--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা পিপলছ ডেম'ক্ৰেটিক পাৰ্টিৰ (পিডিপি) মুৰব্বী মেহবুবা মুফতিক আকৌ এবাৰ গৃহবন্দী কৰি ৰখা হৈছে। জম্মু-কাশ্মীৰত বৃদ্ধি পোৱা সন্ত্ৰাসবাদী ঘটনা আৰু নিৰাপত্তা বাহিনীৰ দ্বাৰা সংঘটিত ভয়ংকৰ সংঘৰ্ষৰ মাজত প্ৰশাসনে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে।

মেহবুবা মুফতীয়ে কৈছিল যে ''সোমবাৰে সংঘটিত হোৱা সংঘৰ্ষত চাৰিজন নাগৰিক নিহত হৈছিল। মই ইয়াৰ প্ৰতিবাদ কৰি আছোঁ কাৰণ এই চৰকাৰে উগ্ৰবাদৰ নামত সাধাৰণ নাগৰিকক হত্যা কৰি আছে। কোনেও নাজানে যে সন্ত্ৰাসবাদীসকলক হত্যা কৰা হৈছে নে নাই। শেহতীয়াকৈ চাৰিজন নাগৰিক নিহত হৈছে। চৰকাৰে তেওঁলোকৰ মৃতদেহ পৰিয়ালৰ সদস্যসকলক হস্তান্তৰ কৰিবলৈ অস্বীকাৰ কৰিছে। নিৰাপত্তা বাহিনীৰ গুলীচালনাত সাধাৰণ নাগৰিকহে নিহত হৈছে গতিকে তেওঁলোকৰ মৃতদেহ পৰিয়ালক হস্তান্তৰ কৰিবলৈ দাবী জনাইছোঁ।''

প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে সশস্ত্ৰ বাহিনীৰ বিশেষাধিকাৰ আইন (এএফএছপিএ) কাৰ্যকৰী হোৱাৰ পিছৰে পৰা নিৰীহ লোকৰো মৃত্যু ঘটিছে। এনেদৰে মন্তব্য কৰাৰ পাছতে মেহবুবা মুফটিয়ে দলৰ কৰ্মী আৰু নেতাসকলৰ সৈতে গান্ধীনগৰৰ মুখ্য কাৰ্যালয়ত প্ৰতিবাদ সাব্যস্ত কৰিছিল। তেওঁৰ হাতত এখন পোষ্টাৰ আছিল, য'ত লিখা আছিল, "আমাক হত্যা কৰা বন্ধ কৰক, হায়দৰপুৰা গোচৰৰ তদন্ত কৰক আৰু মৃতদেহবোৰ পৰিয়ালক হস্তান্তৰ কৰক"। বহুসংখ্যক আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক মূল পথৰ ফালে যোৱাত বাধা প্ৰদান কৰিছিল।

আৰু পঢ়কঃ নিশা ১১ বজাৰ পাছত শুৱাৰ অভ্যাস আছে নেকি? হ’ব পাৰে ভয়ংকৰ বিপদ!

আৰক্ষীয়ে সদৰী কৰা অনুসৰি হায়দৰপুৰা অঞ্চলত সংঘটিত এক সংঘৰ্ষত এজন পাকিস্তানী সন্ত্ৰাসবাদী আৰু তেওঁৰ স্থানীয় সহযোগী মহম্মদ আমিৰৰ সৈতে আলতাফ ভাট আৰু মুদাছিৰ গুল নামৰ দুজন লোক নিহত হয়। অঞ্চলটোত এটা অবৈধ কল চেণ্টাৰ আৰু এটা সন্ত্ৰাসবাদীৰ ঘাটি আছিল। আৰক্ষী মহাপৰিদৰ্শক (কাশ্মীৰ ৰেঞ্জ) বিজয় কুমাৰে দাবী কৰিছিল যে মুদাছিৰ গুল সন্ত্ৰাসবাদীসকলৰ এজন ঘনিষ্ঠ সহযোগী আছিল আৰু ভাটৰ মালিকানাধীন চৌহদত এটা কল চেণ্টাৰ চলাই আছিল। সন্ত্ৰাসবাদীৰ সৈতে হোৱা নিৰাপত্তাৰক্ষীৰ সংঘৰ্ষত আলতাফ ভাট নিহত হৈছিল। মেহবুবাই কোৱাৰ দৰে নিহত লোক কেইজন সাধাৰণ নাগৰিক নাছিল, তেওঁলোক সন্ত্ৰাসবাদী আছিল বুলি সদৰী কৰে জম্মু-কাশ্মীৰ আৰক্ষীয়ে। উল্লেখযোগ্য যে মেহবুবা মুফতিয়ে সাব্যস্ত কৰা প্ৰতিবাদৰ বাবে তেওঁক পৰৱৰ্তী নিৰ্দেশলৈকে গৃহবন্দী কৰি ৰখা হ'ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন