--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : আমাৰ সমাজ ব্যৱস্থাত জণ্ডিচক এক মাৰাত্মক ৰোগ বুলি গণ্য কৰা হয়৷ কিন্তু আধুনিক চিকিৎসা বিজ্ঞানৰ মতে জণ্ডিছ কোনো ৰোগ নহয়৷ ই হৈছে আমাৰ শৰীৰত হোৱা বিভিন্ন ৰোগৰ এক অৱস্থা৷ জণ্ডিচত দেহৰ ৰং হালধীয়া হোৱাৰ উপৰি চকুৰ বগা অংশৰ বাহিৰে মুখগহ্বৰ আদিত এই হালধীয়া ৰং সহজে ধৰিব পাৰি। ইয়াৰ উপৰি প্ৰসাৱৰ ৰঙো হালধীয়া হয়। জণ্ডিছ বিভিন্ন ৰোগৰ বাবে হ'ব পাৰে। সাধাৰণতে যকৃৎ, পিত্তথলী বা অগ্ন্যাশয়ৰ অসুখ হ'লে জণ্ডিছে দেখা দিয়ে। কেতিয়াবা ৰক্তজনিত ৰোগৰ বাবেও জণ্ডিচ হ'ব পাৰে।

মানৱ শৰীৰৰ তেজত থকা বিলিৰুবিন ( bilirubin ) নামৰ এবিধ ৰন্জক পদাৰ্থৰ অত্যধিক হাৰত বৃদ্ধি পালে উপৰোক্ত স্থানসমূহ হালধীয়া অৱস্থা পায়৷সাধাৰণতে এই বিলুৰুবিন দুই প্ৰকাৰৰ হয়-
১) আনকন্জুগেটেত বা ইনদাইৰেক্ট( unconjugated or  Indirect)
২) কন্জুগেটেত বা ডাইৰেক্ট ( conjugated or direct)

ভাৰতৰ দৰে গ্ৰীষ্মপ্ৰধান দেশত জণ্ডিছ এটা সাধাৰণ ৰোগৰ দৰে হৈ পৰিছে। পৰ্যাপ্ত বিশ্ৰাম, ঔষধ আৰু সুষম আহাৰ এই ৰোগ নিৰাময়ৰ মূলমন্ত্ৰ। জানো আহক জণ্ডিছ ৰোগ নিৰাময়ৰ বাবে আহাৰ গ্ৰহণৰ ক্ষেত্ৰত কেনেদৰে যত্ন ল‘ব লাগে-
১. যথেষ্ট পৰিমাণে বিশুদ্ধ পানী সেৱন কৰক। যিমানে পানী সেৱন কৰিব সিমানেই অধিক মাত্ৰাত শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ বাহিৰ হয়।

২. জণ্ডিছ হোৱাৰ ফলত লিভাৰ দুৰ্বল হৈ পৰে। ফলত পাচনতন্ত্ৰ আৰু পাচনক্ৰিয়া হ্ৰাস পাবলৈ ধৰে। গতিকে এই ৰোগত পৰাপক্ষত জুলীয়া আহাৰ গ্ৰহণ কৰা জৰুৰী।

৩. জণ্ডিছ ৰোগ আৰোগ্য হ'বলৈ চুপজাতীয় খাদ্য অধিক পৰিমাণে গ্ৰহণ কৰাৰ বিপৰীতে গোটা আহাৰ বৰ্জন কৰি চলা উচিত।

৪. এই সময়ত ফলৰ ৰসো সেৱন কৰিব পাৰে। যিমানেই সহজে হজম হোৱা খাদ্য গ্ৰহণ কৰিব সিমান সোনকালে জণ্ডিছ ৰোগ উপশম হয়। 

৫. জণ্ডিছ হৈ থকাৰ সময়ত বহুলোকে মাংসৰ পৰা পোৱা প্ৰ‘টিন হজম কৰিব নোৱাৰে। কিন্তু প্ৰ‘টিন শৰীৰৰ বাবে অত্যন্ত প্ৰয়োজনীয় এটা উপাদান। এনে ক্ষেত্ৰত অধিক পৰিমাণে দাইল আৰু মাহজাতীয় খাদ্য গ্ৰহণ কৰিব পাৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰাগজ্যোতি ITA চেণ্টাৰত ব্যতিক্ৰমৰ অনুষ্ঠান;'বিমূৰ্ত মোৰ নিশাটি'ৰে সুধাকণ্ঠলৈ বিশেষ শ্ৰদ্ধাঞ্জলি বি পাল্কীৰ
অসমৰ সাংস্কৃতিক জগত উকা কৰি বৈকুণ্ঠলৈ গমন কৰিলে নাগাৰা নামৰ সম্ৰাট ৰামচৰণ ভড়ালীয়ে
'পৰ্ণ' বজাৰত বিক্ৰী প্ৰসূতিৰ গোপন ছবি, দেশৰ জঘন্যতম চাইবাৰ অপৰাধ ফাদিল
লিভাৰ বেয়া হোৱাৰ ১৪টা লক্ষণ; জানি লওক আৰু সাৱধান হওক
বচ্চন পৰিয়ালত আৰ্থিক সমস্যা ! অমিতাভে বিক্ৰী কৰিলে দুটাকৈ বিলাসী ফ্লেট
নিলম্বন কৰা হ'ল হাফলং উপকাৰাগাৰৰ 'Jailer' আৰু 'Warder'ক
'হেছটেগ জাষ্টিচ ফৰ জুবিন গাৰ্গ'এ স্পর্শ কৰিলে ৪.১ মিলিয়ন, অসমীয়াৰ ডিজিটেল আন্দোলনৰ অভিলেখ
প্রধানমন্ত্রী মোদী দেখিবলৈও সুন্দৰ, তেওঁ মহান ব্যক্তি; মোদীৰ প্ৰশংসাত পঞ্চমুখ মাৰ্কিন ৰাষ্ট্ৰপতি ট্রাম্প
ৰৈ ৰৈ বিনালে চাবলৈ নোপোৱা দুখে দহিছে মাজুলীবাসীক ; মাজুলীত ছবিগৃহ নিৰ্মাণ কৰাৰ কথা মঞ্চত ঘোষণা কৰিছিল জুবিন গাৰ্গে
বাংলাদেশৰ জাতীয় সংগীত গোৱা কংগ্ৰেছীৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ তৰিব অসম চৰকাৰে
জুবিনৰ শক্তি! ‘ৰৈ ৰৈ বিনালে’ৰ বাবে অসমত এটাও দৰ্শনী পোৱা নাই আজি মুক্তি পোৱা ‘বাহুবলী ৩’য়ে
৩৩ বছৰৰ পাছত পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰিব আমেৰিকাই, ৰাছিয়া-চীনক লক্ষ্য কৰি ট্ৰাম্পৰ ঘোষণা
বল্লভভাই পেটেলক স্মৰণ কৰি বিশাল পেৰেডেৰে আজি একতা দিৱস উদযাপন; অনুষ্ঠানত উপস্থিত প্ৰধানমন্ত্ৰী মোদী
শিৱসাগৰত ভয়াৱহ পথ দুৰ্ঘটনা!  দুজনৰ অৱস্থা সংকটজনক