--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কৰ’না ভাইৰাছৰ প্ৰাদূৰ্ভাৱে জোকাৰি গৈছিল সমগ্ৰ বিশ্বৰ অৰ্থনীতিক। এই মহামাৰীৰ প্ৰভাৱৰ বাবে বহুতে হেৰুৱাবলগীয়া হৈছে সংস্থাপন। সাধাৰণ মানুহৰ পৰা আৰম্ভ কৰি ডাঙৰ ব্যৱসায়ীলৈকে এই মহামাৰীৰ বাবে সকলোৱে বৃহৎ অৰ্থনৈতিক ক্ষতিৰ সন্মুখীন হৈছে। এতিয়া অৱশ্যে লাহে লাহে সুস্থিৰ হোৱা দেখা গৈছে পৰিস্থিতি। কিন্তু এটা ভাৰতীয় টকাৰ বাবে অধিক সহজে বহু ধনৰ গৰাকী হ’ব পাৰে আপুনি। অবিশ্বাস্য যেন লাগিলেও  এয়াই সত্য। পুৰণি নোট আৰু মুদ্ৰা আপোনাৰ সংগ্ৰহত আছে নেকি! তেনেহ’লে আপুনি সৌভাগ্যৱান।

বৰ্তমান যুগত বহুলোকে নিজৰ ৰুচি পূৰণৰ বাবে বিভিন্ন পুৰণি নোট আৰু মুদ্ৰা সংগ্ৰহ কৰি ৰাখে। কিন্তু বহুতে হয়তো নাজানে যে এই সকলো পুৰণি মুদ্ৰা আৰু নোট আন্তৰ্জাতিক বজাৰত নিলাম কৰা হয়। চৰা মূল্যত বিক্ৰী হয় ১ টকা, ২ টকা বা ৫ টকা মূল্যৰ পুৰণি নোট বা মুদ্ৰা। এখন নোট বা এটা মুদ্ৰাৰেই আপুনি হৈ পৰিব পাৰে কোটিপতি। সেয়েহে আৰু পলম নকৰি পুৰণি ৱালেট বা লক্ষ্মীৰ ভাণ্ডাৰৰ পৰা এই দুৰ্লভ মুদ্ৰা বিচাৰিবলৈ আৰম্ভ কৰক। ক'বতো নোৱাৰি যে কোনটো ২ টকা বা ৫ টকাৰ মুদ্ৰাই কপাল ফুলাই আপোনাৰ! 

শেহতীয়াকৈ পোহৰলৈ অহা খবৰ অনুসৰি,  ১৯৯৪ চনৰ পুৰণি ২ টকাৰ মুদ্ৰা যদি আপোনাৰ সৈতে আছে, তেনেহ’লে পলকতে আপুনি হৈ পৰিব পাৰে কোটিপতি। এনে মুদ্ৰা যদি আপোনাৰ ওচৰত আছে তেনেহ’লে অনলাইন ৱেবছাইট কুইকাৰ বা অ'এলএক্সত বিক্ৰী কৰি  লগে লগে ২ টকাৰ পৰিৱৰ্তে ৫লাখ টকালৈকে লাভ কৰিব পাৰে। কেনেকৈ আপুনি আপোনাৰ দুৰ্লভ মুদ্ৰাটো বিক্ৰী কৰিব-জানি লওক।

মুদ্ৰা বিক্ৰী কৰিবলৈ আপুনি প্ৰথমে কুইকাৰ বা অ'লক্সৰ ৱেবছাইটত ‘বিক্ৰেতা’ হিচাপে পঞ্জীয়ন কৰিব লাগিব। তাৰপাছত আপুনি ২ টকাৰ মুদ্ৰাৰ সন্মুখ আৰু পিছফালৰ ফটো তুলি আপলোড কৰিব লাগিব। যদি আপুনি পঞ্জীয়ন কৰাৰ সময়ত আপোনাৰ ব্যক্তিগত ফোন নম্বৰ আৰু ই-মেইল আই-ডি প্ৰদান কৰে, ক্ৰয় কৰিবলৈ ইচ্ছুক লোকসকলে পোনপটীয়াকৈ আপোনাৰ সৈতে যোগাযোগ কৰিব। কথাপতাৰ পাছত, আপুনি সিদ্ধান্ত ল'ব পাৰে যে মুদ্ৰাটো কিমান টকাত বিক্ৰী কৰিব লাগে আৰু ইয়াক ক'ত ডেলিভাৰী কৰিব লাগে। উল্লেখনীয় যে, প্ৰতিবেদনত প্ৰকাশ পোৱা অনুসৰি ২ টকাৰ মুদ্ৰাটো প্ৰথমে ১৯৮২ চনত ভাৰতলৈ আহিছিল। কপাৰ আৰু নিকেল ধাতুৰে নিৰ্মিত আছিল এই মুদ্ৰাটো। কিন্তু বিগত কেইবছৰমানত, এই মুদ্ৰাৰ ব্যৱহাৰ নোহোৱা হৈছে আৰু ই দুৰ্লভ মূদ্ৰাত পৰিণত হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন