--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বিমান যাত্ৰা বহুতৰ বাবে আমোদজনক যদিও আন বহুতৰে বাবে আকৌ খুবেই অশান্তিদায়ক৷ কিয়নো বিমানৰ ভিতৰত হোৱা নিম্ন চাপৰ লগতে অক্সিজেনৰ মাত্ৰা কম হোৱাৰ বাবে বহু মানুহে অসুবিধাৰ সন্মুখীন হ’য়৷ বিশেষকৈ যিসকল মানুহে পূৰ্বৰে পৰা বিভিন্ন ৰোগৰ কৱলত পৰি আছে তেওঁলোকৰ বাবে বিমান যাত্ৰা মুঠেই সুবিধাজনক নহ’য়৷

এইবাৰ বিমানত ভ্ৰমণ কৰা এজন যাত্ৰী অসুস্থ হোৱাৰ খবৰ আহি পৰিছে আৰু এই যাত্ৰীগৰাকীক তত্বাৱধানৰ দায়িত্ব এজন কেন্দ্ৰীয় মন্ত্ৰীয়ে লোৱা কাৰ্যক লৈ এতিয়া দেশজুৰি চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে৷ অসুস্থ যাত্ৰীগৰাকীক তাৎক্ষণিকভাৱে প্ৰাথমিক চিকিৎসা আগবঢ়ালে কেন্দ্ৰীয় মন্ত্ৰী তথা চিকিৎসক ভাগৱত কিষানৰাও কাৰাডে। মন্ত্ৰীগৰাকীয়ে গ্ৰহণ কৰা এই প্ৰদক্ষেপক লৈ এতিয়া সকলোৱে প্ৰশংসাৰে উপচাই পেলাইছে৷

খবৰ অনুসৰি, মঙলবাৰে ইণ্ডিগ’ এখন বিমানে দিল্লীৰ পৰা মুম্বাইলৈ উৰা মাৰিছিল আৰু তেতিয়াই এজন যাত্ৰী হঠাৎ অসুস্থ হৈ পৰে ঢলি পৰে আৰু তেতিয়াই লোকজনৰ কাষ চাপে চিকিৎসক তথা মন্ত্ৰীগৰাকী৷ যাত্ৰীগৰাকী উচ্চ ৰক্তচাপত ভোগী হঠাতে অচেতন হৈ পৰিছিল তেতিয়াই মন্ত্ৰীগৰাকীয়ে যাত্ৰীৰ দেহৰ পৰা কাপোৰ আতৰাই দুয়ো ভৰি দাঙি বুকু মালিচ কৰিবলৈ ধৰে আৰু সমানে গ্লুকোজ পানীৰ যোগান ধৰে।

কিছু সময়ৰ পাছতে যাত্ৰীগৰাকী স্বাভাৱিক অৱস্থালৈ ঘুৰি আহে৷ ভাগৱত কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী লগতে তেওঁ মহাৰাষ্ট্ৰৰ পৰা ৰাজ্যসভাৰ সাংসদো লগতে মন্ত্ৰী ভাগৱত পেছাত এজন চিকিৎসকো। মন্ত্ৰীগৰাকীৰ গ্ৰহণ কৰা এই পদক্ষেপৰ প্ৰতি এতিয়া সকলোৱে সহাৰি জনাইছে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও মন্ত্ৰীগৰাকীয়ে গ্ৰহণ কৰা এই পদক্ষেপক প্ৰশংসাৰে উপচাই পেলাইছে৷ ইপিনে, ইণ্ডিগোৰ তৰফৰ পৰাও কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক ধন্যবাদ জ্ঞাপন কৰা হয়। সামাজিক মাধ্যমত বিমানৰ ভিতৰত সংঘটিত হোৱা সমগ্ৰ ঘটনাটোৰ ভিডিঅ’ বিয়পি পৰে আৰু সকলোৱে মন্ত্ৰীগৰাকীয়ে গ্ৰহণ কৰা এই প্ৰদক্ষেপক প্ৰশংসা জনাইছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক