--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ কিছুমান আলোকচিত্ৰ বা কিছুমান ফটোগ্ৰাফে কথা কয়৷ মানুহৰ জীৱনত কিছুমান আলোকচিত্ৰই, কিছুমান ফটোৱে গভীৰভাৱে ৰেখাপাত কৰে৷ এখন বিশেষ ফটোগ্ৰাফে বৰ্তমান সমগ্ৰ বিশ্বৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে৷ কিছুমানক কৰি তুলিছে আৱেগিক৷ যিসকলে নিজক লৈ নিৰুৎসাহিত সেইসকলৰ মনতো উৎসাহ যোগাইছে এই আলোকচিত্ৰখনে। তুৰস্কৰ ফটোগ্ৰাফাৰ মেহমত আছলানে এনে এখন আলোকচিত্ৰ তুলিছে, যিয়ে যিকোনো লোকৰ চকু সেমেকাই তুলিব পাৰে।

আলোকচিত্ৰখনত দেখা গৈছে এহাল পিতা-পুত্ৰক। আলোকচিত্ৰখনত পিতৃ মুঞ্জিৰ আৰু পুত্ৰ মুস্তাফাৰ মৰম ফুটি উঠিছে। দুয়োৰে মুখত আছে স্বৰ্গীয় হাঁহি। তুৰস্কৰ সীমান্তৰ হেট প্ৰদেশৰ ৰেহনালীত বাস কৰা এজন ছিৰিয়ান শৰণাৰ্থী পিতৃ আৰু পুত্ৰৰ আনন্দক কেমেৰাত বন্দী কৰিছিল মেহমত আছলানে। এই আলোকচিত্ৰখন বছৰটোৰ শ্ৰেষ্ঠ আলোকচিত্ৰ হিচাপে বাছনি কৰা হৈছে। আলোকচিত্ৰখনত দেখা গৈছে পিতা-পুত্ৰ দুয়ো শাৰীৰিকভাৱে অক্ষম কিন্তু তাৰপাছতো দুয়োৰে মুখত আছে হাঁহিৰ স্বৰ্গীয় জ্যোতি। পিতৃ মুঞ্জিৰৰ এখন ভৰি নাই আৰু পুত্ৰ মুস্তাফাৰ হাত-ভৰি একোৱে নাই।

মানুহক সাহস যোগোৱা সেই বিশেষ ফটোখন

আৰু পঢ়কঃ কাতি মাহত ৰুৱক এই তিনি জোপা গছৰ পুলি, আহিব সুখ-সমৃদ্ধি

এই আলোকচিত্ৰখনক চিয়েনা আন্তঃৰাষ্ট্ৰীয় বঁটা ২০২১ত 'Photo Of the Year' হিচাপে বাছনি কৰা হৈছে। আলোকচিত্ৰখনত দেখা পোৱা পিতৃজনে ছিৰিয়াৰ বজাৰত সংঘটিত হোৱা বোমা বিস্ফোৰণত এখন ভৰি হেৰুৱাইছিল। আনহাতে গৰ্ভৱতী পত্নী গৃহযুদ্ধৰ সময়ত বিষাক্ত গেছৰ সংস্পৰ্শলৈ আহিছিল, যাৰ ফলত হাত-ভৰি অবিহনেই জন্ম হৈছিল পুত্ৰৰ। পিতা-পুত্ৰৰ এই হাঁহিয়ে এতিয়াই পোহৰাই তুলিছে অনেক লোকৰে মন। হাজাৰ সমস্যাৰ মাজতো আমি হাঁহিবলৈ শিকিব লাগিব, সেই কথাই যেন বিশ্ববাসীক বুজাইছে এই আলোকচিত্ৰই। এই দৃশ্য দেখাৰ পিছত বহু লোকেই উপলব্ধি কৰিছে ''জীৱন তুমি সঁচাই ধুনীয়া।''


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু