--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : সোমবাৰে মাজনিশালৈকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অনুষ্ঠিত কৰিলে বৈঠক ৷ উত্তৰ প্ৰদেশৰ বাৰাণসীত সোমবাৰে কাশী বিশ্বনাথ প্ৰকল্পৰ প্ৰথম পৰ্যায়ৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপিৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে বৈঠকত মিলিত হয়৷ এই বৈঠকত ভাৰতক উন্নতিৰ শিখৰত প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰ আলোচনাত মিলিত হোৱা বুলি জানিব পৰা গৈছে৷

https://twitter.com/narendramodi/status/1470466023618797580?s=20

বিজেপিৰ মুখ্যমন্ত্ৰী আৰু উপমুখ্যমন্ত্ৰীৰে হোৱা প্ৰায় ৬ ঘণ্টাজোৰা বৈঠক ৰ পাছত প্ৰধানমন্ত্ৰীক দেখিবলৈ পোৱা গ'ল উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ সৈতে নিশা ৰেল'ৱে ষ্টেচনত খোজ কাঢ়ি থকা অৱস্থাত৷ মোদীয়ে বাৰাণস ষ্টেচনত উপস্থিত হৈ ৰাজ্যখনত ৰে'লৱে সেৱা উন্নত কৰাৰ পৰিকল্পনা কৰা লগতে পৰিষ্কাৰ, অত্যাধুনিক আৰু যাত্ৰীৰ সুবিধাৰে কাম কৰাৰ কথা উল্লেখ কৰে৷ এই বিষয়ে মোদীয়ে টুইটাৰত কয় যে, তেওঁ কাশীত গুৰুত্বপূৰ্ণ উন্নয়নমূলক কামবোৰ পৰিদৰ্শন কৰিছে। এই পবিত্ৰ চহৰখনক সৰ্বশ্ৰেষ্ঠ আন্তঃগাঁথনি দিয়াটো তেওঁলোকৰ প্ৰয়াস।

https://twitter.com/narendramodi/status/1470474104604016640?s=20

উল্লেখ্য যে বাৰাণসীত আজি পুনৰ বৈঠকত মিলিত হ'ব মুখ্যমন্ত্ৰীসকলৰ সৈতে প্ৰধানমন্ত্ৰী মোদী৷ ৰাজ্যখনত অনুষ্ঠিত হ'ব লগা আগন্তুক বিধানসভা নিৰ্বাচনক লৈ বিশেষ পৰিকল্পনা প্ৰস্তুত কৰাৰ সম্ভাৱনা আছে এই বৈঠকত৷ বৰ্তমান বিজেপিৰ শাসনত থকা উত্তৰ প্ৰদেশৰ চৰকাৰখনে পুনৰ আগন্তুক নিৰ্বাচনত সংখ্যাগৰিষ্ঠতা লাভৰ চেষ্টাৰে তৈয়াৰ কৰিব নিৰ্বাচনী ৰণকৌশল৷ মোদীৰ দ্বিতীয়া দিনৰ কাৰ্যসূচীত বাৰাণসীৰ বিখ্যাত মন্দিৰ চৌহদত অনুষ্ঠিত এক কাৰ্যসূচীত অংশগ্ৰহণ কৰি দিল্লীলৈ উভটিব৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন