--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সন্ত্ৰাসবাদীক ধনৰ যোগান ধৰাৰ অভিযোগত অভিযুক্ত কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিকক বুধবাৰে দিল্লীৰ আদালতে যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে। লগতে মালিকক  ১০ লাখ টকাৰ জৰিমনা বিহিছে ন্যায়ালয়ে। তিহাৰ কাৰাগাৰত য়াছিন মালিকক কটকটীয়া নিৰাপত্তাৰ অধীনত ৰখাৰ ব্যৱস্থা কৰিছে তিহাৰ কাৰাগাৰ প্ৰশাসনে। 

ইয়াছিন মালিকক তিহাৰ কাৰাগাৰৰ ৭ নম্বৰ বেৰেকত ৰখা হৈছিল আৰু এতিয়া তেওঁ তাতেই থাকিব। শাস্তি ঘোষণাৰ আগৰে পৰাই কাশ্মীৰত বিৰাজ কৰে এক চেপা উত্তেজনাই। হাজাৰ-বিজাৰ নিৰাপত্তা বাহিনীৰ জোৱানে সমগ্ৰ কাশ্মীৰতে কটকটীয়া নিৰাপত্তা বেহু গঢ়ি তোলে। মালিকক মৃত্যুদণ্ড বিহাৰ বাবে নিয়াৰ অধিবক্তাই আবেদন জনাইছিল যদিও আদালতে তেওঁক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি বিহে। 

য়াছিন মালিকৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ধাৰা ১৬ (সন্ত্ৰাসবাদী কাৰ্য), ১৭, (সন্ত্ৰাসবাদী কাৰ্যৰ বাবে পুঁজি যোগান), ১৮ (সন্ত্ৰাসবাদী কাৰ্য সংঘটিত কৰাৰ ষড়যন্ত্ৰ), আৰু ২০ (সন্ত্ৰাসবাদীৰ সদস্য হোৱা)ধাৰা আৰোপ কৰা হৈছিল। একেদৰে তেওঁৰ বিৰুদ্ধে ইউ.এ.পি.এ. ৰ ধাৰা ১২০,১২৪-ক (ৰাজদ্ৰোহ) আৰোপ কৰা হৈছে। মালিকৰ বিৰুদ্ধে সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবা,হিজবুল-মুজাহিদীন জম্মু আৰু কাশ্মীৰ লিবাৰেচন ফ্ৰণ্ট (জেকেএলএফ) আৰু জৈছ-ই-মহম্মদ (জেইএম) ক সহায় কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। উল্লেখ্য যে য়াছিন মালিকৰ শাস্তি ঘোষণা কৰাৰ পাছতেই বিষম পৰিস্থিতিৰ আশংকা কৰি শ্ৰীনগৰত ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়া হয়। 
 


FOLLOW US F
POPULAR
FEATURE
TRENDY
'জোনমণি ৰুণজুন, তেতিয়া চকুত জোন...', জুবিনৰ গীতৰ জোনমণিৰ সৰু কালৰ ফটো প্রকাশ
অপৰাধমূলক গোচৰৰ বিচাৰ প্ৰক্ৰিয়া দৈনন্দিন কৰক, উচ্চ ন্যায়ালয়সমূহক উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ
বাতিল হ'ল তামুলপুৰৰ ডিমিলাপাৰ সাৰ্বজনীন দূৰ্গা পূজাৰ সকলো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান
৫০ সহস্রাধিক মটকে কঁপালে ডিকম-লাহোৱাল, জনজাতিকৰণ অবিহনে ক্ষান্ত নোহোৱাৰ হুংকাৰ
যোৰহাট ষ্টেডিয়ামত ৩ দিন ধৰি হ'ব শ্রদ্ধাঞ্জলি-অনুষ্ঠান, মুখ্যমন্ত্ৰী ড° শৰ্মাৰ আনুষ্ঠানিক ঘোষণা
কাটিগড়াত দুৰ্গাপূজা কমিটিসকলক ৰাজ্য চৰকাৰৰ অনুদান স্বৰূপ চেক বিতৰণ
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল
ইতিহাস হ'ল জুবিন