--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : এসমত লক্ষ্ণৌৰ নৱাবৰ প্ৰিয় আছিল এই স্থান। দেশৰ প্ৰধানমন্ত্ৰী জৱহৰলাল নেহৰুৱেও লক্ষ্ণৌলৈ আহিলেই ইয়াৰ ‘ক’তো নোপোৱা’ সোৱাদ ল’ব বিচাৰিছিল। ইয়ালৈ আহিলে পৰম তৃপ্তিৰে ‘জেলেপী’, ‘ইমাৰতী’ত কামোৰ মাৰিছিল দেশৰ আন এগৰাকী প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়েও। বাদ পৰি যোৱা নাছিল ইন্দিৰা গান্ধীও। তেওঁৰো প্ৰিয় আছিল এই মিঠাইঘৰৰ বিশেষ কেইবিধমান মিঠাই। দুশ বছৰৰো অধিক দীঘলীয়া ইতিহাস বহন কৰি আজিও লক্ষ্ণৌৰ এটা সৰু গলিত উজলি আছে এই বিশেষ মিঠাইৰ দোকানখন। শেহতীয়াকৈ সংবাদ মাধ্যমে এই বিপণীৰ ইতিহাসত পুনৰ কৰিছে আলোকসম্পাত।

‘ফুড ব্লগাৰ’সকলৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে এই বিপণীখন


জৱাহৰলাল নেহৰুৰ পৰা অটল বিহাৰী বাজপেয়ীলৈ দেশৰ বৰেণ্য লোকৰ লগতে অগনন খাদ্য ৰসিকৰ মন মিঠা ৰসেৰে জিপাল কৰি অহা লক্ষ্ণৌৰ বিশেষ মিঠাইৰ বিপণীখনৰ নাম হৈছে ‘দ্য ৰাম আছৰে হালৱাই’। ১৮০৫চনতে এই মিঠাই দোকানখন মুকলি কৰা হৈছিল। লক্ষ্ণৌৰ বানৱালী গলিৰ ‘চৌক’ এলেকাত এই বিপণীখনে দুশ বছৰৰো অধিক সময় ধৰি নিজৰ সোৱাদ আৰু সুগন্ধ বিলাই আছে। এতিয়া কেৱল লক্ষ্ণৌ বা উত্তৰ প্ৰদেশৰ খাদ্য ৰসিকৰ মন যোগোৱাই নহয় সমগ্ৰ দেশ তথা বিদেশৰো খাদ্য ৰসিক আৰু ‘ফুড ব্লগাৰ’সকলৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে এই বিপণীখন। ‘গিলাউৰী’ বা ‘মালাই পাণ’ এই বিপনীখনৰ বিশেষ আকৰ্ষণ। তদুপৰি ‘দুধিয়া’, ‘হালোৱা ছোহা’, ‘কালে গাজৰ কা হালোৱা’, ‘পেনহাৰা’, ‘ছাদী মিছৰি’, ‘খাচ মিছৰি’ আৰু ‘কেশৰ মিছৰি’ আদি মিঠাইৰ সম্ভাৰে আমোলমোলাই থাকে ‘দ্য ৰাম আছৰে হালৱাই’ৰ চৌপাশ।

এই বিপণী আৰম্ভ কৰা গুপ্তা পৰিয়ালৰ পঞ্চম প্ৰজন্ম বেহাৰী গুপ্তাই বিপণীখনৰ ২০০ বছৰজোৰা সুগন্ধিত যাত্ৰাৰ কথা বৰ্ণনা কৰি কয়. ‘এই বিপণীয়ে ২০০ বছৰ ধৰি দেশৰ বিভিন্ন প্ৰান্তৰ লগতে বিদেশৰো বিভিন্ন খাদ্যৰসিকৰ মন যোগাই আহিছে। ২০০ বছৰে আমাৰ মিঠাইৰ মানো আমি একেদৰে ধৰি ৰাখিছোঁ। আমি আমাৰ মিঠাই প্ৰস্তুত কৰাৰ ফৰ্মুলা একেদৰে ৰাখিছোঁ। বহুতেই আমাৰ মিঠাই নিৰ্মাণৰ ফৰ্মুলা অনুকৰণ কৰাৰ চেষ্টা কৰিছে, বিভিন্ন নতুন উপাদান সংযোগ কৰি আকৰ্ষণীয় কৰাৰ চেষ্টা বিভিন্ন সময়ত কৰিছে যদিও আমাৰ মানৰ সৈতে তেওঁলোকে মোকাবিলা কৰিব পৰা নাই।’ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন ‘ড্ৰাই মিঠাই’ অৰ্ডাৰো কৰা হয় এই বিপনীৰ পৰা। তেওঁলোকে অতি ব্যতিক্ৰমী আৰু এককধৰণে, বিশেষ যত্নেৰে প্ৰস্তত কৰে তেওঁলোকৰ সকলো মিঠাই। গুপ্তাই তেওঁলোকৰ সোণালী দিনৰ কথা স্মৰণ কৰাৰ লগতে তেওঁলোকৰ বিপণীৰে জড়িত নেহৰু, বাজপেয়ীৰ স্মৃতিও ৰোমন্থন কৰে। ‘জৱাহৰলাল নেহৰু আৰু ইন্দিৰা গান্ধীয়ে ‘চানে কা নুক্কাল’ মিঠাইবিধ বৰ ভাল পাইছিল। তেওঁলোক লক্ষ্ণৌলৈ আহিলেই তেওঁলোকে আমাৰ দোকানৰ মিঠাই বিচাৰিছিল। বাজপেয়ীয়ে গিলৌৰী, জেলেবী আৰু ইমাৰতীৰ দৰে মিঠাইৰ সোৱাদ লৈ ভাল পাইছিল।’

এই দীঘলীয়া ইতিহাসলৰ সাক্ষ্য বহন কৰা বিপনীখনকো পিছে চুই গৈছে ক’ভিডৰ ত্ৰাসে। ক’ভিড প্ৰতিৰোধৰ বাবে ঘোষণা কৰা লকডাউনৰ সময়ত এই বিপণীও বন্ধ কৰি ৰাখিবলগীয়া হৈছিল। ক’ভিডোত্তৰ কালত বিপণীখনৰ বিক্ৰী ভালেখিনি হ্ৰাস হোৱা বুলি সদৰি কৰিছে বিপণীখনৰ স্বত্তাধিকাৰীয়ে। পূ্ৰ্বে দৈনিক ৫০হাজাৰ মিঠাই বিক্ৰী হোৱা বিপণীখনত এতিয়া ১০হাজাৰ টকালৈহে দৈনিক বিক্ৰী হয়। অৱশ্যে, সাময়িকভাৱে অহা এই বাধাই বিপণীখনৰ দুই শতিকাজোৰা ইতিহাসক ম্লান কৰিব নোৱাৰে তথা ইয়াৰ গৰিমাময় যাত্ৰাকো স্তব্ধ কৰিব নোৱাৰে বুলিয়েই সকলোৰে বিশ্বাস।


FOLLOW US F
POPULAR
FEATURE
TRENDY
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন