--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কৰ’না ভাইৰাছৰ প্ৰাদূৰ্ভাৱে জোকাৰি গৈছিল সমগ্ৰ বিশ্বৰ অৰ্থনীতিক। এই মহামাৰীৰ প্ৰভাৱৰ বাবে বহুতে হেৰুৱাবলগীয়া হৈছে সংস্থাপন। সাধাৰণ মানুহৰ পৰা আৰম্ভ কৰি ডাঙৰ ব্যৱসায়ীলৈকে এই মহামাৰীৰ বাবে সকলোৱে বৃহৎ অৰ্থনৈতিক ক্ষতিৰ সন্মুখীন হৈছে। এতিয়া অৱশ্যে লাহে লাহে সুস্থিৰ হোৱা দেখা গৈছে পৰিস্থিতি। কিন্তু এটা ভাৰতীয় টকাৰ বাবে অধিক সহজে বহু ধনৰ গৰাকী হ’ব পাৰে আপুনি। অবিশ্বাস্য যেন লাগিলেও  এয়াই সত্য। পুৰণি নোট আৰু মুদ্ৰা আপোনাৰ সংগ্ৰহত আছে নেকি! তেনেহ’লে আপুনি সৌভাগ্যৱান।

বৰ্তমান যুগত বহুলোকে নিজৰ ৰুচি পূৰণৰ বাবে বিভিন্ন পুৰণি নোট আৰু মুদ্ৰা সংগ্ৰহ কৰি ৰাখে। কিন্তু বহুতে হয়তো নাজানে যে এই সকলো পুৰণি মুদ্ৰা আৰু নোট আন্তৰ্জাতিক বজাৰত নিলাম কৰা হয়। চৰা মূল্যত বিক্ৰী হয় ১ টকা, ২ টকা বা ৫ টকা মূল্যৰ পুৰণি নোট বা মুদ্ৰা। এখন নোট বা এটা মুদ্ৰাৰেই আপুনি হৈ পৰিব পাৰে কোটিপতি। সেয়েহে আৰু পলম নকৰি পুৰণি ৱালেট বা লক্ষ্মীৰ ভাণ্ডাৰৰ পৰা এই দুৰ্লভ মুদ্ৰা বিচাৰিবলৈ আৰম্ভ কৰক। ক'বতো নোৱাৰি যে কোনটো ২ টকা বা ৫ টকাৰ মুদ্ৰাই কপাল ফুলাই আপোনাৰ! 

শেহতীয়াকৈ পোহৰলৈ অহা খবৰ অনুসৰি,  ১৯৯৪ চনৰ পুৰণি ২ টকাৰ মুদ্ৰা যদি আপোনাৰ সৈতে আছে, তেনেহ’লে পলকতে আপুনি হৈ পৰিব পাৰে কোটিপতি। এনে মুদ্ৰা যদি আপোনাৰ ওচৰত আছে তেনেহ’লে অনলাইন ৱেবছাইট কুইকাৰ বা অ'এলএক্সত বিক্ৰী কৰি  লগে লগে ২ টকাৰ পৰিৱৰ্তে ৫লাখ টকালৈকে লাভ কৰিব পাৰে। কেনেকৈ আপুনি আপোনাৰ দুৰ্লভ মুদ্ৰাটো বিক্ৰী কৰিব-জানি লওক।

মুদ্ৰা বিক্ৰী কৰিবলৈ আপুনি প্ৰথমে কুইকাৰ বা অ'লক্সৰ ৱেবছাইটত ‘বিক্ৰেতা’ হিচাপে পঞ্জীয়ন কৰিব লাগিব। তাৰপাছত আপুনি ২ টকাৰ মুদ্ৰাৰ সন্মুখ আৰু পিছফালৰ ফটো তুলি আপলোড কৰিব লাগিব। যদি আপুনি পঞ্জীয়ন কৰাৰ সময়ত আপোনাৰ ব্যক্তিগত ফোন নম্বৰ আৰু ই-মেইল আই-ডি প্ৰদান কৰে, ক্ৰয় কৰিবলৈ ইচ্ছুক লোকসকলে পোনপটীয়াকৈ আপোনাৰ সৈতে যোগাযোগ কৰিব। কথাপতাৰ পাছত, আপুনি সিদ্ধান্ত ল'ব পাৰে যে মুদ্ৰাটো কিমান টকাত বিক্ৰী কৰিব লাগে আৰু ইয়াক ক'ত ডেলিভাৰী কৰিব লাগে। উল্লেখনীয় যে, প্ৰতিবেদনত প্ৰকাশ পোৱা অনুসৰি ২ টকাৰ মুদ্ৰাটো প্ৰথমে ১৯৮২ চনত ভাৰতলৈ আহিছিল। কপাৰ আৰু নিকেল ধাতুৰে নিৰ্মিত আছিল এই মুদ্ৰাটো। কিন্তু বিগত কেইবছৰমানত, এই মুদ্ৰাৰ ব্যৱহাৰ নোহোৱা হৈছে আৰু ই দুৰ্লভ মূদ্ৰাত পৰিণত হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
আমেৰিকাক পুটিনৰ সকীয়নি ; ভাৰত-চীনক দুৰ্বল কৰাৰ চেষ্টা নকৰিব
'চীনৰ হাতত ভাৰত-ৰাছিয়াক হেৰুৱাই পেলোৱা যেন লাগিছে'- ড’নাল্ড ট্ৰাম্প
এতিয়াৰ পৰা UPI-ত ৫ লাখ পৰ্যন্ত পেমেন্ট সহজ ! NPCI-এ বঢ়ালে UPI ৰ লেনদেনৰ সীমা
সত্যাগ্রহ, প্রতিলিপি দাহেৰে উত্তাল ৰাজ্য ; ২০২৪ চনলৈকে অমুছলমান বিদেশীক আশ্রয় দিয়া কেন্দ্ৰৰ অধিসূচনাৰ প্ৰতিবাদ
দেশৰ শীৰ্ষ দহখন ৰাজ্যিক চৰকাৰী বিশ্ববিদ্যালয়ৰ নৱমত গুৱাহাটী বিশ্ববিদ্যালয়
প্ৰেমিকাক ব্লেকমেইল, প্ৰেমিকাৰ হ' বলগীয়া দৰালৈ অশ্লীল ভিডিঅ' প্ৰেৰণ প্ৰেমিকৰ! চৰম সিদ্ধান্ত ল' লে প্ৰেমিকাই
গোৱালপাৰাত ভয়ংকৰ ডকাইতি কাণ্ড! দম্পতীক গুৰুতৰভাৱে আহত কৰি লুটি নিলে লাখ টকা নগদ ধনসহ সোণৰ অলংকাৰ
সকলো ঋতুতে চজিনাৰ গছে দিব ফল
ফ্রান্সত জিলিকিছে ডাঃ সুনয়না নেচাৰ বৰুৱা
শ্ৰীভূমিত শ্ৰেণীকোঠাত একাদশ শ্ৰেণীৰ ছাত্ৰৰ পকেটৰ পৰা উদ্ধাৰ আগ্নেয়াস্ত্র
৩-৪ ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব জিএছটি পৰিষদৰ ৫৬ সংখ্যক বৈঠক ; চৰকাৰৰ প্ৰস্তাৱক লৈ প্ৰশ্ন উত্থাপন কৰিব এই ৮খন ৰাজ্যই
ৰফিক আলীয়ে পলুৱাই নিছিল সন্তানসহ পৱন বৰ্মনৰ পত্নীক! নাগ্ৰীজুলি আৰক্ষীয়ে তামিলনাডুৰ পৰা কৰিলে উদ্ধাৰ
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনপ্ৰিয়তা হ্রাস, 'ইণ্ডিয়া টুডে'-'চি' ভোটাৰৰ মুড অব দ্য নেশ্যন'