--°C
Loading...
Listen to Article
2 min read
80%

মেক্সিক’ : ড্ৰাগছ মাফিয়াৰ গেংৱাৰত প্ৰাণ গ'ল এগৰাকী ভাৰতীয় যুৱতীৰ। এই ঘটনা দক্ষিণ আমেৰিকাৰ ৰাষ্ট্র মেক্সিক’ৰ। ড্ৰাগছ মাফিয়াৰ গুলীত প্ৰাণ হেৰুৱা যুৱতীগৰাকীৰ নাম আছিল অঞ্জলি ৰেয়াট। ঘৰ হিমাচল প্ৰদেশৰ ছ’লান জিলাত। পেছাত এগৰাকী অভিযন্তা আছিল অঞ্জলি। কৰ্মসূত্ৰে অঞ্জলি থাকে আমেৰিকা যুক্তৰাষ্ট্রৰ কেলিফৰ্নিয়াত। কাম কৰে বিখ্যাত মিডিয়া প্ৰতিষ্ঠান লিংকডটইনত এগৰাকী ছাইট ইঞ্জিনিয়াৰ হিচাপে। কিন্তু অঞ্জলি ৰেয়াট বিশেষভাৱে জনপ্ৰিয়, এগৰাকী ট্ৰেভেল ব্লগাৰ হিচাপেও। বিশ্বৰ বিভিন্ন প্ৰান্তত ভ্ৰমণ কৰা তথা ব্লগ বনোৱাটো অঞ্জলিৰ অন্যতম নিচা।


কিন্তু এইগৰাকী যুৱতীকে নৃশংসভাৱে হত্যা কৰিলে মেক্সিক’ৰ ড্ৰাগছ মাফিয়াই। ঘটনাৰ দিনা, দুটা ড্ৰাগছ মাফিয়া গোটৰ মাজত চলা গুলীয়াগুলীত দুৰ্ভাগ্যক্ৰমে গুলীবিদ্ধ হৈছিল অঞ্জলি আৰু ঘটনাস্থলীতে প্ৰাণ হেৰুৱাইছিল যুৱতীগৰাকীয়ে। উল্লেখ্য যে ঘটনাৰ সময়ত মেক্সিক’ৰ সাগৰৰ তীৰত নিজৰ জন্মদিন পালনত ব্যস্ত আছিল অঞ্জলি ৰেয়াট। সেই বিশেষ দিনটোত, নিশা অঞ্জলিৰ লগতে জন্মদিনৰ পাৰ্টীত উপস্থিত আছিল আৰু চাৰিগৰাকী বিদেশী অতিথি। সাগৰৰ তীৰত থকা লা মালগ্বোৰিদা নামৰ ৰেঁস্তোখনত নিশা প্ৰায় ১১ বজাত এনেদৰে জন্মদিনৰ পাৰ্টীত ব্যস্ত থকাৰ সময়তে দুই মাফিয়া গোটৰ মাজত চলিছিল ভীষণ সংঘৰ্ষ।

তেনে সময়তে হাতত অ’টোমেটিক ৰাইফল লৈ ৰেঁস্তোৰাখনত প্ৰৱেশ কৰিছিল মাফিয়াৰ দলে। হঠাৎ প্ৰৱেশ কৰা দলটোৱে অঞ্জলি আৰু সংগীসকলৰ কাষত টেবুলতে বহি থকা বহুকেইজন লোকক উদ্দেশ্যে গুলীচালনা সংঘটিত কৰিছিল। যাৰ ফলত গুলীবিদ্ধ হৈ ঘটনাস্থলীতে মৃত্যু ঘটিছিল অঞ্জলি আৰু তেওঁৰ এগৰাকী জাৰ্মান বান্ধৱীৰ। এই ঘটনাত আহত হৈছিল পাৰ্টীত থকা আন তিনি গৰাকী লোক।
উল্লেখ্য যে, সেই অঞ্চলটোত ড্ৰাগছ বিক্ৰীক লৈ দুটা গেঙৰ মাজত চলা সংঘৰ্ষত এনেদৰে প্ৰাণ কাঢ়ি নিলে ভাৰতীয় যুৱতীগৰাকীৰ। জন্মদিনৰ দিনাখনেই এনেদৰে ভাৰতীয় যুৱতী অঞ্জলি ৰেয়াটে মৃত্যুক সাৱটি লোৱাৰ ঘটনাই মৰ্মাহত কৰিছে সকলোকে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ