--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: হৈ গ’লেই ৰক্ষা! নিজৰ পুত্ৰ-জীৰ বিয়াক লৈ সাধাৰণ পৰিয়াল এটাৰ এনেকুৱাই চিন্তা। পিছে বিয়াকেন্দ্ৰিক এই চিন্তাই এইবাৰ টোপনি হৰিছে এখন ৰাজ্যৰ প্ৰশাসনৰ। বিয়াও এলা-পেছা নহয়, বিকি-কেটৰ বিয়া। হট কাপলৰ হটেষ্ট বিয়া। লাগিব পানী নসৰকা সুৰক্ষা।

বলীউডত এতিয়া চিনেমাতকৈয়ো যেন অধিক চৰ্চিত বিকি কৌশল আৰু কেটৰিণা কাঈফৰ বিয়াৰ কথা। সংবাদমাধ্যমৰ পৰা আঁতৰি ফুৰা বিকি-কেটে সংগোপনে পাতিব বিচাৰিছে বিয়া। ৰাজস্থানৰ ছাৱাই মাধোপুৰ জিলাৰ ছিক্স ছেনছেছ ফ’ৰ্ট বাৰৱাৰাত অনুষ্ঠিত হ’বলগীয়া বিয়াখনৰ সুৰক্ষাক লৈ ভীষণ ব্যস্ত জিলা প্ৰশাসন। বিশেষ বিয়াখনৰ সুৰক্ষাৰ বাবে বৈঠকৰ আহ্বান কৰিছে জিলা প্ৰশাসনে। সংবাদমাধ্যমত প্ৰকাশিত তথ্য অনুসৰি জিলা প্ৰশাসনে এখন জৰুৰী বৈঠকৰ আহ্বান কৰে। বৈঠকখনত হাইপ্ৰফাইল বিয়াখনত জনসমাগম নিয়ন্ত্ৰণ তথা আইন-শৃংখলাৰ বিষয়ে আলোচনা কৰা হয়। জিলাখনৰ অতিৰিক্ত উপায়ুক্ত সুৰয সিং নেগিয়ে জাৰি কৰা জাননী অনুসৰি আলোচনাচক্ৰত জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষক, হোটেলৰ প্ৰতিনিধিসকল আৰু ফ’ৰেষ্ট ৰেঞ্জাৰসকল মিলিত হ'ব।

তথ্য অনুসৰি জনসমাগম আৰু সংবাদ মাধ্যমৰ পৰা আঁতৰি বলীউড যুটিটোৱে হেলিকপ্টাৰেৰে হোটেললৈ যাব। বিবাহৰ দৃশ্য সংগ্ৰহ কৰিবলৈ কোনো সংবাদ মাধ্যমে ড্ৰোন ব্যৱহাৰ কৰিলে হোটেলৰ সুৰক্ষাকৰ্মীয়ে সেইবোৰ ধ্বংস কৰিব বুলিও কথা ওলাইছে। আনহাতে, ডিচেম্বৰ মাহৰ ৯ তাৰিখে আনুষ্ঠানিক বিবাহ হ'বলগীয়া বিকি কৌশল আৰু কেটৰিণা কাঈফে আজি ক’ৰ্ট মেৰেজ কৰিব বুলিও এক তথ্য প্ৰকাশ পাইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ