--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: হৈ গ’লেই ৰক্ষা! নিজৰ পুত্ৰ-জীৰ বিয়াক লৈ সাধাৰণ পৰিয়াল এটাৰ এনেকুৱাই চিন্তা। পিছে বিয়াকেন্দ্ৰিক এই চিন্তাই এইবাৰ টোপনি হৰিছে এখন ৰাজ্যৰ প্ৰশাসনৰ। বিয়াও এলা-পেছা নহয়, বিকি-কেটৰ বিয়া। হট কাপলৰ হটেষ্ট বিয়া। লাগিব পানী নসৰকা সুৰক্ষা।

বলীউডত এতিয়া চিনেমাতকৈয়ো যেন অধিক চৰ্চিত বিকি কৌশল আৰু কেটৰিণা কাঈফৰ বিয়াৰ কথা। সংবাদমাধ্যমৰ পৰা আঁতৰি ফুৰা বিকি-কেটে সংগোপনে পাতিব বিচাৰিছে বিয়া। ৰাজস্থানৰ ছাৱাই মাধোপুৰ জিলাৰ ছিক্স ছেনছেছ ফ’ৰ্ট বাৰৱাৰাত অনুষ্ঠিত হ’বলগীয়া বিয়াখনৰ সুৰক্ষাক লৈ ভীষণ ব্যস্ত জিলা প্ৰশাসন। বিশেষ বিয়াখনৰ সুৰক্ষাৰ বাবে বৈঠকৰ আহ্বান কৰিছে জিলা প্ৰশাসনে। সংবাদমাধ্যমত প্ৰকাশিত তথ্য অনুসৰি জিলা প্ৰশাসনে এখন জৰুৰী বৈঠকৰ আহ্বান কৰে। বৈঠকখনত হাইপ্ৰফাইল বিয়াখনত জনসমাগম নিয়ন্ত্ৰণ তথা আইন-শৃংখলাৰ বিষয়ে আলোচনা কৰা হয়। জিলাখনৰ অতিৰিক্ত উপায়ুক্ত সুৰয সিং নেগিয়ে জাৰি কৰা জাননী অনুসৰি আলোচনাচক্ৰত জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষক, হোটেলৰ প্ৰতিনিধিসকল আৰু ফ’ৰেষ্ট ৰেঞ্জাৰসকল মিলিত হ'ব।

তথ্য অনুসৰি জনসমাগম আৰু সংবাদ মাধ্যমৰ পৰা আঁতৰি বলীউড যুটিটোৱে হেলিকপ্টাৰেৰে হোটেললৈ যাব। বিবাহৰ দৃশ্য সংগ্ৰহ কৰিবলৈ কোনো সংবাদ মাধ্যমে ড্ৰোন ব্যৱহাৰ কৰিলে হোটেলৰ সুৰক্ষাকৰ্মীয়ে সেইবোৰ ধ্বংস কৰিব বুলিও কথা ওলাইছে। আনহাতে, ডিচেম্বৰ মাহৰ ৯ তাৰিখে আনুষ্ঠানিক বিবাহ হ'বলগীয়া বিকি কৌশল আৰু কেটৰিণা কাঈফে আজি ক’ৰ্ট মেৰেজ কৰিব বুলিও এক তথ্য প্ৰকাশ পাইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু