--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বিমান যাত্ৰা বহুতৰ বাবে আমোদজনক যদিও আন বহুতৰে বাবে আকৌ খুবেই অশান্তিদায়ক৷ কিয়নো বিমানৰ ভিতৰত হোৱা নিম্ন চাপৰ লগতে অক্সিজেনৰ মাত্ৰা কম হোৱাৰ বাবে বহু মানুহে অসুবিধাৰ সন্মুখীন হ’য়৷ বিশেষকৈ যিসকল মানুহে পূৰ্বৰে পৰা বিভিন্ন ৰোগৰ কৱলত পৰি আছে তেওঁলোকৰ বাবে বিমান যাত্ৰা মুঠেই সুবিধাজনক নহ’য়৷

এইবাৰ বিমানত ভ্ৰমণ কৰা এজন যাত্ৰী অসুস্থ হোৱাৰ খবৰ আহি পৰিছে আৰু এই যাত্ৰীগৰাকীক তত্বাৱধানৰ দায়িত্ব এজন কেন্দ্ৰীয় মন্ত্ৰীয়ে লোৱা কাৰ্যক লৈ এতিয়া দেশজুৰি চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে৷ অসুস্থ যাত্ৰীগৰাকীক তাৎক্ষণিকভাৱে প্ৰাথমিক চিকিৎসা আগবঢ়ালে কেন্দ্ৰীয় মন্ত্ৰী তথা চিকিৎসক ভাগৱত কিষানৰাও কাৰাডে। মন্ত্ৰীগৰাকীয়ে গ্ৰহণ কৰা এই প্ৰদক্ষেপক লৈ এতিয়া সকলোৱে প্ৰশংসাৰে উপচাই পেলাইছে৷

খবৰ অনুসৰি, মঙলবাৰে ইণ্ডিগ’ এখন বিমানে দিল্লীৰ পৰা মুম্বাইলৈ উৰা মাৰিছিল আৰু তেতিয়াই এজন যাত্ৰী হঠাৎ অসুস্থ হৈ পৰে ঢলি পৰে আৰু তেতিয়াই লোকজনৰ কাষ চাপে চিকিৎসক তথা মন্ত্ৰীগৰাকী৷ যাত্ৰীগৰাকী উচ্চ ৰক্তচাপত ভোগী হঠাতে অচেতন হৈ পৰিছিল তেতিয়াই মন্ত্ৰীগৰাকীয়ে যাত্ৰীৰ দেহৰ পৰা কাপোৰ আতৰাই দুয়ো ভৰি দাঙি বুকু মালিচ কৰিবলৈ ধৰে আৰু সমানে গ্লুকোজ পানীৰ যোগান ধৰে।

কিছু সময়ৰ পাছতে যাত্ৰীগৰাকী স্বাভাৱিক অৱস্থালৈ ঘুৰি আহে৷ ভাগৱত কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী লগতে তেওঁ মহাৰাষ্ট্ৰৰ পৰা ৰাজ্যসভাৰ সাংসদো লগতে মন্ত্ৰী ভাগৱত পেছাত এজন চিকিৎসকো। মন্ত্ৰীগৰাকীৰ গ্ৰহণ কৰা এই পদক্ষেপৰ প্ৰতি এতিয়া সকলোৱে সহাৰি জনাইছে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও মন্ত্ৰীগৰাকীয়ে গ্ৰহণ কৰা এই পদক্ষেপক প্ৰশংসাৰে উপচাই পেলাইছে৷ ইপিনে, ইণ্ডিগোৰ তৰফৰ পৰাও কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক ধন্যবাদ জ্ঞাপন কৰা হয়। সামাজিক মাধ্যমত বিমানৰ ভিতৰত সংঘটিত হোৱা সমগ্ৰ ঘটনাটোৰ ভিডিঅ’ বিয়পি পৰে আৰু সকলোৱে মন্ত্ৰীগৰাকীয়ে গ্ৰহণ কৰা এই প্ৰদক্ষেপক প্ৰশংসা জনাইছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বিশ্ব হস্তী দিৱস, আপুনি জানেনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৰ্তমান হাতীৰ সংখ্যা কিমান?
সাৱধান! ফুটপাথৰ হোটেল নহয় এইবাৰ বিলাসী ৰেষ্টুৰেণ্টত অস্বাস্থ্যকৰ খাদ্য
ইতিহাসৰ পৃষ্ঠাত ৫০ বছৰ পূৰ্বে মুক্তি পোৱা এই ছবিখন , বক্স অফিচত '৩০০০ কোটি' উপাৰ্জন
টীয়ক চাহ বাগিচাত যুৱতী নিৰুদ্দেশৰ ঘটনাক লাভ জেহাদ আখ্যা ৰাইজৰ!
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে