--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ক্ৰমাৎ নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজৰ সংঘৰ্ষস্থলীলৈ পৰিণত হৈছে ভূ-স্বৰ্গ কাশ্মীৰ। উপত্যকাটোত বিগত কেইমাহমানৰ পৰা বৃদ্ধি পোৱা নিৰাপত্তাৰক্ষীৰ সন্ত্ৰাসবাদ বিৰোধী অভিযান ক্ৰমশ: দিনৰ পিছত দিন ধৰি ব্যাপক ৰূপত বৃদ্ধি পাইছে। এনে অভিযানৰ অংশ হিচাপেই বুধবাৰে পুৱতি নিশাৰ পৰা জম্মু-কাশ্মীৰৰ বুদগাম জিলাত নিৰাপত্তাৰক্ষীয়ে চলোৱা দিনজোৰা অভিযানৰ অন্তত নিহত হৈছে তিনিগৰাকী সন্ত্ৰাসবাদী সদস্য।

নিহত এই তিনি সন্ত্ৰাসবাদীৰ ভিতৰত কুখ্যাত সন্ত্ৰাসবাদী লটিফ ৰাথাৰো আছে বুলি কাশ্মীৰ আৰক্ষীয়ে জানিবলৈ দিছে। লটিফ সহ নিহত তিনিওগৰাকী সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ সদস্য বুলি জানিব পৰা গৈছে। উল্লেখ্য যে অঞ্চলটোত তিনিজন সন্ত্ৰাসবাদী সদস্যৰ উপস্থিতিৰ তথ্য লাভ কৰাৰ পিছতে কাশ্মীৰ আৰক্ষী আৰু সেনাৰ এটা যৌথ দলে অভিযান আৰম্ভ কৰে।

নিৰাপত্তাৰক্ষীয়ে অঞ্চলটো ঘেৰাও কৰি পেলোৱাৰ লগে লগে আৱদ্ধ হৈ পৰে তিনিওগৰাৰী সদহ্য। কিন্তু তেওঁলোকে আত্মসমৰ্পণ কৰাৰ বিপৰীতে সেনাৰ ওপৰত আক্ৰমণ কৰে আৰু নিৰাপত্তাৰক্ষীৰ দলটোৱেও প্ৰতি আক্ৰমণ হিচাপে গুলীবৰ্ষণ কৰে বুলি আৰক্ষীয়ে জানিবলৈ দিছে।

কাশ্মীৰৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান বিজয় কুমাৰে লস্কৰ-ই-তৈবাৰ এই তিনিও সন্ত্ৰাসবাদীৰ হত্যাৰ কথা সদৰী কৰিছে। তেওঁ লগতে কয় যে সংঘৰ্ষস্থলীৰ পৰা ইতিমধ্যে তিনিওটা মৃতদেহ উদ্ধাৰ কৰিছে।

লটিফৰ বিপৰীতে বাকী দুজনৰ চিনাক্তকৰণ এতিয়াও নিশ্চিত হোৱা নাই। ঘটনাস্থলীৰ পৰা বহু আপত্তিজনক সামগ্ৰী, অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ উদ্ধাৰ কৰা হৈছে বুলি তেওঁ লগতে কয়।ইফালে কাশ্মীৰ জোন পুলিচৰ মতে নিহত লটিফ ৰাথাৰ কাশ্মীৰী পণ্ডিত ৰাহুল ভাট আৰু অমৰিন ভাটকে ধৰি কেইবাটাও অসামৰিক লোকৰ হত্যাত জড়িত আছিল।

অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান বিজয় কুমাৰে লটিফ ৰাথাৰ যোৱা ১০ বছৰ ধৰি কাশ্মীৰত সক্ৰিয় হৈ আছিল বুলি জানিবলৈ দিছে। ২০১২ চনত ভাৰতীয় সেনাৰ ওপৰত হোৱা আটাইতকৈ ডাঙৰ সন্ত্ৰাসবাদী আক্ৰমণতো লটিফ জড়িত আছিল বুলি উঠিছিল।

উল্লেখ্য যে বিগত মে’ মাহত সন্ত্ৰাসবাদীয়ে বুদগামত ৰাজহ বিভাগৰ কৰ্মচাৰী কাশ্মীৰী পণ্ডিত ৰাহুল ভাটৰ ওপৰত গুলী চালনা কৰি হত্যা কৰিছিল। ইয়াৰ পিছতে ২৬ মে'ত বুদগামৰ চাদুৰা অঞ্চলত কাশ্মীৰী টিভি অভিনেতা অমৰিন ভাটক অচিনাক্ত সন্ত্ৰাসবাদীয়ে হত্যা কৰিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ই আই’-এ চিনাক্ত কৰিব ফ্ল’ৰাইড-আৰ্চেনিক; IIT গুৱাহাটীৰ গৱেষকৰ উদ্ভাৱন
১৯ দিনৰ পাছতো ভয়াৱহ ৰূপত অসমৰ বান পৰিস্থিতি
স্বাভাৱিক হ’ব ৰে’ল সেৱা; শিৱসাগৰত বানত ক্ষতিগ্ৰস্ত ৰে’লপথৰ মেৰামতি সম্পন্ন
ক্ষুদ্ৰ চাহ খেতিয়কৰ উল্লেখনীয় অৱদান; জুনত অসমৰ চাহ উৎপাদন ১৪.০২ মিলিয়ন কেজি বৃদ্ধি
৬০০সংখ্যক টেষ্ট খেলিব ভাৰতে; ১৫ আগষ্টত শ্ৰীলংকাৰ গালেত ৰচনা হ’ব ইতিহাস
শিৱসাগৰৰ অভিজিত দুৱৰাৰ উদ্ভাৱন; বানে ঢকা নলা-নৰ্দমা আৰু গাঁতৰ পৰা হোৱা বিপদ ৰোধিবলৈ সৌৰ সুৰক্ষা যন্ত্ৰ নিৰ্মাণ
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ