--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সন্ত্ৰাসবাদীক ধনৰ যোগান ধৰাৰ অভিযোগত অভিযুক্ত কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিকক বুধবাৰে দিল্লীৰ আদালতে যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে। লগতে মালিকক  ১০ লাখ টকাৰ জৰিমনা বিহিছে ন্যায়ালয়ে। তিহাৰ কাৰাগাৰত য়াছিন মালিকক কটকটীয়া নিৰাপত্তাৰ অধীনত ৰখাৰ ব্যৱস্থা কৰিছে তিহাৰ কাৰাগাৰ প্ৰশাসনে। 

ইয়াছিন মালিকক তিহাৰ কাৰাগাৰৰ ৭ নম্বৰ বেৰেকত ৰখা হৈছিল আৰু এতিয়া তেওঁ তাতেই থাকিব। শাস্তি ঘোষণাৰ আগৰে পৰাই কাশ্মীৰত বিৰাজ কৰে এক চেপা উত্তেজনাই। হাজাৰ-বিজাৰ নিৰাপত্তা বাহিনীৰ জোৱানে সমগ্ৰ কাশ্মীৰতে কটকটীয়া নিৰাপত্তা বেহু গঢ়ি তোলে। মালিকক মৃত্যুদণ্ড বিহাৰ বাবে নিয়াৰ অধিবক্তাই আবেদন জনাইছিল যদিও আদালতে তেওঁক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি বিহে। 

য়াছিন মালিকৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ধাৰা ১৬ (সন্ত্ৰাসবাদী কাৰ্য), ১৭, (সন্ত্ৰাসবাদী কাৰ্যৰ বাবে পুঁজি যোগান), ১৮ (সন্ত্ৰাসবাদী কাৰ্য সংঘটিত কৰাৰ ষড়যন্ত্ৰ), আৰু ২০ (সন্ত্ৰাসবাদীৰ সদস্য হোৱা)ধাৰা আৰোপ কৰা হৈছিল। একেদৰে তেওঁৰ বিৰুদ্ধে ইউ.এ.পি.এ. ৰ ধাৰা ১২০,১২৪-ক (ৰাজদ্ৰোহ) আৰোপ কৰা হৈছে। মালিকৰ বিৰুদ্ধে সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবা,হিজবুল-মুজাহিদীন জম্মু আৰু কাশ্মীৰ লিবাৰেচন ফ্ৰণ্ট (জেকেএলএফ) আৰু জৈছ-ই-মহম্মদ (জেইএম) ক সহায় কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। উল্লেখ্য যে য়াছিন মালিকৰ শাস্তি ঘোষণা কৰাৰ পাছতেই বিষম পৰিস্থিতিৰ আশংকা কৰি শ্ৰীনগৰত ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়া হয়। 
 


FOLLOW US F
POPULAR
FEATURE
TRENDY
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ