--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : আমাৰ সমাজ ব্যৱস্থাত জণ্ডিচক এক মাৰাত্মক ৰোগ বুলি গণ্য কৰা হয়৷ কিন্তু আধুনিক চিকিৎসা বিজ্ঞানৰ মতে জণ্ডিছ কোনো ৰোগ নহয়৷ ই হৈছে আমাৰ শৰীৰত হোৱা বিভিন্ন ৰোগৰ এক অৱস্থা৷ জণ্ডিচত দেহৰ ৰং হালধীয়া হোৱাৰ উপৰি চকুৰ বগা অংশৰ বাহিৰে মুখগহ্বৰ আদিত এই হালধীয়া ৰং সহজে ধৰিব পাৰি। ইয়াৰ উপৰি প্ৰসাৱৰ ৰঙো হালধীয়া হয়। জণ্ডিছ বিভিন্ন ৰোগৰ বাবে হ'ব পাৰে। সাধাৰণতে যকৃৎ, পিত্তথলী বা অগ্ন্যাশয়ৰ অসুখ হ'লে জণ্ডিছে দেখা দিয়ে। কেতিয়াবা ৰক্তজনিত ৰোগৰ বাবেও জণ্ডিচ হ'ব পাৰে।

মানৱ শৰীৰৰ তেজত থকা বিলিৰুবিন ( bilirubin ) নামৰ এবিধ ৰন্জক পদাৰ্থৰ অত্যধিক হাৰত বৃদ্ধি পালে উপৰোক্ত স্থানসমূহ হালধীয়া অৱস্থা পায়৷সাধাৰণতে এই বিলুৰুবিন দুই প্ৰকাৰৰ হয়-
১) আনকন্জুগেটেত বা ইনদাইৰেক্ট( unconjugated or  Indirect)
২) কন্জুগেটেত বা ডাইৰেক্ট ( conjugated or direct)

ভাৰতৰ দৰে গ্ৰীষ্মপ্ৰধান দেশত জণ্ডিছ এটা সাধাৰণ ৰোগৰ দৰে হৈ পৰিছে। পৰ্যাপ্ত বিশ্ৰাম, ঔষধ আৰু সুষম আহাৰ এই ৰোগ নিৰাময়ৰ মূলমন্ত্ৰ। জানো আহক জণ্ডিছ ৰোগ নিৰাময়ৰ বাবে আহাৰ গ্ৰহণৰ ক্ষেত্ৰত কেনেদৰে যত্ন ল‘ব লাগে-
১. যথেষ্ট পৰিমাণে বিশুদ্ধ পানী সেৱন কৰক। যিমানে পানী সেৱন কৰিব সিমানেই অধিক মাত্ৰাত শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ বাহিৰ হয়।

২. জণ্ডিছ হোৱাৰ ফলত লিভাৰ দুৰ্বল হৈ পৰে। ফলত পাচনতন্ত্ৰ আৰু পাচনক্ৰিয়া হ্ৰাস পাবলৈ ধৰে। গতিকে এই ৰোগত পৰাপক্ষত জুলীয়া আহাৰ গ্ৰহণ কৰা জৰুৰী।

৩. জণ্ডিছ ৰোগ আৰোগ্য হ'বলৈ চুপজাতীয় খাদ্য অধিক পৰিমাণে গ্ৰহণ কৰাৰ বিপৰীতে গোটা আহাৰ বৰ্জন কৰি চলা উচিত।

৪. এই সময়ত ফলৰ ৰসো সেৱন কৰিব পাৰে। যিমানেই সহজে হজম হোৱা খাদ্য গ্ৰহণ কৰিব সিমান সোনকালে জণ্ডিছ ৰোগ উপশম হয়। 

৫. জণ্ডিছ হৈ থকাৰ সময়ত বহুলোকে মাংসৰ পৰা পোৱা প্ৰ‘টিন হজম কৰিব নোৱাৰে। কিন্তু প্ৰ‘টিন শৰীৰৰ বাবে অত্যন্ত প্ৰয়োজনীয় এটা উপাদান। এনে ক্ষেত্ৰত অধিক পৰিমাণে দাইল আৰু মাহজাতীয় খাদ্য গ্ৰহণ কৰিব পাৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ