--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ শীৰ্ষ টেলিকম কোম্পানী জিঅ’ই অহা ৩ জুলাইৰ পৰা ১২ৰ পৰা ২৭ শতাংশলৈ মোবাইল সেৱাৰ হাৰ বৃদ্ধি কৰিব। বৃহস্পতিবাৰে কোম্পানীটোৱে এক বিবৃতিত কয় যে একে সময়তে গ্ৰাহকৰ বাবে সীমাহীন বিনামূলীয়া ৫জি সেৱাৰ সুবিধা সীমিত হৈ পৰিছে। প্ৰায় ডেৰ-দুবছৰৰ ব্যৱধানৰ অন্তত জিঅ’ই প্ৰথমবাৰৰ বাবে মোবাইল সেৱাৰ হাৰ বৃদ্ধি কৰিবলৈ ওলাইছে। জিঅ’ৰ ৪৭ কোটিৰো অধিক মোবাইল গ্ৰাহক আছে আৰু ইয়াৰ বজাৰ অংশীদাৰিত্ব প্ৰায় ৪১ শতাংশ।

এই ক্ষেত্ৰৰ বিশেষজ্ঞসকলে আশা কৰা মতে স্পেকট্ৰম নিলামৰ লগে লগে এই বৃদ্ধি হৈছে। উদ্যোগ বিশেষজ্ঞসকলৰ মতে ভাৰতী এয়াৰটেল আৰু ভোডাফোন আইডিয়াইও শীঘ্ৰে মোবাইল সেৱাৰ হাৰ বৃদ্ধি কৰিব পাৰে।

ৰিলায়েন্স জিঅ’ ইনফ’কমৰ অধ্যক্ষ আকাশ এম আম্বানীয়ে বিবৃতিটোত কয় যে, ‘নতুন প্লেনৰ আৰম্ভণি ৫জি আৰু এআই প্ৰযুক্তিৰ বিনিয়োগৰ জৰিয়তে উদ্যোগৰ উদ্ভাৱন আৰু সেউজ বৃদ্ধিৰ দিশত এক পদক্ষেপ।’

কোম্পানীটোৱে প্ৰায় সকলো প্লেনতে মোবাইল সেৱাৰ হাৰ বৃদ্ধি কৰিছে। সৰ্বনিম্ন ৰিচাৰ্জৰ মূল্য ১৯ টকালৈ বৃদ্ধি কৰা হৈছে। এইটো ১ জিবি ডাটা ‘এড-অন-পেক’ পেক, যাৰ মূল্য ১৫ টকাতকৈ প্ৰায় ২৭ শতাংশ বেছি।

কোম্পানীটোৱে জনোৱা মতে, ৭৫ জিবি পোষ্টপেইড ডাটা প্লেনৰ মূল্য এতিয়া ৩৯৯ টকাৰ পৰা ৪৪৯ টকালৈ বৃদ্ধি পাব। লগতে জিঅ’ই ৮৪ দিনৰ বৈধতা থকা জনপ্ৰিয় ৬৬৬ টকীয়া আনলিমিটেড প্লেনৰ মূল্য প্ৰায় ২০ শতাংশ বৃদ্ধি কৰি ৭৯৯ টকা কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু