--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ক্ৰমাৎ নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজৰ সংঘৰ্ষস্থলীলৈ পৰিণত হৈছে ভূ-স্বৰ্গ কাশ্মীৰ। উপত্যকাটোত বিগত কেইমাহমানৰ পৰা বৃদ্ধি পোৱা নিৰাপত্তাৰক্ষীৰ সন্ত্ৰাসবাদ বিৰোধী অভিযান ক্ৰমশ: দিনৰ পিছত দিন ধৰি ব্যাপক ৰূপত বৃদ্ধি পাইছে। এনে অভিযানৰ অংশ হিচাপেই বুধবাৰে পুৱতি নিশাৰ পৰা জম্মু-কাশ্মীৰৰ বুদগাম জিলাত নিৰাপত্তাৰক্ষীয়ে চলোৱা দিনজোৰা অভিযানৰ অন্তত নিহত হৈছে তিনিগৰাকী সন্ত্ৰাসবাদী সদস্য।

নিহত এই তিনি সন্ত্ৰাসবাদীৰ ভিতৰত কুখ্যাত সন্ত্ৰাসবাদী লটিফ ৰাথাৰো আছে বুলি কাশ্মীৰ আৰক্ষীয়ে জানিবলৈ দিছে। লটিফ সহ নিহত তিনিওগৰাকী সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ সদস্য বুলি জানিব পৰা গৈছে। উল্লেখ্য যে অঞ্চলটোত তিনিজন সন্ত্ৰাসবাদী সদস্যৰ উপস্থিতিৰ তথ্য লাভ কৰাৰ পিছতে কাশ্মীৰ আৰক্ষী আৰু সেনাৰ এটা যৌথ দলে অভিযান আৰম্ভ কৰে।

নিৰাপত্তাৰক্ষীয়ে অঞ্চলটো ঘেৰাও কৰি পেলোৱাৰ লগে লগে আৱদ্ধ হৈ পৰে তিনিওগৰাৰী সদহ্য। কিন্তু তেওঁলোকে আত্মসমৰ্পণ কৰাৰ বিপৰীতে সেনাৰ ওপৰত আক্ৰমণ কৰে আৰু নিৰাপত্তাৰক্ষীৰ দলটোৱেও প্ৰতি আক্ৰমণ হিচাপে গুলীবৰ্ষণ কৰে বুলি আৰক্ষীয়ে জানিবলৈ দিছে।

কাশ্মীৰৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান বিজয় কুমাৰে লস্কৰ-ই-তৈবাৰ এই তিনিও সন্ত্ৰাসবাদীৰ হত্যাৰ কথা সদৰী কৰিছে। তেওঁ লগতে কয় যে সংঘৰ্ষস্থলীৰ পৰা ইতিমধ্যে তিনিওটা মৃতদেহ উদ্ধাৰ কৰিছে।

লটিফৰ বিপৰীতে বাকী দুজনৰ চিনাক্তকৰণ এতিয়াও নিশ্চিত হোৱা নাই। ঘটনাস্থলীৰ পৰা বহু আপত্তিজনক সামগ্ৰী, অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ উদ্ধাৰ কৰা হৈছে বুলি তেওঁ লগতে কয়।ইফালে কাশ্মীৰ জোন পুলিচৰ মতে নিহত লটিফ ৰাথাৰ কাশ্মীৰী পণ্ডিত ৰাহুল ভাট আৰু অমৰিন ভাটকে ধৰি কেইবাটাও অসামৰিক লোকৰ হত্যাত জড়িত আছিল।

অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান বিজয় কুমাৰে লটিফ ৰাথাৰ যোৱা ১০ বছৰ ধৰি কাশ্মীৰত সক্ৰিয় হৈ আছিল বুলি জানিবলৈ দিছে। ২০১২ চনত ভাৰতীয় সেনাৰ ওপৰত হোৱা আটাইতকৈ ডাঙৰ সন্ত্ৰাসবাদী আক্ৰমণতো লটিফ জড়িত আছিল বুলি উঠিছিল।

উল্লেখ্য যে বিগত মে’ মাহত সন্ত্ৰাসবাদীয়ে বুদগামত ৰাজহ বিভাগৰ কৰ্মচাৰী কাশ্মীৰী পণ্ডিত ৰাহুল ভাটৰ ওপৰত গুলী চালনা কৰি হত্যা কৰিছিল। ইয়াৰ পিছতে ২৬ মে'ত বুদগামৰ চাদুৰা অঞ্চলত কাশ্মীৰী টিভি অভিনেতা অমৰিন ভাটক অচিনাক্ত সন্ত্ৰাসবাদীয়ে হত্যা কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
শৃংখলাৰ পৰা বাহিৰ নীতিশ কুমাৰ ৰেড্ডী
বঙাইগাঁৱত আত্মহত্যা কনিষ্ঠ অভিযন্তা জ্যোশিতা দাসৰ
খৰাঙৰে যুঁজাত ব্যৰ্থ ৰাজ্যৰ জলসিঞ্চন বিভাগ
ট্রাম্পে প'ষ্ট কৰিলে ওবামাৰ গ্ৰেপ্তাৰৰ AI সৃষ্ট ভিডিঅ'
থলুৱা কাঁহ উদ্যোগীয়ে ঘূৰাই পাব নগদ ধন
কামপুৰত ১৬টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰসহ আটক সৰবৰাহকাৰী ইছাফিল হক
১৬০০ কোটি টকাৰ বাম্পাৰ পেকেজ! মাৰ্ক জুকাৰবাৰ্গে কাক দিলে ইমান টকা দৰমহা…
কাৰাগাৰত মৌলবাদৰ প্ৰসাৰক লৈ উদ্বিগ্ন কেন্দ্ৰ ; নিয়ন্ত্ৰণৰ বাবে ৰাজ্যসমূহলৈ পত্ৰ
ভাৰতবাসীৰ বাবে নীৰৱ ঘাতক হৈ পৰিছে নিমখ
মণিপুৰত আৰক্ষী বৃহৎ তালাচীত ৮৬টা অস্ত্র, ৯৭৪টা গ্ৰেনেড-গোলা উদ্ধাৰ
পিতৃ-মাতৃ হ’ল সিদ্ধাৰ্থ-কিয়াৰা, অনুৰাগীৰ মাজত আনন্দৰ লহৰ
ডিমা হাছাওত প্ৰচণ্ড ভূমিস্খলনত দুই জন লোকৰ মৃত্যু
শ্বাহৰূখৰ সৈতে বিবাহ, উদিতৰ সৈতে প্ৰেম...৬ বছৰীয়া কন্যা সন্তানক হত্যা কৰি প্ৰেমিকৰ সৈতে কৰিলে পাৰ্টী
ক্ৰিকেটেৰে আৰম্ভ হ'ব অলিম্পিক