--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : জনপ্ৰিয় টিকটক ষ্টাৰ আলী আবুলবানে হত্যা কৰিলে পত্নীক। পত্নীৰ উপৰি পত্নীৰ বন্ধুক হত্যা কৰি জেলত বন্দী হ'ল আলী আবুলাবান। আলী আবুলাবান 'JinnKid' নামেৰে অতি জনপ্ৰিয়। ছ'চিয়েল মিডিয়াত তেওঁৰ ১০লাখতকৈও অধিক ফ'লোৱাৰ্ছ আছে। আমেৰিকাৰ ছান ডিয়েগো নিবাসী ২৯বৰ্ষীয় আলী আবুলাবানে অন্য পুৰুষৰ সৈতে সন্দেহ কৰি গুলীয়াই হত্যা কৰিলে ২৮ বছৰীয়া পত্নী এনা আবুলাবানাক। পত্নী এনাৰ বন্ধু ২৯ বছৰীয়া কেডেনেছ বৰৌনকো গুলীয়াই হত্যা কৰে টিকটক ষ্টাৰজনে। পত্নী এনা আৰু কেডেনেছৰ মাজত প্ৰেমৰ সম্পৰ্ক আছিল বুলি বহুদিনৰ পৰা সন্দেহ কৰি আছিল আলী আবুলাবানে।

সুখৰ দিনত পত্নীৰ সৈতে হত্যাকাৰী স্বামী

এনাই বন্ধু কেডেনেছৰ সৈতে অধিক আত্মীয়তা গঢ়ি তোলাত সহ্য কৰিব নোৱাৰি হত্যাকাণ্ড সংঘটিত কৰা বুলি আৰক্ষীৰ আগত স্বীকাৰ কৰিছে আলীয়ে। হত্যাকাণ্ড কৰিয়েই নিজ কন্যাক লৈ ঘৰৰ পৰা বহু দূৰলৈ গুচি গৈছিল আলী। কিন্তু অতি সোনকালেই আৰক্ষীৰ জালত পৰিল টিকটক ষ্টাৰগৰাকী। বৰ্তমান আলীৰ কন্যাক তেওঁৰ পৰা দূৰত ৰাখিবলৈ আদেশ দিছে আদালতে। আলী আবুলাবানৰ কন্যাৰ দায়িত্ব পৰিয়ালৰ মানুহক অৰ্পণ কৰা হৈছে।

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছত আলী আবুলাবান

আৰু পঢ়কঃ ‘দো ফুল এক মালী’!এজন যুৱকক লৈ দুই যুৱতীৰ মাজত প্ৰচণ্ড মাৰপিট, ক’ত?

টিকটকাৰ আলীৰ বিৰুদ্ধে বহু আগৰে পৰা আছিল ঘৰুৱা হিংসাৰ অভিযোগ। পত্নী এনাই ঘৰুৱা হিংসাৰ বিৰুদ্ধে আৰক্ষীৰ থানাত এজাহাৰো দাখিল কৰিছিল। এনাই অতি সোনকালে আলী আবুলাবানৰ সৈতে বিবাহ বিচ্ছেদ কৰাৰো চিন্তা-চৰ্চা কৰি আছিল কিন্তু তাৰ আগতেই একেবাৰে পৃথিৱীৰ পৰাই পত্নীক বিদায় দিলে জঘন্য মানসিকতাৰ আলী আবুলাবানে।দুজনকৈ লোকৰ প্ৰাণ কাঢ়ি কোনো অনুশোচনাত ভোগা বা অনুতপ্ত হোৱা নাই বুলি আৰক্ষীক জনাইছে আলীয়ে। দুজনকৈ লোকক হত্যা কৰাৰ অভিযোগত অভিযুক্ত আলী আবুলাবানক আদালতে মৃত্যুদণ্ডৰ শাস্তি বিহাৰ যথেষ্ট সম্ভাৱনা আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ