--°C
Loading...
Listen to Article
2 min read
80%

লণ্ডনঃ আফগানিস্তানৰ সংকটৰ বিষয়ে আলোচনা কৰিবলৈ জি-৭ নেতাসকলৰ সৈতে বৈঠকৰ আহ্বান জনাইছে ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছনে। সম্প্ৰতি সৃষ্টি হোৱা সন্ত্ৰাসজৰ্জৰ সমস্যাৰ আওতাত মঙলবাৰে সমাধানৰ উপায় বিচাৰি আহ্বান জনাব বুলি জানিবলৈ পোৱা গৈছে।


জনছনে দেওবাৰে টুইটাৰত কয়, ‘সুৰক্ষিত স্থানান্তৰ নিশ্চিত কৰিবলৈ, মানৱীয় সংকট প্ৰতিহত কৰিবলৈ আৰু ২০ বছৰৰ নিৰাপত্তা লাভৰ বাবে আফগান লোকসকলক সমৰ্থন কৰাৰ বাবে আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ে একেলগে কাম কৰাটো অতি গুৰুত্বপূৰ্ণ। মই মঙলবাৰে আফগানিস্তানৰ পৰিস্থিতিৰ ওপৰত জৰুৰী আলোচনাৰ বাবে জি-৭ নেতাসকলক আহ্বান কৰিম।’


উল্লেখ্য যে, যুক্তৰাজ্যই বৰ্তমান ব্ৰিটেইন, কানাডা, ফ্ৰান্স, জাৰ্মানী, ইটালী, জাপান আৰু আমেৰিকা যুক্তৰাষ্ট্ৰক লৈ গঠিত ধনী ৰাষ্ট্ৰসমূহৰ গোটৰ অধ্যক্ষতা কৰি আহিছে। আনহাতে, জনছনে বিগত সপ্তাহৰ পৰা এখন বৈঠকৰ বাবে জোৰ দি আছে। পশ্চিমীয়া মিত্ৰশক্তিয়ে বিশৃংখল দৃশ্যৰ মাজত আফগানিস্তানৰ সংকটৰ সৈতে মোকাবিলা কৰাৰ বাবে বৰ্ধিত সমালোচনাৰ সন্মুখীন হোৱাও পৰিলক্ষিত হৈছে। এনে পৰিপ্ৰেক্ষিতত জনছনৰ আহ্বানে কেনে সঁহাৰি লাভ কৰে, সেয়াহে হ’ব লক্ষ্যণীয়! উল্লেখ্য যে, বৃহস্পতিবাৰে অনুষ্ঠিত এক ভাৰ্চুৱেল বৈঠকৰ পাছত জি-৭ৰ বৈদেশিক মন্ত্ৰীসকলে তালিবানসকলক ৰাজধানীৰ পৰা পলায়ন কৰিবলৈ চেষ্টা কৰা নাগৰিকৰ বাবে সুৰক্ষিত পথ প্ৰদান কৰিবলৈ আহ্বান জনাইছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ