--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিটি আয়োগে শেহতীয়াকৈ  “ইলেক্ট্ৰনিকছঃ পাৱাৰিং ইণ্ডিয়াজ পাৰ্টিচিপেচন ইন গ্ল’বেল ভেল্যু চেইনছ” শীৰ্ষক প্ৰতিবেদন প্ৰকাশ কৰে। প্ৰতিবেদনখনিত ভাৰতৰ ইলেক্ট্ৰনিকছ খণ্ড সম্পৰ্কে এক গভীৰ বিশ্লেষণেৰে ইয়াৰ সম্ভাৱনা আৰু প্ৰত্যাহ্বানৰাজিত গুৰুত্ব আৰোপ কৰা হয়। ইয়াৰ উপৰিও, ইলেক্ট্ৰনিকছৰ ক্ষেত্ৰত ভাৰতে বৈশ্বিক উৎপাদন কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিবলৈ প্ৰয়োজনীয় নিৰ্দিষ্ট ব্যৱস্থা গ্ৰহণৰ ৰূপৰেখা দাঙি ধৰা হয়।

আধুনিক উৎপাদনত গ্ল'বেল ভেল্যু চেইন (GVC) অতিশয় গুৰুত্বপূৰ্ণ। ইয়াৰ সৈতে ডিজাইন, উৎপাদন, বিপণন আৰু বিতৰণ তথা আন্তঃৰাষ্ট্ৰীয় সহযোগিতা জড়িত হৈ আছে। যিয়ে আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ ৭০%ক প্ৰতিনিধিত্ব কৰে, বিশেষকৈ ইলেক্ট্ৰনিকছ, অৰ্ধপৰিবাহী, অট’ম’বাইল, ৰাসায়নিক পদাৰ্থ আৰু ঔষধৰ ক্ষেত্ৰত ভাৰতৰ অংশগ্ৰহণ বৃদ্ধিৰ জৰুৰী প্ৰয়োজনীয়তাক উজ্জ্বল কৰি তুলিছে। ইলেক্ট্ৰনিক্স গুৰুত্বপূৰ্ণ এয়ে যে ইয়াৰ ৰপ্তানিৰ ৭৫% জিভিচিৰ জৰিয়তে সম্পাদিত হয়।

ভাৰতৰ ইলেক্ট্ৰনিকছ খণ্ডৰ দ্ৰুত বিকাশ ঘটিছে। ’২৩ বিত্তীয় বৰ্ষত ১৫৫ বিলিয়ন মাৰ্কিন ডলাৰ হৈছে। ‘১৭ বিত্তীয় বৰ্ষত ৪৮ বিলিয়ন মাৰ্কিন ডলাৰৰপৰা ‘২৩ বিত্তীয় বৰ্ষত ১০১ বিলিয়ন মাৰ্কিন ডলাৰলৈ উৎপাদন প্ৰায় দুগুণ বৃদ্ধি পাইছে। ইয়াক মূলতঃ ম’বাইল ফোনে পৰিচালিত কৰিছে, যিয়ে এতিয়া মুঠ ইলেক্ট্ৰনিকছ উৎপাদনৰ ৪৩% অংশ অধিকাৰ কৰে। ভাৰতে স্মাৰ্টফোনৰ আমদানিত নিৰ্ভৰশীলতা বহু পৰিমাণে হ্ৰাস কৰিছে, এতিয়া ঘৰুৱাভাৱে ৯৯% উৎপাদন কৰিছে।

মেক ইন ইণ্ডিয়া আৰু ডিজিটেল ইণ্ডিয়াৰ দৰে পদক্ষেপ, উন্নত আন্তঃগাঁথনি আৰু ইজ অৱ ডুয়িং বিজনেছ, ভিন্ন ইনচেনটিভে ঘৰুৱা উৎপাদনক উদ্দীপিত কৰিছে আৰু বৈদেশিক বিনিয়োগক আকৰ্ষণ কৰিছে। এনে অগ্ৰগতিৰ পিছতো ভাৰতৰ ইলেক্ট্ৰনিকছৰ বজাৰখন তুলনামূলকভাৱে মধ্যমীয়া হৈয়ে আছে, বিশ্বৰ বজাৰৰ ইয়াৰ অংশ মাত্ৰ ৪%হে। যিয়ে এতিয়ালৈকে মূলতঃ এছেম্বলিঙত গুৰুত্ব আৰোপ কৰিছে, ডিজাইন আৰু উপাংশ নিৰ্মাণৰ ক্ষেত্ৰতো ক্ষমতা সীমিত হৈ আছে।

৪.৩ ট্ৰিলিয়ন মাৰ্কিন ডলাৰ মূল্যৰ বৈশ্বিক ইলেক্ট্ৰনিকছৰ বজাৰখনত চীন, টাইৱান, আমেৰিকা যুক্তৰাষ্ট্ৰ, দক্ষিণ কোৰিয়া, ভিয়েটনাম আৰু মালয়েছিয়াৰ দৰে দেশে আধিপত্য বিস্তাৰ কৰি আছে। বৰ্তমান ভাৰতে বছৰি প্ৰায় ২৫ বিলিয়ন মাৰ্কিন ডলাৰৰ ৰপ্তানি কৰে, যিয়ে বিশ্বৰ চাহিদাৰ ৪% অংশীদাৰিত্ব থকাৰ পিছতো বিশ্বৰ অংশীদাৰিত্বৰ ১%ৰো কম প্ৰতিনিধিত্ব কৰে। প্ৰতিযোগিতামূলক ক্ষমতা বৃদ্ধিৰ বাবে ভাৰতে উচ্চ-প্ৰযুক্তিৰ উপাংশসমূহক স্থানীয়কৰণ কৰিব লাগিব, গৱেষণা আৰু উন্নয়ন (R&D) বিনিয়োগৰ জৰিয়তে ডিজাইন ক্ষমতাৰ অগ্ৰগতি সাধন কৰিব লাগিব আৰু বিশ্ব প্ৰযুক্তি লিডাৰসমূহৰ সৈতে কৌশলগত অংশীদাৰিত্ব গঢ়ি তুলিব লাগিব।

‘২৩ বিত্তীয় বৰ্ষলৈকে ভাৰতত উৎপাদিত ইলেক্ট্ৰনিকছৰ বৰ্তমান মূল্য আকৰ্ষণীয়ভাৱে ১০১ বিলিয়ন মাৰ্কিন ডলাৰ। এই পৰিসংখ্যাত সম্পূৰ্ণ সামগ্ৰী উৎপাদনত ৮৬ বিলিয়ন মাৰ্কিন ডলাৰ আৰু উপাংশ উৎপাদনত ১৫ বিলিয়ন মাৰ্কিন ডলাৰ অন্তৰ্ভুক্ত হৈছে। একে সময়ছোৱাতে ৰপ্তানি মুঠ ~২৫ বিলিয়ন মাৰ্কিন ডলাৰ হয়, যিয়ে বিশ্ব ইলেক্ট্ৰনিকছ বজাৰত ভাৰতৰ বৰ্ধিত ভূমিকাকে প্ৰতিফলিত কৰে। ঘৰুৱা মূল্য সংযোজনৰ ক্ষেত্ৰতো এই খণ্ডটোৱে ১৫%ৰ পৰা ১৮% অৰিহণা যোগাইছে আৰু প্ৰায় ১.৩ নিযুত নিয়োগৰ সৃষ্টি কৰিছে।

বিজনেছ এজ ইউজুৱেল (BAU) প্ৰেক্ষাপটত, প্ৰক্ষেপণসমূহে ইংগিত দিয়ে যে ভাৰতৰ ইলেক্ট্ৰনিকছ উৎপাদন ‘৩০ বিত্তীয় বৰ্ষৰ ভিতৰত ২৭৮ বিলিয়ন মাৰ্কিন ডলাৰলৈ বৃদ্ধি পাব পাৰে। এই পূৰ্বাভাসত সম্পূৰ্ণ সামগ্ৰীৰপৰা ২৫৩ বিলিয়ন মাৰ্কিন ডলাৰ আৰু উপাংশ নিৰ্মাণৰপৰা ২৫ বিলিয়ন মাৰ্কিন ডলাৰক অন্তৰ্ভুক্ত কৰা হৈছে। নিয়োগ সৃষ্টি যথেষ্ট বৃদ্ধি পাই প্ৰায় ৩.৪ নিযুত হ’ব আৰু একেদৰে ৰপ্তানি ১১১ বিলিয়ন মাৰ্কিন ডলাৰৰ হ’ব।

কিন্তু ভাৰতৰ তৃতীয়-সৰ্ববৃহৎ বিশ্ব অৰ্থনীতি হোৱাৰ উচ্চাকাংক্ষাৰ পৰিপ্ৰেক্ষিতত ইয়াৰ প্ৰযুক্তি-চালিত খণ্ডসমূহৰ বাবে অধিক অভিলাষী দৃষ্টিভংগীৰ প্ৰয়োজন। বিত্তীয় প্ৰৰোচনা আৰু অ-বিত্তীয় হস্তক্ষেপকে প্ৰমুখ্য কৰি অনুকূল ব্যৱসায়িক পৰিবেশ আৰু শক্তিশালী নীতিগত সমৰ্থনেৰে ভাৰতে ‘৩০ বিত্তীয় বৰ্ষৰ ভিতৰত মূল্যৰ হিচাপত ইলেক্ট্ৰনিকছ উৎপাদনত ৫০০ বিলিয়ন মাৰ্কিন ডলাৰৰ লক্ষ্য নিৰ্ধাৰণ কৰিব লাগে। এই অভিলাষী লক্ষ্যত সম্পূৰ্ণ সামগ্ৰী উৎপাদনৰপৰা ৩৫০ বিলিয়ন মাৰ্কিন ডলাৰ আৰু উপাংশ নিৰ্মাণৰপৰা ১৫০ বিলিয়ন মাৰ্কিন ডলাৰ অন্তৰ্ভুক্ত হৈছে। এনে বৃদ্ধিয়ে আনুমানিক ৫.৫ নিযুতৰপৰা ৬ নিযুত লোকৰ বাবে কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব বুলি অনুমান কৰা হৈছে, যাৰ ফলত সমগ্ৰ দেশতে নিয়োগৰ সুযোগ যথেষ্ট বৃদ্ধি পাব। ইলেক্ট্ৰনিকছৰ ৰপ্তানি ২৪০ বিলিয়ন মাৰ্কিন ডলাৰ আৰু ঘৰুৱা মূল্য সংযোজন ৩৫% ৰো অধিক হ’ব বুলি আশা কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ