--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ জনপ্ৰিয়তা হ্ৰাস পাইছে নেকি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ? বিশ্বৰ শক্তিশালী নেতাসকলৰ ভিতৰত অন্যতম প্ৰধানমন্ত্ৰী মোদীৰ প্ৰভাৱ হ্ৰাস পাইছে নেকি ? এই প্ৰশ্ন উত্থাপন হৈছে দেশৰ ৰাজনৈতিক মহলত। ইউগভ(YouGov) নামৰ এটা তথ্য বিশ্লেষণ সংস্থাৰ এক সমীক্ষা অনুসৰি বিশ্বৰ সবাতোকৈ প্ৰশংসিত ব্যক্তিৰ তালিকাত অষ্টম স্থানলৈ অৱনমিত হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ইয়াৰ পূৰ্বে সংস্থাটোৱে চলোৱা বিশ্বৰ সবাতোকৈ প্ৰশংসিত ব্যক্তিৰ সমীক্ষাৰ তালিকাখনত প্ৰধানমন্ত্ৰী মোদী চতুৰ্থ স্থানত আছিল। এইবাৰ চাৰিটা স্থানলৈ অৱনমিত হ'ল ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকী।

অৱশ্যে তালিকাখনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ স্থান তললৈ নামিল যদিও বিশ্বৰ অন্যতম প্ৰভাৱশালী নেতা আমেৰিকাৰ ৰাষ্ট্ৰপতি জ' বাইডেন, পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খান, ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনতকৈ তেওঁ ওপৰৰ স্থানত আছে।

ইয়াৰ দ্বাৰা এয়াই প্ৰমাণিত হয় যে বিশ্বৰ বহু প্ৰভাৱশালী নেতাক পিছ পেলাব পৰাকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এতিয়াও সক্ষম বা কিছু কিছু ক্ষেত্ৰত তেওঁৰ জনপ্ৰিয়তা অক্ষুণ্ণ আছে। উল্লেখ্য যে ২০২১ বৰ্ষৰ বিশ্বৰ সবাতোকৈ প্ৰশংসিত ব্যক্তি হিচাপে শীৰ্ষস্থান লাভ কৰিলে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক অ'বামাই। তালিকাখনৰ শীৰ্ষ ১০ স্থানত আছিল ক্ৰমে-বাৰাক অ'বামা, বিল গেটছ, ছি জিনপিং, ক্ৰিষ্টিয়ানো ৰনাল্ডো, জেকি ছান, এলন মাস্ক, লিঅ'নেল মেছি,নৰেন্দ্ৰ মোদী,ভ্লাডিমিৰ পুটিন আৰু জেক মা। তালিকাখনৰ শীৰ্ষ ২০ টা স্থানত স্থান পোৱা অন্যান্য ভাৰতীয় ব্যক্তিসকল হৈছে ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰ আৰু বিৰাট কোহলী আৰু বলীউডৰ ছুপাৰষ্টাৰ অমিতাভ বচ্চন আৰু শ্বাহৰুখ খান।

আৰু পঢ়কঃ পকা চুলিৰে বিয়াত বহিল জেঠালালৰ কন্যা! প্ৰকৃত ৰূপ নুলুকুৱা কাৰণে প্ৰশংসা অনুৰাগীৰ


FOLLOW US F
POPULAR
FEATURE
TRENDY
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক