--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা পিপলছ ডেম'ক্ৰেটিক পাৰ্টিৰ (পিডিপি) মুৰব্বী মেহবুবা মুফতিক আকৌ এবাৰ গৃহবন্দী কৰি ৰখা হৈছে। জম্মু-কাশ্মীৰত বৃদ্ধি পোৱা সন্ত্ৰাসবাদী ঘটনা আৰু নিৰাপত্তা বাহিনীৰ দ্বাৰা সংঘটিত ভয়ংকৰ সংঘৰ্ষৰ মাজত প্ৰশাসনে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে।

মেহবুবা মুফতীয়ে কৈছিল যে ''সোমবাৰে সংঘটিত হোৱা সংঘৰ্ষত চাৰিজন নাগৰিক নিহত হৈছিল। মই ইয়াৰ প্ৰতিবাদ কৰি আছোঁ কাৰণ এই চৰকাৰে উগ্ৰবাদৰ নামত সাধাৰণ নাগৰিকক হত্যা কৰি আছে। কোনেও নাজানে যে সন্ত্ৰাসবাদীসকলক হত্যা কৰা হৈছে নে নাই। শেহতীয়াকৈ চাৰিজন নাগৰিক নিহত হৈছে। চৰকাৰে তেওঁলোকৰ মৃতদেহ পৰিয়ালৰ সদস্যসকলক হস্তান্তৰ কৰিবলৈ অস্বীকাৰ কৰিছে। নিৰাপত্তা বাহিনীৰ গুলীচালনাত সাধাৰণ নাগৰিকহে নিহত হৈছে গতিকে তেওঁলোকৰ মৃতদেহ পৰিয়ালক হস্তান্তৰ কৰিবলৈ দাবী জনাইছোঁ।''

প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে সশস্ত্ৰ বাহিনীৰ বিশেষাধিকাৰ আইন (এএফএছপিএ) কাৰ্যকৰী হোৱাৰ পিছৰে পৰা নিৰীহ লোকৰো মৃত্যু ঘটিছে। এনেদৰে মন্তব্য কৰাৰ পাছতে মেহবুবা মুফটিয়ে দলৰ কৰ্মী আৰু নেতাসকলৰ সৈতে গান্ধীনগৰৰ মুখ্য কাৰ্যালয়ত প্ৰতিবাদ সাব্যস্ত কৰিছিল। তেওঁৰ হাতত এখন পোষ্টাৰ আছিল, য'ত লিখা আছিল, "আমাক হত্যা কৰা বন্ধ কৰক, হায়দৰপুৰা গোচৰৰ তদন্ত কৰক আৰু মৃতদেহবোৰ পৰিয়ালক হস্তান্তৰ কৰক"। বহুসংখ্যক আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক মূল পথৰ ফালে যোৱাত বাধা প্ৰদান কৰিছিল।

আৰু পঢ়কঃ নিশা ১১ বজাৰ পাছত শুৱাৰ অভ্যাস আছে নেকি? হ’ব পাৰে ভয়ংকৰ বিপদ!

আৰক্ষীয়ে সদৰী কৰা অনুসৰি হায়দৰপুৰা অঞ্চলত সংঘটিত এক সংঘৰ্ষত এজন পাকিস্তানী সন্ত্ৰাসবাদী আৰু তেওঁৰ স্থানীয় সহযোগী মহম্মদ আমিৰৰ সৈতে আলতাফ ভাট আৰু মুদাছিৰ গুল নামৰ দুজন লোক নিহত হয়। অঞ্চলটোত এটা অবৈধ কল চেণ্টাৰ আৰু এটা সন্ত্ৰাসবাদীৰ ঘাটি আছিল। আৰক্ষী মহাপৰিদৰ্শক (কাশ্মীৰ ৰেঞ্জ) বিজয় কুমাৰে দাবী কৰিছিল যে মুদাছিৰ গুল সন্ত্ৰাসবাদীসকলৰ এজন ঘনিষ্ঠ সহযোগী আছিল আৰু ভাটৰ মালিকানাধীন চৌহদত এটা কল চেণ্টাৰ চলাই আছিল। সন্ত্ৰাসবাদীৰ সৈতে হোৱা নিৰাপত্তাৰক্ষীৰ সংঘৰ্ষত আলতাফ ভাট নিহত হৈছিল। মেহবুবাই কোৱাৰ দৰে নিহত লোক কেইজন সাধাৰণ নাগৰিক নাছিল, তেওঁলোক সন্ত্ৰাসবাদী আছিল বুলি সদৰী কৰে জম্মু-কাশ্মীৰ আৰক্ষীয়ে। উল্লেখযোগ্য যে মেহবুবা মুফতিয়ে সাব্যস্ত কৰা প্ৰতিবাদৰ বাবে তেওঁক পৰৱৰ্তী নিৰ্দেশলৈকে গৃহবন্দী কৰি ৰখা হ'ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক