--°C
Loading...
Listen to Article
2 min read
80%

মেক্সিক’ : ড্ৰাগছ মাফিয়াৰ গেংৱাৰত প্ৰাণ গ'ল এগৰাকী ভাৰতীয় যুৱতীৰ। এই ঘটনা দক্ষিণ আমেৰিকাৰ ৰাষ্ট্র মেক্সিক’ৰ। ড্ৰাগছ মাফিয়াৰ গুলীত প্ৰাণ হেৰুৱা যুৱতীগৰাকীৰ নাম আছিল অঞ্জলি ৰেয়াট। ঘৰ হিমাচল প্ৰদেশৰ ছ’লান জিলাত। পেছাত এগৰাকী অভিযন্তা আছিল অঞ্জলি। কৰ্মসূত্ৰে অঞ্জলি থাকে আমেৰিকা যুক্তৰাষ্ট্রৰ কেলিফৰ্নিয়াত। কাম কৰে বিখ্যাত মিডিয়া প্ৰতিষ্ঠান লিংকডটইনত এগৰাকী ছাইট ইঞ্জিনিয়াৰ হিচাপে। কিন্তু অঞ্জলি ৰেয়াট বিশেষভাৱে জনপ্ৰিয়, এগৰাকী ট্ৰেভেল ব্লগাৰ হিচাপেও। বিশ্বৰ বিভিন্ন প্ৰান্তত ভ্ৰমণ কৰা তথা ব্লগ বনোৱাটো অঞ্জলিৰ অন্যতম নিচা।


কিন্তু এইগৰাকী যুৱতীকে নৃশংসভাৱে হত্যা কৰিলে মেক্সিক’ৰ ড্ৰাগছ মাফিয়াই। ঘটনাৰ দিনা, দুটা ড্ৰাগছ মাফিয়া গোটৰ মাজত চলা গুলীয়াগুলীত দুৰ্ভাগ্যক্ৰমে গুলীবিদ্ধ হৈছিল অঞ্জলি আৰু ঘটনাস্থলীতে প্ৰাণ হেৰুৱাইছিল যুৱতীগৰাকীয়ে। উল্লেখ্য যে ঘটনাৰ সময়ত মেক্সিক’ৰ সাগৰৰ তীৰত নিজৰ জন্মদিন পালনত ব্যস্ত আছিল অঞ্জলি ৰেয়াট। সেই বিশেষ দিনটোত, নিশা অঞ্জলিৰ লগতে জন্মদিনৰ পাৰ্টীত উপস্থিত আছিল আৰু চাৰিগৰাকী বিদেশী অতিথি। সাগৰৰ তীৰত থকা লা মালগ্বোৰিদা নামৰ ৰেঁস্তোখনত নিশা প্ৰায় ১১ বজাত এনেদৰে জন্মদিনৰ পাৰ্টীত ব্যস্ত থকাৰ সময়তে দুই মাফিয়া গোটৰ মাজত চলিছিল ভীষণ সংঘৰ্ষ।

তেনে সময়তে হাতত অ’টোমেটিক ৰাইফল লৈ ৰেঁস্তোৰাখনত প্ৰৱেশ কৰিছিল মাফিয়াৰ দলে। হঠাৎ প্ৰৱেশ কৰা দলটোৱে অঞ্জলি আৰু সংগীসকলৰ কাষত টেবুলতে বহি থকা বহুকেইজন লোকক উদ্দেশ্যে গুলীচালনা সংঘটিত কৰিছিল। যাৰ ফলত গুলীবিদ্ধ হৈ ঘটনাস্থলীতে মৃত্যু ঘটিছিল অঞ্জলি আৰু তেওঁৰ এগৰাকী জাৰ্মান বান্ধৱীৰ। এই ঘটনাত আহত হৈছিল পাৰ্টীত থকা আন তিনি গৰাকী লোক।
উল্লেখ্য যে, সেই অঞ্চলটোত ড্ৰাগছ বিক্ৰীক লৈ দুটা গেঙৰ মাজত চলা সংঘৰ্ষত এনেদৰে প্ৰাণ কাঢ়ি নিলে ভাৰতীয় যুৱতীগৰাকীৰ। জন্মদিনৰ দিনাখনেই এনেদৰে ভাৰতীয় যুৱতী অঞ্জলি ৰেয়াটে মৃত্যুক সাৱটি লোৱাৰ ঘটনাই মৰ্মাহত কৰিছে সকলোকে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু