--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : প্ৰখ্যাত সংগীতশিল্পী কে কে মৃত্যুৰ শোকে আজিও গোমা কৰি ৰাখিছে দেশৰ সাংস্কৃতিক ক্ষেত্ৰখন। কে কেৰ মৃত্যুক আজিও সহজভাৱে লব পৰা নাই তেওঁৰ লক্ষ লক্ষ অনুৰাগীয়ে।  কি পৰিস্থিতিত জনপ্ৰিয় শিল্পীগৰাকীয়ে প্ৰাণ হেৰুৱাবলগীয়া হল তাক লৈ এতিয়া চলিছে তুমুল চৰ্চা। অত্যধিক ভিৰ থকা আৰু অস্বাস্থ্যকৰ প্ৰেক্ষাগৃহ, তীব্ৰ গৰম আৰু আৰ্দ্ৰ পৰিস্থিতিৰ প্ৰভাৱত তেওঁৰ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ যোৱা বুলি ব্যাপক চৰ্চা চলিছে। এই সন্দেহতে আৰক্ষীয়ে তদন্তও আৰম্ভ কৰিছে। কিন্তু তেওঁ স্বাস্থ্য সম্পৰ্কীয় কেইটামান নতুন তথ্য কলকাতা আৰক্ষীয়ে পোহৰলৈ আনিবলৈ সক্ষম হৈছে।

 

আৰক্ষীয়ে প্ৰকাশ কৰা মতে জনপ্ৰিয় শিল্পীগৰাকীয়ে তেওঁৰ মৃত্যুৰ মাত্ৰ কেইঘণ্টামানৰ পূৰ্বে পত্নীক বাহুত বিষ হোৱা বুলি জনাইছিল। ৩১ মেৰ দিনা এনে শাৰীৰিক অসুস্থতা লৈয়েই তেওঁ মঞ্চত উঠিছিল আৰু অনুষ্ঠান শেষ হোৱাৰ খন্তেক পাছতে তেওঁ ঢলি পৰিছিল। কেৱল এয়াই নহয়, শিল্পীগৰাকীয়ে তেওঁৰ মেনেজাৰক সংগীতানুষ্ঠানৰ পূ্ৰ্বে শাৰীৰিক দুৰ্বলতা অনুভৱ কৰাৰ কথাও জনাইছিল বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।

 

উল্লেখ্য যে, শিল্পীগৰাকীৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰাথমিক তথ্যত তেওঁৰ মৃত্যু গুৰুতৰ হাৰ্ট এটেকৰ ফলতে হোৱা বুলি কোৱা হৈছে। প্ৰথম অৱস্থাত কলকাতা আৰক্ষীয়ে তেওঁৰ মৃত্যুৰ কাৰণ অপ্ৰাকৃতিক হব পাৰে বুলি সন্দেহ কৰি তদন্ত আৰম্ভ কৰিছিল যদিও মৰণোত্তৰ পৰীক্ষাত তেওঁ কোনো অপ্ৰাকৃতিক কাৰণ ধৰা পৰা নাই। তেওঁৰ মুখমণ্ডল আৰু মূৰত আঘাতৰ চিন থকা বুলি আৰক্ষীয়ে দাবী কৰিছিল। কিন্তু মৰণোত্তৰ পৰীক্ষাৰ পাছত তেওঁৰ মৃত্যুত তেনে আঘাতে কোনো প্ৰভাৱ পেলোৱা নাই বুলি প্ৰকাশ পাইছে।

 

এটা সূত্ৰই প্ৰকাশ কৰা মতে, অনুষ্ঠান সামৰি হোটললৈ ওভতাৰ পাছত ছোফাৰ ফালে যোৱাৰ সময়তে তেওঁ বাগৰি পৰিছিল আৰু ছোফাত খুন্দা খাই তেওঁ কপালত আঘাত পাইছিল। কেৱল এয়াই নহয়, কিলাকুটিতো তেওঁ আঘাত পোৱা চিন আছে। তেওঁৰ মেনেজাৰে তেওঁ পৰি থকাৰ পৰা উঠাবলৈ সক্ষম নোহোৱাত তেওঁ হোটেলৰ কৰ্মচাৰীৰ সহায় লয় আৰু ততালিকে তেওঁ ষ্ট্ৰেচাৰত উঠাই লৈ চিএমআৰআই হাস্পতাললৈ লৈ যোৱা হয়। কিন্তু হাস্পতাল পোৱাৰ পূৰ্বেই তেওঁৰ মৃত্যু হোৱা বুলি পাছত হাস্পতালৰ ফালৰ পৰা জনোৱা হয়।

 

ইফালে, তেওঁৰ হোটেলৰ কোঠাৰ পৰা কেইবাবিধো ঔষধ উদ্ধাৰ কৰিছে তদন্তকাৰী আৰক্ষীয়ে। এই ঔষধবোৰৰ মাজত এণ্টাচিড, ভিটামিন চি আৰু হোমিঅপেথী বড়িও পোৱা গৈছে। তেওঁ নিয়মীয়াকৈ এণ্টাচিড আৰু ডাইজিনৰ দৰে দৰৱ সেৱন কৰিছিল বুলি তেওঁৰ ঘনিষ্ঠ লোকে আৰক্ষীক জনাইছে। আনহাতে মৰনোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ কথা প্ৰকাশ কৰি আৰক্ষীয়ে জনাইছে যে, তেওঁৰ হৃদযন্ত্ৰৰ চৌপাশে চৰ্বিৰ আবৰণ চিহ্নিত হৈছে। সেয়া বগা হৈ পৰা দেখিবলৈ পোৱা গৈছিল। তদুপৰি হৃদযন্ত্ৰৰ ভাল্ববোৰ টান হৈ পৰিছিল আৰু এয়া দীঘলীয়া সময়ৰ পৰা হৈ আহিছিল বুলি মৰণোত্তৰ পৰীক্ষাত স্পষ্ট কৰি দিয়া হৈছিল।




FOLLOW US F
POPULAR
FEATURE
TRENDY
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ