--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক এতি সৰৱ চৰ্চা সংবাদ মহলত৷ ৰাজ্যসভাৰ সাংসদ ৰঞ্জন গগৈয়ে কৰা এক বিতৰ্কিত মন্তব্যৰ পাছতে গগৈৰ বিৰুদ্ধে ৰাজ্যসভাত তৃণমূল কংগ্ৰেছ দলে বিশেষাধীকাৰ ভংগৰ জাননী প্ৰেৰণ কৰিছে৷ জানিব পৰা মতে প্ৰাক্তন মুখ্য ন্যায়াধীশ গগৈয়ে তেখেতৰ সদ্য প্ৰকাশিত আত্মজীৱনী "জাষ্টিছ ফ'ৰ জাজ-এন অটোবায়'গ্ৰাফী"- প্ৰচাৰৰ সময়ত কৰা এক মন্তব্যৰ পাছতে প্ৰেৰণ কৰিছে জাননী৷ তেঁও সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে যে, "মোৰ মন গ'লেই মই ৰাজ্যসভাত যাম৷ মই মনোনিত সদস্য৷ কোনো দলৰ নহয়৷"

গগৈৰ এই মন্তব্যৰ পাছতে ৰাজ্যসভাক অসন্মান কৰা হৈছে বুলি অভিযোগ কৰে তৃণমূলৰ সদস্যই৷ ক'ভিডৰ সময়ছোৱাতো ৰাজ্যসভাত সন্মুখীন হোৱা বিভিন্ন অসুবিধাৰ কথাও উল্লেখ কৰে সাংসদগৰাকীয়ে৷ ক'ভিডৰ সময়ছোৱাত কেৱল মাত্ৰ আৰটিপিচিআৰ টেষ্ট কৰিয়ে দায়িত্ব সামৰা ৰাজ্যসভাৰ ভিতৰৰ আসনো সুবিধাজনক নোপোৱাৰ কেতবোৰ অভিযোগ উত্থাপন কৰিলে গগৈয়ে৷ সেয়েহে তেখেতে যেতিয়া ইচ্ছা কৰে তেতিয়াহে ৰাজ্যসভাত উপস্থিত হৈছিল বুলি উল্লেখ কৰে৷

ইয়াৰ উপৰি এগৰাকী নিৰ্দলীয় প্ৰাৰ্থী হিচাপে ৰাজ্যসভাত থকা ৰঞ্জন গগৈয়ে "মই ৰাজ্যসভাৰ পৰা এটকাও লোৱা নাই" বুলি মত প্ৰকাশ কৰে৷ উল্লেখ্য যে ২০২০ চনৰ মাৰ্চ মাহত ১০শতাংশতকৈও কয় উপস্থিত থকাৰ প্ৰমাণ দিছে ৰাজ্যসভাই৷ জানিব পৰা মতে তৃণমূল কংগ্ৰেছৰ দলৰ উপৰি অন্য বিৰোধী দলেও সাংসদগৰাকীৰ এনে মন্তব্যৰ বিৰোধীতা কৰিছে৷ পৰৱৰ্তী সময়ত এই সন্দৰ্ভত এক বৈঠকো অনুষ্ঠিত কৰিছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ