--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ কিছুমান আলোকচিত্ৰ বা কিছুমান ফটোগ্ৰাফে কথা কয়৷ মানুহৰ জীৱনত কিছুমান আলোকচিত্ৰই, কিছুমান ফটোৱে গভীৰভাৱে ৰেখাপাত কৰে৷ এখন বিশেষ ফটোগ্ৰাফে বৰ্তমান সমগ্ৰ বিশ্বৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে৷ কিছুমানক কৰি তুলিছে আৱেগিক৷ যিসকলে নিজক লৈ নিৰুৎসাহিত সেইসকলৰ মনতো উৎসাহ যোগাইছে এই আলোকচিত্ৰখনে। তুৰস্কৰ ফটোগ্ৰাফাৰ মেহমত আছলানে এনে এখন আলোকচিত্ৰ তুলিছে, যিয়ে যিকোনো লোকৰ চকু সেমেকাই তুলিব পাৰে।

আলোকচিত্ৰখনত দেখা গৈছে এহাল পিতা-পুত্ৰক। আলোকচিত্ৰখনত পিতৃ মুঞ্জিৰ আৰু পুত্ৰ মুস্তাফাৰ মৰম ফুটি উঠিছে। দুয়োৰে মুখত আছে স্বৰ্গীয় হাঁহি। তুৰস্কৰ সীমান্তৰ হেট প্ৰদেশৰ ৰেহনালীত বাস কৰা এজন ছিৰিয়ান শৰণাৰ্থী পিতৃ আৰু পুত্ৰৰ আনন্দক কেমেৰাত বন্দী কৰিছিল মেহমত আছলানে। এই আলোকচিত্ৰখন বছৰটোৰ শ্ৰেষ্ঠ আলোকচিত্ৰ হিচাপে বাছনি কৰা হৈছে। আলোকচিত্ৰখনত দেখা গৈছে পিতা-পুত্ৰ দুয়ো শাৰীৰিকভাৱে অক্ষম কিন্তু তাৰপাছতো দুয়োৰে মুখত আছে হাঁহিৰ স্বৰ্গীয় জ্যোতি। পিতৃ মুঞ্জিৰৰ এখন ভৰি নাই আৰু পুত্ৰ মুস্তাফাৰ হাত-ভৰি একোৱে নাই।

মানুহক সাহস যোগোৱা সেই বিশেষ ফটোখন

আৰু পঢ়কঃ কাতি মাহত ৰুৱক এই তিনি জোপা গছৰ পুলি, আহিব সুখ-সমৃদ্ধি

এই আলোকচিত্ৰখনক চিয়েনা আন্তঃৰাষ্ট্ৰীয় বঁটা ২০২১ত 'Photo Of the Year' হিচাপে বাছনি কৰা হৈছে। আলোকচিত্ৰখনত দেখা পোৱা পিতৃজনে ছিৰিয়াৰ বজাৰত সংঘটিত হোৱা বোমা বিস্ফোৰণত এখন ভৰি হেৰুৱাইছিল। আনহাতে গৰ্ভৱতী পত্নী গৃহযুদ্ধৰ সময়ত বিষাক্ত গেছৰ সংস্পৰ্শলৈ আহিছিল, যাৰ ফলত হাত-ভৰি অবিহনেই জন্ম হৈছিল পুত্ৰৰ। পিতা-পুত্ৰৰ এই হাঁহিয়ে এতিয়াই পোহৰাই তুলিছে অনেক লোকৰে মন। হাজাৰ সমস্যাৰ মাজতো আমি হাঁহিবলৈ শিকিব লাগিব, সেই কথাই যেন বিশ্ববাসীক বুজাইছে এই আলোকচিত্ৰই। এই দৃশ্য দেখাৰ পিছত বহু লোকেই উপলব্ধি কৰিছে ''জীৱন তুমি সঁচাই ধুনীয়া।''


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ