--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ সদাব্যস্ত বলীউড টুইঙ্কল-কাজলৰ গ’ছিপ। বিয়া বিয়া বলীউডৰ মাজতে বহু কথাই ভিৰ কৰেহি গেলেৰীত। বিকি-কেটৰ বিয়াৰ উথপথপৰ সমান্তৰালকৈ মুখামুখি হৈছে বলীউড তাৰকা। জীৱনৰ আলাপত ক্ষণিকৰ বাবে হৈ পৰিছে ব্যস্ত। শেহতীয়াকৈ, কাজলৰে মুখামুখি হৈছে টুইঙ্কল খান্না। দুই মোহময়ী অভিনেত্ৰীৰ 'ঘৰ ঘৰ কী কাহানী'ৰ বহু অপ্ৰকাশিত কথা এইবাৰ প্ৰকাশ পালে কাজল-টুইঙ্কলৰ বাৰ্তালাপত। এই কথাবোৰে এতিয়া হৈ পৰিছে চৰ্চাৰ অভিকেন্দ্ৰ। অনুৰাগীৰ মাজতো ব্যাপক জনপ্ৰিয় হৈ পৰিছে তাৰকা যুগলৰ বাৰ্তালাপ।

টুইঙ্কল আৰু তেওঁৰ স্বামী অক্ষয় কুমাৰে ঘৰৰ খৰচ কেনেকৈ বহন কৰে? কাজল আৰু অজয়ৰ মাজত বা কেনে ধৰণৰ বুজাবুজি? এনে কেতবোৰ বিষয় ৰাজহুৱাকৈ প্ৰকাশ কৰিছে তাৰকা যুটিয়ে। টুইঙ্কলে কয়, ‘সন্তান আৰৱ-নিতাৰাৰ বিদ্যালয় আৰু শিক্ষাৰ বাবে পৰিশোধ কৰিবলগীয়া সকলো খৰচ বহন কৰো মই নিজেই। অক্ষয় লাগতিয়াল বাকী খৰচখিনিৰ বাবে দায়বদ্ধ। এই তথ্য ৰাজহুৱা কৰাৰ পাছত টিপ্পনী মাৰি টুইঙ্কলে কয়, ‘মই মোৰ সন্তানৰ পঢ়া-শুনাৰ বাবে খৰচ কৰো। ভৱিষ্যতে সিহঁতে যাতে ক’ব পাৰে যে, মাৰ বাবেই আজি আমি শিক্ষিত হৈছো।’ তাৰ পাছতে কাজলে ঘৰ-সংসাৰ কিদৰে চলিছে তাকে লৈ আলোকপাত কৰে দুয়ো।

টুইঙ্কলৰ লেখীয়া কাজলৰ পৰিয়ালৰ ইমান নিয়ম নাই। লাভালাভ অনুসৰি অজয়-কাজলে বহন কৰে খৰচ। হিচাপৰ তহবিল দুয়োৰে মাজত বিভাজন কৰা হৈছে। অনলাইন যোগে পৰিশোধ কৰিব পৰা খৰচখিনি কাজলেই কান্ধপাতি লৈছে। আনহাতে, অজয়ে অন্যান্য খৰচ চম্ভালি লোৱাৰ দায়িত্ব লৈছে। তেওঁলোকৰ কন্যা নাইছা আৰু পুত্ৰ যুগৰ যিকোনো প্ৰয়োজনীয়তাৰ সময়ত দুয়ো পিতৃৰ কাষতে থাকে। কাজলে কয়, ‘যদি মই ৰাতিপুৱা ৭ বজাত সাৰ পাব লগা হয়,তেতিয়া অজয়েও সাৰ পায়। তেওঁ তেওঁৰ পুত্ৰৰ সৈতে বহি কথা পাতে, বিদ্যালয়লৈ পঠিয়ায়-অজয়ে সকলো কৰে। নাইছা যেতিয়া সৰু আছিল তেতিায়াও অজয়ে অনুৰূপ কামকে কৰিছিল। উল্লেখ্য যে, অক্ষয়-টুইঙ্কলে ২০০১ চনৰ ১৭ জানুৱাৰীত বিবাহ পাশত আৱদ্ধ হৈছিল। আনহাতে, কাজল আৰু অজয়ে ১৯৯৯ চনত পাতিছিল ঘৰ। দুয়োজন তাৰকা দম্পতীৰে এজন পুত্ৰ আৰু এজনী কন্যা সন্তান।


FOLLOW US F
POPULAR
FEATURE
TRENDY
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু