল, আৰু নৱেম্বৰত মাত্ৰ ২ শতাংশলৈ হ্ৰাস পাইছিল।


উল্লেখ্য যে, কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু জিলা প্ৰশাসনে অ’মিক্ৰন প্ৰকাৰৰ বিষয়ে পোহৰলৈ অহাৰ পাছত সজাগতা লগতে প্ৰয়োজনীয় স্বাস্থ্যবিধি মানি চলাৰ লগতে জৰিমনা পৰ্যন্ত বিহা পাছতো এই পৰ্যন্ত জনসাধাৰণ সজাগ আৰু সচেতন হোৱা নাই৷ বিশ্বৰ বিভিন্ন দেশৰ বিজ্ঞানী আৰু এপিডেমিঅ'লজিষ্টসকলে অ’মিক্ৰনক লৈ ৰঙা পতাকা উত্তোলন কৰে৷ উল্লেখ্য যে, ভাৰতৰ কৰ্ণাটকত অ’মিক্ৰনৰ প্ৰথম দুজন আক্ৰান্ত লোক ধৰা পৰিছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা