--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ সদাব্যস্ত বলীউড টুইঙ্কল-কাজলৰ গ’ছিপ। বিয়া বিয়া বলীউডৰ মাজতে বহু কথাই ভিৰ কৰেহি গেলেৰীত। বিকি-কেটৰ বিয়াৰ উথপথপৰ সমান্তৰালকৈ মুখামুখি হৈছে বলীউড তাৰকা। জীৱনৰ আলাপত ক্ষণিকৰ বাবে হৈ পৰিছে ব্যস্ত। শেহতীয়াকৈ, কাজলৰে মুখামুখি হৈছে টুইঙ্কল খান্না। দুই মোহময়ী অভিনেত্ৰীৰ 'ঘৰ ঘৰ কী কাহানী'ৰ বহু অপ্ৰকাশিত কথা এইবাৰ প্ৰকাশ পালে কাজল-টুইঙ্কলৰ বাৰ্তালাপত। এই কথাবোৰে এতিয়া হৈ পৰিছে চৰ্চাৰ অভিকেন্দ্ৰ। অনুৰাগীৰ মাজতো ব্যাপক জনপ্ৰিয় হৈ পৰিছে তাৰকা যুগলৰ বাৰ্তালাপ।

টুইঙ্কল আৰু তেওঁৰ স্বামী অক্ষয় কুমাৰে ঘৰৰ খৰচ কেনেকৈ বহন কৰে? কাজল আৰু অজয়ৰ মাজত বা কেনে ধৰণৰ বুজাবুজি? এনে কেতবোৰ বিষয় ৰাজহুৱাকৈ প্ৰকাশ কৰিছে তাৰকা যুটিয়ে। টুইঙ্কলে কয়, ‘সন্তান আৰৱ-নিতাৰাৰ বিদ্যালয় আৰু শিক্ষাৰ বাবে পৰিশোধ কৰিবলগীয়া সকলো খৰচ বহন কৰো মই নিজেই। অক্ষয় লাগতিয়াল বাকী খৰচখিনিৰ বাবে দায়বদ্ধ। এই তথ্য ৰাজহুৱা কৰাৰ পাছত টিপ্পনী মাৰি টুইঙ্কলে কয়, ‘মই মোৰ সন্তানৰ পঢ়া-শুনাৰ বাবে খৰচ কৰো। ভৱিষ্যতে সিহঁতে যাতে ক’ব পাৰে যে, মাৰ বাবেই আজি আমি শিক্ষিত হৈছো।’ তাৰ পাছতে কাজলে ঘৰ-সংসাৰ কিদৰে চলিছে তাকে লৈ আলোকপাত কৰে দুয়ো।

টুইঙ্কলৰ লেখীয়া কাজলৰ পৰিয়ালৰ ইমান নিয়ম নাই। লাভালাভ অনুসৰি অজয়-কাজলে বহন কৰে খৰচ। হিচাপৰ তহবিল দুয়োৰে মাজত বিভাজন কৰা হৈছে। অনলাইন যোগে পৰিশোধ কৰিব পৰা খৰচখিনি কাজলেই কান্ধপাতি লৈছে। আনহাতে, অজয়ে অন্যান্য খৰচ চম্ভালি লোৱাৰ দায়িত্ব লৈছে। তেওঁলোকৰ কন্যা নাইছা আৰু পুত্ৰ যুগৰ যিকোনো প্ৰয়োজনীয়তাৰ সময়ত দুয়ো পিতৃৰ কাষতে থাকে। কাজলে কয়, ‘যদি মই ৰাতিপুৱা ৭ বজাত সাৰ পাব লগা হয়,তেতিয়া অজয়েও সাৰ পায়। তেওঁ তেওঁৰ পুত্ৰৰ সৈতে বহি কথা পাতে, বিদ্যালয়লৈ পঠিয়ায়-অজয়ে সকলো কৰে। নাইছা যেতিয়া সৰু আছিল তেতিায়াও অজয়ে অনুৰূপ কামকে কৰিছিল। উল্লেখ্য যে, অক্ষয়-টুইঙ্কলে ২০০১ চনৰ ১৭ জানুৱাৰীত বিবাহ পাশত আৱদ্ধ হৈছিল। আনহাতে, কাজল আৰু অজয়ে ১৯৯৯ চনত পাতিছিল ঘৰ। দুয়োজন তাৰকা দম্পতীৰে এজন পুত্ৰ আৰু এজনী কন্যা সন্তান।


FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ