--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : জনপ্ৰিয় টিকটক ষ্টাৰ আলী আবুলবানে হত্যা কৰিলে পত্নীক। পত্নীৰ উপৰি পত্নীৰ বন্ধুক হত্যা কৰি জেলত বন্দী হ'ল আলী আবুলাবান। আলী আবুলাবান 'JinnKid' নামেৰে অতি জনপ্ৰিয়। ছ'চিয়েল মিডিয়াত তেওঁৰ ১০লাখতকৈও অধিক ফ'লোৱাৰ্ছ আছে। আমেৰিকাৰ ছান ডিয়েগো নিবাসী ২৯বৰ্ষীয় আলী আবুলাবানে অন্য পুৰুষৰ সৈতে সন্দেহ কৰি গুলীয়াই হত্যা কৰিলে ২৮ বছৰীয়া পত্নী এনা আবুলাবানাক। পত্নী এনাৰ বন্ধু ২৯ বছৰীয়া কেডেনেছ বৰৌনকো গুলীয়াই হত্যা কৰে টিকটক ষ্টাৰজনে। পত্নী এনা আৰু কেডেনেছৰ মাজত প্ৰেমৰ সম্পৰ্ক আছিল বুলি বহুদিনৰ পৰা সন্দেহ কৰি আছিল আলী আবুলাবানে।

সুখৰ দিনত পত্নীৰ সৈতে হত্যাকাৰী স্বামী

এনাই বন্ধু কেডেনেছৰ সৈতে অধিক আত্মীয়তা গঢ়ি তোলাত সহ্য কৰিব নোৱাৰি হত্যাকাণ্ড সংঘটিত কৰা বুলি আৰক্ষীৰ আগত স্বীকাৰ কৰিছে আলীয়ে। হত্যাকাণ্ড কৰিয়েই নিজ কন্যাক লৈ ঘৰৰ পৰা বহু দূৰলৈ গুচি গৈছিল আলী। কিন্তু অতি সোনকালেই আৰক্ষীৰ জালত পৰিল টিকটক ষ্টাৰগৰাকী। বৰ্তমান আলীৰ কন্যাক তেওঁৰ পৰা দূৰত ৰাখিবলৈ আদেশ দিছে আদালতে। আলী আবুলাবানৰ কন্যাৰ দায়িত্ব পৰিয়ালৰ মানুহক অৰ্পণ কৰা হৈছে।

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছত আলী আবুলাবান

আৰু পঢ়কঃ ‘দো ফুল এক মালী’!এজন যুৱকক লৈ দুই যুৱতীৰ মাজত প্ৰচণ্ড মাৰপিট, ক’ত?

টিকটকাৰ আলীৰ বিৰুদ্ধে বহু আগৰে পৰা আছিল ঘৰুৱা হিংসাৰ অভিযোগ। পত্নী এনাই ঘৰুৱা হিংসাৰ বিৰুদ্ধে আৰক্ষীৰ থানাত এজাহাৰো দাখিল কৰিছিল। এনাই অতি সোনকালে আলী আবুলাবানৰ সৈতে বিবাহ বিচ্ছেদ কৰাৰো চিন্তা-চৰ্চা কৰি আছিল কিন্তু তাৰ আগতেই একেবাৰে পৃথিৱীৰ পৰাই পত্নীক বিদায় দিলে জঘন্য মানসিকতাৰ আলী আবুলাবানে।দুজনকৈ লোকৰ প্ৰাণ কাঢ়ি কোনো অনুশোচনাত ভোগা বা অনুতপ্ত হোৱা নাই বুলি আৰক্ষীক জনাইছে আলীয়ে। দুজনকৈ লোকক হত্যা কৰাৰ অভিযোগত অভিযুক্ত আলী আবুলাবানক আদালতে মৃত্যুদণ্ডৰ শাস্তি বিহাৰ যথেষ্ট সম্ভাৱনা আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু