--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : এসমত লক্ষ্ণৌৰ নৱাবৰ প্ৰিয় আছিল এই স্থান। দেশৰ প্ৰধানমন্ত্ৰী জৱহৰলাল নেহৰুৱেও লক্ষ্ণৌলৈ আহিলেই ইয়াৰ ‘ক’তো নোপোৱা’ সোৱাদ ল’ব বিচাৰিছিল। ইয়ালৈ আহিলে পৰম তৃপ্তিৰে ‘জেলেপী’, ‘ইমাৰতী’ত কামোৰ মাৰিছিল দেশৰ আন এগৰাকী প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়েও। বাদ পৰি যোৱা নাছিল ইন্দিৰা গান্ধীও। তেওঁৰো প্ৰিয় আছিল এই মিঠাইঘৰৰ বিশেষ কেইবিধমান মিঠাই। দুশ বছৰৰো অধিক দীঘলীয়া ইতিহাস বহন কৰি আজিও লক্ষ্ণৌৰ এটা সৰু গলিত উজলি আছে এই বিশেষ মিঠাইৰ দোকানখন। শেহতীয়াকৈ সংবাদ মাধ্যমে এই বিপণীৰ ইতিহাসত পুনৰ কৰিছে আলোকসম্পাত।

‘ফুড ব্লগাৰ’সকলৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে এই বিপণীখন


জৱাহৰলাল নেহৰুৰ পৰা অটল বিহাৰী বাজপেয়ীলৈ দেশৰ বৰেণ্য লোকৰ লগতে অগনন খাদ্য ৰসিকৰ মন মিঠা ৰসেৰে জিপাল কৰি অহা লক্ষ্ণৌৰ বিশেষ মিঠাইৰ বিপণীখনৰ নাম হৈছে ‘দ্য ৰাম আছৰে হালৱাই’। ১৮০৫চনতে এই মিঠাই দোকানখন মুকলি কৰা হৈছিল। লক্ষ্ণৌৰ বানৱালী গলিৰ ‘চৌক’ এলেকাত এই বিপণীখনে দুশ বছৰৰো অধিক সময় ধৰি নিজৰ সোৱাদ আৰু সুগন্ধ বিলাই আছে। এতিয়া কেৱল লক্ষ্ণৌ বা উত্তৰ প্ৰদেশৰ খাদ্য ৰসিকৰ মন যোগোৱাই নহয় সমগ্ৰ দেশ তথা বিদেশৰো খাদ্য ৰসিক আৰু ‘ফুড ব্লগাৰ’সকলৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে এই বিপণীখন। ‘গিলাউৰী’ বা ‘মালাই পাণ’ এই বিপনীখনৰ বিশেষ আকৰ্ষণ। তদুপৰি ‘দুধিয়া’, ‘হালোৱা ছোহা’, ‘কালে গাজৰ কা হালোৱা’, ‘পেনহাৰা’, ‘ছাদী মিছৰি’, ‘খাচ মিছৰি’ আৰু ‘কেশৰ মিছৰি’ আদি মিঠাইৰ সম্ভাৰে আমোলমোলাই থাকে ‘দ্য ৰাম আছৰে হালৱাই’ৰ চৌপাশ।

এই বিপণী আৰম্ভ কৰা গুপ্তা পৰিয়ালৰ পঞ্চম প্ৰজন্ম বেহাৰী গুপ্তাই বিপণীখনৰ ২০০ বছৰজোৰা সুগন্ধিত যাত্ৰাৰ কথা বৰ্ণনা কৰি কয়. ‘এই বিপণীয়ে ২০০ বছৰ ধৰি দেশৰ বিভিন্ন প্ৰান্তৰ লগতে বিদেশৰো বিভিন্ন খাদ্যৰসিকৰ মন যোগাই আহিছে। ২০০ বছৰে আমাৰ মিঠাইৰ মানো আমি একেদৰে ধৰি ৰাখিছোঁ। আমি আমাৰ মিঠাই প্ৰস্তুত কৰাৰ ফৰ্মুলা একেদৰে ৰাখিছোঁ। বহুতেই আমাৰ মিঠাই নিৰ্মাণৰ ফৰ্মুলা অনুকৰণ কৰাৰ চেষ্টা কৰিছে, বিভিন্ন নতুন উপাদান সংযোগ কৰি আকৰ্ষণীয় কৰাৰ চেষ্টা বিভিন্ন সময়ত কৰিছে যদিও আমাৰ মানৰ সৈতে তেওঁলোকে মোকাবিলা কৰিব পৰা নাই।’ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন ‘ড্ৰাই মিঠাই’ অৰ্ডাৰো কৰা হয় এই বিপনীৰ পৰা। তেওঁলোকে অতি ব্যতিক্ৰমী আৰু এককধৰণে, বিশেষ যত্নেৰে প্ৰস্তত কৰে তেওঁলোকৰ সকলো মিঠাই। গুপ্তাই তেওঁলোকৰ সোণালী দিনৰ কথা স্মৰণ কৰাৰ লগতে তেওঁলোকৰ বিপণীৰে জড়িত নেহৰু, বাজপেয়ীৰ স্মৃতিও ৰোমন্থন কৰে। ‘জৱাহৰলাল নেহৰু আৰু ইন্দিৰা গান্ধীয়ে ‘চানে কা নুক্কাল’ মিঠাইবিধ বৰ ভাল পাইছিল। তেওঁলোক লক্ষ্ণৌলৈ আহিলেই তেওঁলোকে আমাৰ দোকানৰ মিঠাই বিচাৰিছিল। বাজপেয়ীয়ে গিলৌৰী, জেলেবী আৰু ইমাৰতীৰ দৰে মিঠাইৰ সোৱাদ লৈ ভাল পাইছিল।’

এই দীঘলীয়া ইতিহাসলৰ সাক্ষ্য বহন কৰা বিপনীখনকো পিছে চুই গৈছে ক’ভিডৰ ত্ৰাসে। ক’ভিড প্ৰতিৰোধৰ বাবে ঘোষণা কৰা লকডাউনৰ সময়ত এই বিপণীও বন্ধ কৰি ৰাখিবলগীয়া হৈছিল। ক’ভিডোত্তৰ কালত বিপণীখনৰ বিক্ৰী ভালেখিনি হ্ৰাস হোৱা বুলি সদৰি কৰিছে বিপণীখনৰ স্বত্তাধিকাৰীয়ে। পূ্ৰ্বে দৈনিক ৫০হাজাৰ মিঠাই বিক্ৰী হোৱা বিপণীখনত এতিয়া ১০হাজাৰ টকালৈহে দৈনিক বিক্ৰী হয়। অৱশ্যে, সাময়িকভাৱে অহা এই বাধাই বিপণীখনৰ দুই শতিকাজোৰা ইতিহাসক ম্লান কৰিব নোৱাৰে তথা ইয়াৰ গৰিমাময় যাত্ৰাকো স্তব্ধ কৰিব নোৱাৰে বুলিয়েই সকলোৰে বিশ্বাস।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক