--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : প্ৰখ্যাত সংগীতশিল্পী কে কে মৃত্যুৰ শোকে আজিও গোমা কৰি ৰাখিছে দেশৰ সাংস্কৃতিক ক্ষেত্ৰখন। কে কেৰ মৃত্যুক আজিও সহজভাৱে লব পৰা নাই তেওঁৰ লক্ষ লক্ষ অনুৰাগীয়ে।  কি পৰিস্থিতিত জনপ্ৰিয় শিল্পীগৰাকীয়ে প্ৰাণ হেৰুৱাবলগীয়া হল তাক লৈ এতিয়া চলিছে তুমুল চৰ্চা। অত্যধিক ভিৰ থকা আৰু অস্বাস্থ্যকৰ প্ৰেক্ষাগৃহ, তীব্ৰ গৰম আৰু আৰ্দ্ৰ পৰিস্থিতিৰ প্ৰভাৱত তেওঁৰ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ যোৱা বুলি ব্যাপক চৰ্চা চলিছে। এই সন্দেহতে আৰক্ষীয়ে তদন্তও আৰম্ভ কৰিছে। কিন্তু তেওঁ স্বাস্থ্য সম্পৰ্কীয় কেইটামান নতুন তথ্য কলকাতা আৰক্ষীয়ে পোহৰলৈ আনিবলৈ সক্ষম হৈছে।

 

আৰক্ষীয়ে প্ৰকাশ কৰা মতে জনপ্ৰিয় শিল্পীগৰাকীয়ে তেওঁৰ মৃত্যুৰ মাত্ৰ কেইঘণ্টামানৰ পূৰ্বে পত্নীক বাহুত বিষ হোৱা বুলি জনাইছিল। ৩১ মেৰ দিনা এনে শাৰীৰিক অসুস্থতা লৈয়েই তেওঁ মঞ্চত উঠিছিল আৰু অনুষ্ঠান শেষ হোৱাৰ খন্তেক পাছতে তেওঁ ঢলি পৰিছিল। কেৱল এয়াই নহয়, শিল্পীগৰাকীয়ে তেওঁৰ মেনেজাৰক সংগীতানুষ্ঠানৰ পূ্ৰ্বে শাৰীৰিক দুৰ্বলতা অনুভৱ কৰাৰ কথাও জনাইছিল বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।

 

উল্লেখ্য যে, শিল্পীগৰাকীৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰাথমিক তথ্যত তেওঁৰ মৃত্যু গুৰুতৰ হাৰ্ট এটেকৰ ফলতে হোৱা বুলি কোৱা হৈছে। প্ৰথম অৱস্থাত কলকাতা আৰক্ষীয়ে তেওঁৰ মৃত্যুৰ কাৰণ অপ্ৰাকৃতিক হব পাৰে বুলি সন্দেহ কৰি তদন্ত আৰম্ভ কৰিছিল যদিও মৰণোত্তৰ পৰীক্ষাত তেওঁ কোনো অপ্ৰাকৃতিক কাৰণ ধৰা পৰা নাই। তেওঁৰ মুখমণ্ডল আৰু মূৰত আঘাতৰ চিন থকা বুলি আৰক্ষীয়ে দাবী কৰিছিল। কিন্তু মৰণোত্তৰ পৰীক্ষাৰ পাছত তেওঁৰ মৃত্যুত তেনে আঘাতে কোনো প্ৰভাৱ পেলোৱা নাই বুলি প্ৰকাশ পাইছে।

 

এটা সূত্ৰই প্ৰকাশ কৰা মতে, অনুষ্ঠান সামৰি হোটললৈ ওভতাৰ পাছত ছোফাৰ ফালে যোৱাৰ সময়তে তেওঁ বাগৰি পৰিছিল আৰু ছোফাত খুন্দা খাই তেওঁ কপালত আঘাত পাইছিল। কেৱল এয়াই নহয়, কিলাকুটিতো তেওঁ আঘাত পোৱা চিন আছে। তেওঁৰ মেনেজাৰে তেওঁ পৰি থকাৰ পৰা উঠাবলৈ সক্ষম নোহোৱাত তেওঁ হোটেলৰ কৰ্মচাৰীৰ সহায় লয় আৰু ততালিকে তেওঁ ষ্ট্ৰেচাৰত উঠাই লৈ চিএমআৰআই হাস্পতাললৈ লৈ যোৱা হয়। কিন্তু হাস্পতাল পোৱাৰ পূৰ্বেই তেওঁৰ মৃত্যু হোৱা বুলি পাছত হাস্পতালৰ ফালৰ পৰা জনোৱা হয়।

 

ইফালে, তেওঁৰ হোটেলৰ কোঠাৰ পৰা কেইবাবিধো ঔষধ উদ্ধাৰ কৰিছে তদন্তকাৰী আৰক্ষীয়ে। এই ঔষধবোৰৰ মাজত এণ্টাচিড, ভিটামিন চি আৰু হোমিঅপেথী বড়িও পোৱা গৈছে। তেওঁ নিয়মীয়াকৈ এণ্টাচিড আৰু ডাইজিনৰ দৰে দৰৱ সেৱন কৰিছিল বুলি তেওঁৰ ঘনিষ্ঠ লোকে আৰক্ষীক জনাইছে। আনহাতে মৰনোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ কথা প্ৰকাশ কৰি আৰক্ষীয়ে জনাইছে যে, তেওঁৰ হৃদযন্ত্ৰৰ চৌপাশে চৰ্বিৰ আবৰণ চিহ্নিত হৈছে। সেয়া বগা হৈ পৰা দেখিবলৈ পোৱা গৈছিল। তদুপৰি হৃদযন্ত্ৰৰ ভাল্ববোৰ টান হৈ পৰিছিল আৰু এয়া দীঘলীয়া সময়ৰ পৰা হৈ আহিছিল বুলি মৰণোত্তৰ পৰীক্ষাত স্পষ্ট কৰি দিয়া হৈছিল।




FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰেম বিবাহৰ ৬ মাহ পাছতেই নিজৰ দেহত জুই লগাই আ*ত্ম*হ*ত্যা স্নেহাৰ! কৰ্মসূত্ৰে স্বামী আছিল বাহিৰত
‘সন্ত্ৰাসবাদ আৰু মেচ কেনেকৈ একেলগে চলিব পাৰে’, ভাৰত-পাকিস্তানৰ মেচক লৈ প্ৰশ্ন উত্থাপন AIMIMৰ
আয় বহির্ভূত সম্পত্তি!  মালিগাঁৱৰ সহকাৰী কাৰ্যবাহী অভিযন্তা প্ৰণৱ বৈশ্যৰ বিৰুদ্ধে গোচৰ ৰুজু CBIৰ
১৯৭৩ চনৰ বিমান হাইজেকত জড়িত নেপালৰ প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কিৰ স্বামী
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
জাপানত ৰাজনৈতিক অস্থিৰতা! প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই কৰিলে পদত্যাগ