--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আকৌ অশান্ত হৈছে জম্মু আৰু কাশ্মীৰ৷ বিগত কেইবাটাও দিন ধৰি জম্মু আৰু কাশ্মীৰত বিৰাজ কৰিছে চেপা উত্তেজনাই৷ সন্ত্ৰাসবাদীৰ কাৰ্যকলাপ বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত সষ্টম হৈ পৰিছে দেশৰ নিৰাপত্তাবাহিনী৷ তাৰ মাজতে জম্মু আৰু কাশ্মীৰৰ বাডগাম জিলাত আজি সন্ত্ৰাসবাদীৰ গুলীত মৃত্যু হয় এগৰাকী ৩৫ বছৰীয়া অভিনয় শিল্পীৰ৷ সন্ত্ৰাসবাদীৰ এই আক্ৰমণত মহিলাগৰাকীৰ ১০বছৰীয়া ভতিজাকো গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়৷

এই আক্ৰমণ লস্কৰ-ই-তৈবা (এলইটি)ৰ সন্ত্ৰাসবাদীয়ে সংঘটিত কৰা বুলি সদৰী কৰিছে জম্মু আৰু কাশ্মীৰ আৰক্ষীয়ে৷ কাশ্মীৰ আৰক্ষীয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়া তথ্য অনুসৰি, সন্ধিয়া প্ৰায় ৭.৫৫ বজাত সন্ত্ৰাসবাদীয়ে এগৰাকী মহিলা অমৰীন ভাটৰ ঘৰত গুলীচালনা কৰে। সন্ত্ৰাসবাদীৰ গুলীত আঘাতপ্ৰাপ্ত অৱস্থাত উদ্ধাৰ হোৱা মহিলাগৰাকীক চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছিল যদিও  চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে৷

অমৰীন ভাট এগৰাকী টিকটক অভিনেত্ৰী হিচাপে সমাদৃত হৈছিল৷ মহিলাগৰাকীৰ ভতিজা ফাৰহান জুবেইৰো ঘটনাটোত আঘাতপ্ৰাপ্ত হয় বুলি আৰক্ষীয়ে সদৰী কৰিছে৷ এই ঘটনাৰ পাছতে সষ্টম হৈ পৰা কাশ্মীৰ আৰক্ষীয়ে অঞ্চলটো ঘেৰাও কৰি আক্ৰমণকাৰীসকলক ধৰিবলৈ এটা অভিযান আৰম্ভ কৰিছে৷ উল্লেখযোগ্য যে, চৌবিশ ঘণ্টাত কাশ্মীৰত সন্ত্ৰাসবাদীৰ এইটো দ্বিতীয়টো আক্ৰমণ। 

কালিও শ্ৰীনগৰত সন্ত্ৰাসবাদীয়ে এজন আৰক্ষীক ঘৰৰ সন্মুখতে গুলীয়াই হত্যা কৰিছিল। খবৰ অনুসৰি তেওঁক বচাবলৈ দৌৰি অহা তেওঁৰ সাত বছৰীয়া কন্যাও সেই আক্ৰমণটোত আঘাতপ্ৰাপ্ত হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
'জোনমণি ৰুণজুন, তেতিয়া চকুত জোন...', জুবিনৰ গীতৰ জোনমণিৰ সৰু কালৰ ফটো প্রকাশ
অপৰাধমূলক গোচৰৰ বিচাৰ প্ৰক্ৰিয়া দৈনন্দিন কৰক, উচ্চ ন্যায়ালয়সমূহক উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ
বাতিল হ'ল তামুলপুৰৰ ডিমিলাপাৰ সাৰ্বজনীন দূৰ্গা পূজাৰ সকলো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান
৫০ সহস্রাধিক মটকে কঁপালে ডিকম-লাহোৱাল, জনজাতিকৰণ অবিহনে ক্ষান্ত নোহোৱাৰ হুংকাৰ
যোৰহাট ষ্টেডিয়ামত ৩ দিন ধৰি হ'ব শ্রদ্ধাঞ্জলি-অনুষ্ঠান, মুখ্যমন্ত্ৰী ড° শৰ্মাৰ আনুষ্ঠানিক ঘোষণা
কাটিগড়াত দুৰ্গাপূজা কমিটিসকলক ৰাজ্য চৰকাৰৰ অনুদান স্বৰূপ চেক বিতৰণ
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল
ইতিহাস হ'ল জুবিন