--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আকৌ অশান্ত হৈছে জম্মু আৰু কাশ্মীৰ৷ বিগত কেইবাটাও দিন ধৰি জম্মু আৰু কাশ্মীৰত বিৰাজ কৰিছে চেপা উত্তেজনাই৷ সন্ত্ৰাসবাদীৰ কাৰ্যকলাপ বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত সষ্টম হৈ পৰিছে দেশৰ নিৰাপত্তাবাহিনী৷ তাৰ মাজতে জম্মু আৰু কাশ্মীৰৰ বাডগাম জিলাত আজি সন্ত্ৰাসবাদীৰ গুলীত মৃত্যু হয় এগৰাকী ৩৫ বছৰীয়া অভিনয় শিল্পীৰ৷ সন্ত্ৰাসবাদীৰ এই আক্ৰমণত মহিলাগৰাকীৰ ১০বছৰীয়া ভতিজাকো গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়৷

এই আক্ৰমণ লস্কৰ-ই-তৈবা (এলইটি)ৰ সন্ত্ৰাসবাদীয়ে সংঘটিত কৰা বুলি সদৰী কৰিছে জম্মু আৰু কাশ্মীৰ আৰক্ষীয়ে৷ কাশ্মীৰ আৰক্ষীয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়া তথ্য অনুসৰি, সন্ধিয়া প্ৰায় ৭.৫৫ বজাত সন্ত্ৰাসবাদীয়ে এগৰাকী মহিলা অমৰীন ভাটৰ ঘৰত গুলীচালনা কৰে। সন্ত্ৰাসবাদীৰ গুলীত আঘাতপ্ৰাপ্ত অৱস্থাত উদ্ধাৰ হোৱা মহিলাগৰাকীক চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছিল যদিও  চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে৷

অমৰীন ভাট এগৰাকী টিকটক অভিনেত্ৰী হিচাপে সমাদৃত হৈছিল৷ মহিলাগৰাকীৰ ভতিজা ফাৰহান জুবেইৰো ঘটনাটোত আঘাতপ্ৰাপ্ত হয় বুলি আৰক্ষীয়ে সদৰী কৰিছে৷ এই ঘটনাৰ পাছতে সষ্টম হৈ পৰা কাশ্মীৰ আৰক্ষীয়ে অঞ্চলটো ঘেৰাও কৰি আক্ৰমণকাৰীসকলক ধৰিবলৈ এটা অভিযান আৰম্ভ কৰিছে৷ উল্লেখযোগ্য যে, চৌবিশ ঘণ্টাত কাশ্মীৰত সন্ত্ৰাসবাদীৰ এইটো দ্বিতীয়টো আক্ৰমণ। 

কালিও শ্ৰীনগৰত সন্ত্ৰাসবাদীয়ে এজন আৰক্ষীক ঘৰৰ সন্মুখতে গুলীয়াই হত্যা কৰিছিল। খবৰ অনুসৰি তেওঁক বচাবলৈ দৌৰি অহা তেওঁৰ সাত বছৰীয়া কন্যাও সেই আক্ৰমণটোত আঘাতপ্ৰাপ্ত হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ