--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ জনপ্ৰিয়তা হ্ৰাস পাইছে নেকি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ? বিশ্বৰ শক্তিশালী নেতাসকলৰ ভিতৰত অন্যতম প্ৰধানমন্ত্ৰী মোদীৰ প্ৰভাৱ হ্ৰাস পাইছে নেকি ? এই প্ৰশ্ন উত্থাপন হৈছে দেশৰ ৰাজনৈতিক মহলত। ইউগভ(YouGov) নামৰ এটা তথ্য বিশ্লেষণ সংস্থাৰ এক সমীক্ষা অনুসৰি বিশ্বৰ সবাতোকৈ প্ৰশংসিত ব্যক্তিৰ তালিকাত অষ্টম স্থানলৈ অৱনমিত হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ইয়াৰ পূৰ্বে সংস্থাটোৱে চলোৱা বিশ্বৰ সবাতোকৈ প্ৰশংসিত ব্যক্তিৰ সমীক্ষাৰ তালিকাখনত প্ৰধানমন্ত্ৰী মোদী চতুৰ্থ স্থানত আছিল। এইবাৰ চাৰিটা স্থানলৈ অৱনমিত হ'ল ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকী।

অৱশ্যে তালিকাখনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ স্থান তললৈ নামিল যদিও বিশ্বৰ অন্যতম প্ৰভাৱশালী নেতা আমেৰিকাৰ ৰাষ্ট্ৰপতি জ' বাইডেন, পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খান, ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনতকৈ তেওঁ ওপৰৰ স্থানত আছে।

ইয়াৰ দ্বাৰা এয়াই প্ৰমাণিত হয় যে বিশ্বৰ বহু প্ৰভাৱশালী নেতাক পিছ পেলাব পৰাকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এতিয়াও সক্ষম বা কিছু কিছু ক্ষেত্ৰত তেওঁৰ জনপ্ৰিয়তা অক্ষুণ্ণ আছে। উল্লেখ্য যে ২০২১ বৰ্ষৰ বিশ্বৰ সবাতোকৈ প্ৰশংসিত ব্যক্তি হিচাপে শীৰ্ষস্থান লাভ কৰিলে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক অ'বামাই। তালিকাখনৰ শীৰ্ষ ১০ স্থানত আছিল ক্ৰমে-বাৰাক অ'বামা, বিল গেটছ, ছি জিনপিং, ক্ৰিষ্টিয়ানো ৰনাল্ডো, জেকি ছান, এলন মাস্ক, লিঅ'নেল মেছি,নৰেন্দ্ৰ মোদী,ভ্লাডিমিৰ পুটিন আৰু জেক মা। তালিকাখনৰ শীৰ্ষ ২০ টা স্থানত স্থান পোৱা অন্যান্য ভাৰতীয় ব্যক্তিসকল হৈছে ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰ আৰু বিৰাট কোহলী আৰু বলীউডৰ ছুপাৰষ্টাৰ অমিতাভ বচ্চন আৰু শ্বাহৰুখ খান।

আৰু পঢ়কঃ পকা চুলিৰে বিয়াত বহিল জেঠালালৰ কন্যা! প্ৰকৃত ৰূপ নুলুকুৱা কাৰণে প্ৰশংসা অনুৰাগীৰ


FOLLOW US F
POPULAR
FEATURE
TRENDY
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?