--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: প্ৰেম আৰু সংগী, জীৱনৰ বাবে অতি প্ৰয়োজনীয়৷ প্ৰেমে ‘জীৱন’ মধুময় কৰি তোলে আৰু সংগীয়ে আধৰুৱা জীৱন পূৰ্ণ কৰে৷ এনেসময়ত যদি সেই সম্পৰ্কত কেতিয়াবা ফাঁট মেলে, দূৰত্ব বাঢ়ে তেনেহ’লে কি কৰিব আপুনি? দীঘলীয়া সময়ৰ বাবে সম্পৰ্কত থকিলে সম্পৰ্কতো একঘেয়ামী হ’বলৈ আৰম্ভ কৰে। কিন্তু কিছু প্ৰতিক্ৰিয়াই সম্পৰ্কবোৰ ধৰি ৰাখিবলৈ সুযোগ দিয়ে। সম্পৰ্কবোৰ মধুৰভাৱে থাকিবলৈ কথা পতাটো আৱশ্যক। কথা পাতি বহুতো সমস্যা সমাধান কৰা হয়। কথা কওঁতে মনৰ ভিতৰত লুকাই থকা বহু সমস্যা ওলাই আহে। মনত লগা আঘাতবোৰৰ কথা খুলি কওক, যিয়ে আপোনাক দীৰ্ঘদিন ধৰি আঘাত কৰি আহিছে। বিশ্বাস কৰক, আপুনি যথেষ্ট সকাহ পাব। তৃতীয় ব্যক্তি এজনৰ মধ্যস্থতা আপোনালোকৰ মাজত কেতিয়াও সহ্য নকৰিব। মনত ৰাখিব, সম্পৰ্কটো আপোনালোক দুয়োৰে মাজৰ। তাত তৃতীয় ব্যক্তিজনৰ মতামত আপোনাৰ বিপৰীত ফালৰ লোকসকলৰ বাবে অহংকাৰৰ কাৰণ হ’ব পাৰে। কেইদিনমানৰ বাবে দুয়ো একেলগে চহৰৰ বাহিৰলৈ ক’ৰবালৈ যাওক। এই পৰিৱৰ্তনে আপোনাৰ সম্পৰ্ক ভাল আৰু মধুময় কৰি তুলিব পাৰে। আপোনাৰ প্ৰেম আৰম্ভ হোৱা ঠাইলৈ যাওক, মাজে মাজে। এইটো এখন মহাবিদ্যালয়ৰ কেণ্টিন বা পুৰণি কাৰ্যালয় হ’ব পাৰে। আপুনি দেখিব যে আপোনাৰ পুৰণি স্মৃতিবোৰ সতেজ হৈ পৰিব। কোনো পুৰণি বিভ্ৰান্তি বা কাজিয়া নকৰিবলৈ চেষ্টা কৰিব। যেতিয়া এজন ব্যক্তি খং কৰে, আনজন নীৰৱ হৈ থাকিব। ই আপোনাৰ সম্পৰ্কৰ দূৰত্ব নোহোৱা উন্নত কৰিব। new pca banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
পাকিস্তানৰ ৪খন অশান্ত প্ৰদেশক খণ্ড খণ্ড কৰাৰ পৰিকল্পনা আছিম মুনিৰৰ
গুৱাহাটী আৰু শিলচৰৰ পাছত এইবাৰ গোৱালপাৰাত গ্ৰেপ্তাৰ ১২ বাংলাদেশী নাগৰিক
মন্দিয়াত ই-ৰিক্সা হঠাৎ বাগৰি পৰি থিতাতে নিহত কণমানি ছাত্ৰী; কেইবাগৰাকীও ছাত্ৰ-ছাত্ৰী গুৰুতৰভাৱে আহত
২ লাখ ভাৰতীয়ই আমেৰিকাত হেৰুৱাব ভোটাধিকাৰ!
অসমৰ ভ্ৰাম্যমাণ নাট্যজগতলৈ দুঃখবৰ! কহিনুৰ থিয়েটাৰ বন্ধ কৰাৰ ইংগিত প্ৰযোজক তপন লহকৰৰ
আজি মহালয়া; শাৰদীয় দুৰ্গোৎসৱৰ আগমনিৰ বতৰা
কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্বপূর্ণ পদক্ষেপ; চীন সীমান্তৰ নতুন মানচিত্ৰ ভাৰতৰ
হোজাইৰ নভঙাত চাঞ্চল্যকৰ ঘটনা! পৰকীয়া প্ৰেমৰ বাবে এগৰাকী বোৱাৰীক হত্যা যুৱকৰ
‘গ্ল’বেল হেলথ এষ্টিমেট্‌ছ’ৰ প্রতিবেদনত প্ৰকাশ; ৭১ বছৰলৈ বৃদ্ধি ভাৰতীয়ৰ গড় আয়ুস
ভাৰতৰ শান্তি প্রচেষ্টাক ইউক্রেইনৰ আদৰণি
তিনিদিন ধৰি নিৰুদ্দেশ বৰপেটাৰ যুৱতী অনন্যা নাথ; কান্দোনত ভাঙি পৰিছে পৰিয়াল
আৰক্ষীৰ তীব্ৰ অভিযানত হাটশিঙিমাৰীত গ্ৰেপ্তাৰ ১১ জনকৈ চোৰাং গৰু সৰবৰাহকাৰী
স্মিত মচ্চাৰক ইজৰাইলৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানলৈ আমন্ত্রণ প্ৰধানমন্ত্ৰী নেটান্যাহুৰ
বদৰপুৰঘাটত বিভিচিএল হেল্থ চেণ্টাৰত লায়ন্স ক্লাবৰ চতুৰ্থটো চকু পৰীক্ষা শিবিৰ