--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: প্ৰেম আৰু সংগী, জীৱনৰ বাবে অতি প্ৰয়োজনীয়৷ প্ৰেমে ‘জীৱন’ মধুময় কৰি তোলে আৰু সংগীয়ে আধৰুৱা জীৱন পূৰ্ণ কৰে৷ এনেসময়ত যদি সেই সম্পৰ্কত কেতিয়াবা ফাঁট মেলে, দূৰত্ব বাঢ়ে তেনেহ’লে কি কৰিব আপুনি? দীঘলীয়া সময়ৰ বাবে সম্পৰ্কত থকিলে সম্পৰ্কতো একঘেয়ামী হ’বলৈ আৰম্ভ কৰে। কিন্তু কিছু প্ৰতিক্ৰিয়াই সম্পৰ্কবোৰ ধৰি ৰাখিবলৈ সুযোগ দিয়ে। সম্পৰ্কবোৰ মধুৰভাৱে থাকিবলৈ কথা পতাটো আৱশ্যক। কথা পাতি বহুতো সমস্যা সমাধান কৰা হয়। কথা কওঁতে মনৰ ভিতৰত লুকাই থকা বহু সমস্যা ওলাই আহে। মনত লগা আঘাতবোৰৰ কথা খুলি কওক, যিয়ে আপোনাক দীৰ্ঘদিন ধৰি আঘাত কৰি আহিছে। বিশ্বাস কৰক, আপুনি যথেষ্ট সকাহ পাব। তৃতীয় ব্যক্তি এজনৰ মধ্যস্থতা আপোনালোকৰ মাজত কেতিয়াও সহ্য নকৰিব। মনত ৰাখিব, সম্পৰ্কটো আপোনালোক দুয়োৰে মাজৰ। তাত তৃতীয় ব্যক্তিজনৰ মতামত আপোনাৰ বিপৰীত ফালৰ লোকসকলৰ বাবে অহংকাৰৰ কাৰণ হ’ব পাৰে। কেইদিনমানৰ বাবে দুয়ো একেলগে চহৰৰ বাহিৰলৈ ক’ৰবালৈ যাওক। এই পৰিৱৰ্তনে আপোনাৰ সম্পৰ্ক ভাল আৰু মধুময় কৰি তুলিব পাৰে। আপোনাৰ প্ৰেম আৰম্ভ হোৱা ঠাইলৈ যাওক, মাজে মাজে। এইটো এখন মহাবিদ্যালয়ৰ কেণ্টিন বা পুৰণি কাৰ্যালয় হ’ব পাৰে। আপুনি দেখিব যে আপোনাৰ পুৰণি স্মৃতিবোৰ সতেজ হৈ পৰিব। কোনো পুৰণি বিভ্ৰান্তি বা কাজিয়া নকৰিবলৈ চেষ্টা কৰিব। যেতিয়া এজন ব্যক্তি খং কৰে, আনজন নীৰৱ হৈ থাকিব। ই আপোনাৰ সম্পৰ্কৰ দূৰত্ব নোহোৱা উন্নত কৰিব। new pca banner
FOLLOW US F
POPULAR
FEATURE
TRENDY
শিল্পীকা বৰদলৈৰ ৰাষ্ট্ৰীয় স্বীকৃতিক লৈ উৎফুল্ল যোৰহাটবাসী
ৰাছিয়াৰ কাষত মার্কিন পাৰমাণৱিক ছাবমেৰিন মোতায়েনৰ নিৰ্দেশ
ড° নগেন শইকীয়া, চৈয়দ চাদুল্লাক বাসগৃহতে সাক্ষাৎ সোণোৱালৰ
ৰঙিয়াৰ জৱাহৰ নৱোদয় বিদ্যালয়ত জঘন্য ঘটনা ; ষষ্ঠ শ্ৰেণীৰ ছাত্ৰৰ ওপৰত যৌন উৎপীড়ন
শীঘ্ৰেই ভাৰতৰ মানচিত্ৰৰ পৰা অদৃশ্য হ'ব হিমাচল প্রদেশ
প্ৰসংগ: ডিব্ৰুগড়ৰ উত্তম গগৈৰ হত্যাকাণ্ড ; ছুপাৰি কিলাৰক ১০ লাখ টকা দি হত্যা ব্যৱসায়ীজনক...