--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিটি আয়োগে শেহতীয়াকৈ  “ইলেক্ট্ৰনিকছঃ পাৱাৰিং ইণ্ডিয়াজ পাৰ্টিচিপেচন ইন গ্ল’বেল ভেল্যু চেইনছ” শীৰ্ষক প্ৰতিবেদন প্ৰকাশ কৰে। প্ৰতিবেদনখনিত ভাৰতৰ ইলেক্ট্ৰনিকছ খণ্ড সম্পৰ্কে এক গভীৰ বিশ্লেষণেৰে ইয়াৰ সম্ভাৱনা আৰু প্ৰত্যাহ্বানৰাজিত গুৰুত্ব আৰোপ কৰা হয়। ইয়াৰ উপৰিও, ইলেক্ট্ৰনিকছৰ ক্ষেত্ৰত ভাৰতে বৈশ্বিক উৎপাদন কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিবলৈ প্ৰয়োজনীয় নিৰ্দিষ্ট ব্যৱস্থা গ্ৰহণৰ ৰূপৰেখা দাঙি ধৰা হয়।

আধুনিক উৎপাদনত গ্ল'বেল ভেল্যু চেইন (GVC) অতিশয় গুৰুত্বপূৰ্ণ। ইয়াৰ সৈতে ডিজাইন, উৎপাদন, বিপণন আৰু বিতৰণ তথা আন্তঃৰাষ্ট্ৰীয় সহযোগিতা জড়িত হৈ আছে। যিয়ে আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ ৭০%ক প্ৰতিনিধিত্ব কৰে, বিশেষকৈ ইলেক্ট্ৰনিকছ, অৰ্ধপৰিবাহী, অট’ম’বাইল, ৰাসায়নিক পদাৰ্থ আৰু ঔষধৰ ক্ষেত্ৰত ভাৰতৰ অংশগ্ৰহণ বৃদ্ধিৰ জৰুৰী প্ৰয়োজনীয়তাক উজ্জ্বল কৰি তুলিছে। ইলেক্ট্ৰনিক্স গুৰুত্বপূৰ্ণ এয়ে যে ইয়াৰ ৰপ্তানিৰ ৭৫% জিভিচিৰ জৰিয়তে সম্পাদিত হয়।

ভাৰতৰ ইলেক্ট্ৰনিকছ খণ্ডৰ দ্ৰুত বিকাশ ঘটিছে। ’২৩ বিত্তীয় বৰ্ষত ১৫৫ বিলিয়ন মাৰ্কিন ডলাৰ হৈছে। ‘১৭ বিত্তীয় বৰ্ষত ৪৮ বিলিয়ন মাৰ্কিন ডলাৰৰপৰা ‘২৩ বিত্তীয় বৰ্ষত ১০১ বিলিয়ন মাৰ্কিন ডলাৰলৈ উৎপাদন প্ৰায় দুগুণ বৃদ্ধি পাইছে। ইয়াক মূলতঃ ম’বাইল ফোনে পৰিচালিত কৰিছে, যিয়ে এতিয়া মুঠ ইলেক্ট্ৰনিকছ উৎপাদনৰ ৪৩% অংশ অধিকাৰ কৰে। ভাৰতে স্মাৰ্টফোনৰ আমদানিত নিৰ্ভৰশীলতা বহু পৰিমাণে হ্ৰাস কৰিছে, এতিয়া ঘৰুৱাভাৱে ৯৯% উৎপাদন কৰিছে।

মেক ইন ইণ্ডিয়া আৰু ডিজিটেল ইণ্ডিয়াৰ দৰে পদক্ষেপ, উন্নত আন্তঃগাঁথনি আৰু ইজ অৱ ডুয়িং বিজনেছ, ভিন্ন ইনচেনটিভে ঘৰুৱা উৎপাদনক উদ্দীপিত কৰিছে আৰু বৈদেশিক বিনিয়োগক আকৰ্ষণ কৰিছে। এনে অগ্ৰগতিৰ পিছতো ভাৰতৰ ইলেক্ট্ৰনিকছৰ বজাৰখন তুলনামূলকভাৱে মধ্যমীয়া হৈয়ে আছে, বিশ্বৰ বজাৰৰ ইয়াৰ অংশ মাত্ৰ ৪%হে। যিয়ে এতিয়ালৈকে মূলতঃ এছেম্বলিঙত গুৰুত্ব আৰোপ কৰিছে, ডিজাইন আৰু উপাংশ নিৰ্মাণৰ ক্ষেত্ৰতো ক্ষমতা সীমিত হৈ আছে।

৪.৩ ট্ৰিলিয়ন মাৰ্কিন ডলাৰ মূল্যৰ বৈশ্বিক ইলেক্ট্ৰনিকছৰ বজাৰখনত চীন, টাইৱান, আমেৰিকা যুক্তৰাষ্ট্ৰ, দক্ষিণ কোৰিয়া, ভিয়েটনাম আৰু মালয়েছিয়াৰ দৰে দেশে আধিপত্য বিস্তাৰ কৰি আছে। বৰ্তমান ভাৰতে বছৰি প্ৰায় ২৫ বিলিয়ন মাৰ্কিন ডলাৰৰ ৰপ্তানি কৰে, যিয়ে বিশ্বৰ চাহিদাৰ ৪% অংশীদাৰিত্ব থকাৰ পিছতো বিশ্বৰ অংশীদাৰিত্বৰ ১%ৰো কম প্ৰতিনিধিত্ব কৰে। প্ৰতিযোগিতামূলক ক্ষমতা বৃদ্ধিৰ বাবে ভাৰতে উচ্চ-প্ৰযুক্তিৰ উপাংশসমূহক স্থানীয়কৰণ কৰিব লাগিব, গৱেষণা আৰু উন্নয়ন (R&D) বিনিয়োগৰ জৰিয়তে ডিজাইন ক্ষমতাৰ অগ্ৰগতি সাধন কৰিব লাগিব আৰু বিশ্ব প্ৰযুক্তি লিডাৰসমূহৰ সৈতে কৌশলগত অংশীদাৰিত্ব গঢ়ি তুলিব লাগিব।

‘২৩ বিত্তীয় বৰ্ষলৈকে ভাৰতত উৎপাদিত ইলেক্ট্ৰনিকছৰ বৰ্তমান মূল্য আকৰ্ষণীয়ভাৱে ১০১ বিলিয়ন মাৰ্কিন ডলাৰ। এই পৰিসংখ্যাত সম্পূৰ্ণ সামগ্ৰী উৎপাদনত ৮৬ বিলিয়ন মাৰ্কিন ডলাৰ আৰু উপাংশ উৎপাদনত ১৫ বিলিয়ন মাৰ্কিন ডলাৰ অন্তৰ্ভুক্ত হৈছে। একে সময়ছোৱাতে ৰপ্তানি মুঠ ~২৫ বিলিয়ন মাৰ্কিন ডলাৰ হয়, যিয়ে বিশ্ব ইলেক্ট্ৰনিকছ বজাৰত ভাৰতৰ বৰ্ধিত ভূমিকাকে প্ৰতিফলিত কৰে। ঘৰুৱা মূল্য সংযোজনৰ ক্ষেত্ৰতো এই খণ্ডটোৱে ১৫%ৰ পৰা ১৮% অৰিহণা যোগাইছে আৰু প্ৰায় ১.৩ নিযুত নিয়োগৰ সৃষ্টি কৰিছে।

বিজনেছ এজ ইউজুৱেল (BAU) প্ৰেক্ষাপটত, প্ৰক্ষেপণসমূহে ইংগিত দিয়ে যে ভাৰতৰ ইলেক্ট্ৰনিকছ উৎপাদন ‘৩০ বিত্তীয় বৰ্ষৰ ভিতৰত ২৭৮ বিলিয়ন মাৰ্কিন ডলাৰলৈ বৃদ্ধি পাব পাৰে। এই পূৰ্বাভাসত সম্পূৰ্ণ সামগ্ৰীৰপৰা ২৫৩ বিলিয়ন মাৰ্কিন ডলাৰ আৰু উপাংশ নিৰ্মাণৰপৰা ২৫ বিলিয়ন মাৰ্কিন ডলাৰক অন্তৰ্ভুক্ত কৰা হৈছে। নিয়োগ সৃষ্টি যথেষ্ট বৃদ্ধি পাই প্ৰায় ৩.৪ নিযুত হ’ব আৰু একেদৰে ৰপ্তানি ১১১ বিলিয়ন মাৰ্কিন ডলাৰৰ হ’ব।

কিন্তু ভাৰতৰ তৃতীয়-সৰ্ববৃহৎ বিশ্ব অৰ্থনীতি হোৱাৰ উচ্চাকাংক্ষাৰ পৰিপ্ৰেক্ষিতত ইয়াৰ প্ৰযুক্তি-চালিত খণ্ডসমূহৰ বাবে অধিক অভিলাষী দৃষ্টিভংগীৰ প্ৰয়োজন। বিত্তীয় প্ৰৰোচনা আৰু অ-বিত্তীয় হস্তক্ষেপকে প্ৰমুখ্য কৰি অনুকূল ব্যৱসায়িক পৰিবেশ আৰু শক্তিশালী নীতিগত সমৰ্থনেৰে ভাৰতে ‘৩০ বিত্তীয় বৰ্ষৰ ভিতৰত মূল্যৰ হিচাপত ইলেক্ট্ৰনিকছ উৎপাদনত ৫০০ বিলিয়ন মাৰ্কিন ডলাৰৰ লক্ষ্য নিৰ্ধাৰণ কৰিব লাগে। এই অভিলাষী লক্ষ্যত সম্পূৰ্ণ সামগ্ৰী উৎপাদনৰপৰা ৩৫০ বিলিয়ন মাৰ্কিন ডলাৰ আৰু উপাংশ নিৰ্মাণৰপৰা ১৫০ বিলিয়ন মাৰ্কিন ডলাৰ অন্তৰ্ভুক্ত হৈছে। এনে বৃদ্ধিয়ে আনুমানিক ৫.৫ নিযুতৰপৰা ৬ নিযুত লোকৰ বাবে কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব বুলি অনুমান কৰা হৈছে, যাৰ ফলত সমগ্ৰ দেশতে নিয়োগৰ সুযোগ যথেষ্ট বৃদ্ধি পাব। ইলেক্ট্ৰনিকছৰ ৰপ্তানি ২৪০ বিলিয়ন মাৰ্কিন ডলাৰ আৰু ঘৰুৱা মূল্য সংযোজন ৩৫% ৰো অধিক হ’ব বুলি আশা কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু