--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক এতি সৰৱ চৰ্চা সংবাদ মহলত৷ ৰাজ্যসভাৰ সাংসদ ৰঞ্জন গগৈয়ে কৰা এক বিতৰ্কিত মন্তব্যৰ পাছতে গগৈৰ বিৰুদ্ধে ৰাজ্যসভাত তৃণমূল কংগ্ৰেছ দলে বিশেষাধীকাৰ ভংগৰ জাননী প্ৰেৰণ কৰিছে৷ জানিব পৰা মতে প্ৰাক্তন মুখ্য ন্যায়াধীশ গগৈয়ে তেখেতৰ সদ্য প্ৰকাশিত আত্মজীৱনী "জাষ্টিছ ফ'ৰ জাজ-এন অটোবায়'গ্ৰাফী"- প্ৰচাৰৰ সময়ত কৰা এক মন্তব্যৰ পাছতে প্ৰেৰণ কৰিছে জাননী৷ তেঁও সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে যে, "মোৰ মন গ'লেই মই ৰাজ্যসভাত যাম৷ মই মনোনিত সদস্য৷ কোনো দলৰ নহয়৷"

গগৈৰ এই মন্তব্যৰ পাছতে ৰাজ্যসভাক অসন্মান কৰা হৈছে বুলি অভিযোগ কৰে তৃণমূলৰ সদস্যই৷ ক'ভিডৰ সময়ছোৱাতো ৰাজ্যসভাত সন্মুখীন হোৱা বিভিন্ন অসুবিধাৰ কথাও উল্লেখ কৰে সাংসদগৰাকীয়ে৷ ক'ভিডৰ সময়ছোৱাত কেৱল মাত্ৰ আৰটিপিচিআৰ টেষ্ট কৰিয়ে দায়িত্ব সামৰা ৰাজ্যসভাৰ ভিতৰৰ আসনো সুবিধাজনক নোপোৱাৰ কেতবোৰ অভিযোগ উত্থাপন কৰিলে গগৈয়ে৷ সেয়েহে তেখেতে যেতিয়া ইচ্ছা কৰে তেতিয়াহে ৰাজ্যসভাত উপস্থিত হৈছিল বুলি উল্লেখ কৰে৷

ইয়াৰ উপৰি এগৰাকী নিৰ্দলীয় প্ৰাৰ্থী হিচাপে ৰাজ্যসভাত থকা ৰঞ্জন গগৈয়ে "মই ৰাজ্যসভাৰ পৰা এটকাও লোৱা নাই" বুলি মত প্ৰকাশ কৰে৷ উল্লেখ্য যে ২০২০ চনৰ মাৰ্চ মাহত ১০শতাংশতকৈও কয় উপস্থিত থকাৰ প্ৰমাণ দিছে ৰাজ্যসভাই৷ জানিব পৰা মতে তৃণমূল কংগ্ৰেছৰ দলৰ উপৰি অন্য বিৰোধী দলেও সাংসদগৰাকীৰ এনে মন্তব্যৰ বিৰোধীতা কৰিছে৷ পৰৱৰ্তী সময়ত এই সন্দৰ্ভত এক বৈঠকো অনুষ্ঠিত কৰিছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন