--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমাৰ সমাজত শহুৰৰ পৰিয়ালত জোঁৱাইৰ স্থান সদায় সুকীয়া। জোঁৱাই আহিছে বুলি ক'লে উথপথপ লাগে শহুৰৰ পৰিয়ালত। কি খুৱাম, কি ৰান্ধিম কৰি তত নাথাকে শাহুৰ গাত। জোঁৱাইক আদৰ-সাদৰত যাতে কোনো কম নহয়, তাৰ প্ৰতি সদাসচেতন থাকে পত্নীৰ পৰিয়ালৰ প্ৰতিজন সদস্য। অন্ধ্ৰপ্ৰদেশৰ এগৰাকী শাহুৱে তেওঁৰ হ'বলগীয়া জোঁৱাইক কেনেদৰে আদৰ কৰিলে সেই খবৰে সকলোতে লভিছে চৰ্চা। ঘটনাটো অন্ধ্ৰপ্ৰদেশৰ গোদাবৰী জিলাৰ। কৃষ্ণা জিলাৰ বাসিন্দা টি সুব্ৰহ্মণ্যম আৰু অন্নপূৰ্ণাই তেওঁলোকৰ পুত্ৰ ছাইকৃষ্ণৰ বিয়া গোদাবৰী জিলাৰ সোণ ব্যৱসায়ী আত্যম ভেঙ্কটেশ্বৰ ৰাও আৰু মাধৱীৰ জীয়ৰী কুণ্ডাভিৰ সৈতে ঠিক কৰে। খুৱালে শাহুৱে সংক্রান্তিৰ দিনা অন্ধ্ৰপ্ৰদেশত পেড্ডা পাণ্ডুগা নামৰ এক গুৰুত্বপূৰ্ণ উৎসৱ পালন কৰা হয়। তেলেগু পৰম্পৰাত জোঁৱাই বা হ'বলগীয়া জোঁৱাইক পেড্ডা পাণ্ডুগা উৎসৱলৈ আমন্ত্ৰণ জনোৱাৰ প্ৰথা প্ৰচলিত আছে। এই দিনটোত জোঁৱাইক ভালকৈ এসাঁজ খুওৱা তেলুগু সংস্কৃতিৰ অংগ। সেই অনুসৰি হ’বলগীয়া জোঁৱাই ছাইকৃষ্ণক ঘৰলৈ নিমন্ত্রণ দিলে ভাবী শহুৰৰ পৰিয়ালে। ভাবী শাহুৰ ইচ্ছা আছিল জোঁৱাইৰ মনত থাকি যোৱাকৈ এসাঁজ বিশেষভাৱে খুওৱাৰ। খোৱা টেবুলত গৈ বহাৰ পাছতেই অবাক হৈ উঠে ভাবী জোঁৱাই সাইকৃষ্ণ। টেবুলত ভাগ ভাগকৈ সজোৱা আছিল এবিধ, দুবিধ, দহবিধ নহয়, ৩৬৫ বিধ ব্যঞ্জনৰে সমৃদ্ধ এক ৰাজকীয় ভোগ। ৩৬৫ বিধ ব্যঞ্জনৰ ভিতৰত আছিল ৩০ প্ৰকাৰৰ তৰকাৰী, ভাত, বিৰিয়ানি, পুলিহোৰা, ১০০ বিধ বিভিন্ন প্ৰকাৰৰ পৰম্পৰাগত আৰু আধুনিক মিঠাই, ১৫ বিধ বিভিন্ন প্ৰকাৰৰ আইচক্ৰীম, পেষ্ট্ৰী, কেক, গৰম আৰু শীতল পানীয় আৰু বিভিন্ন ফল-মূল ইত্যাদি। পৰিয়ালৰ এজন সদস্যই এইদৰে কয়, "আমাৰ হ’বলগীয়া জোঁৱাই ছাইকৃষ্ণৰ প্ৰতি আমাৰ মৰম কিমান সেয়া বুজাবৰ বাবেই এই খাদ্যসম্ভাৰৰ আয়োজন কৰা হয়। ৩৬৫ বিধ ব্যঞ্জন ৰন্ধাৰ অৰ্থটো হ'ল এটা বছৰত ৩৬৫ দিন থাকে আৰু আমাৰ জোঁৱাই ছাইকৃষ্ণৰ ৩৬৫ দিনেই যাতে মধুৰ হয় আৰু ভালে-কুশলে যায় তাৰবাবে ৩৬৫বিধ প্ৰকাৰৰ খাদ্যসম্ভাৰৰৰ ব্যৱস্থা কৰা হয়।" মানুহে এই খবৰ শুনি কৈছে যে জোঁৱাই যদি এজন ভোজনবিলাসী হয় তেন্তে জোঁৱাইয়ে এইখন ঘৰ ভাগ্যৰ বলতহে পাইছে। আৰু পঢ়কঃ বেডৰূমত ভুলতো নাৰাখিব এইবোৰ সামগ্ৰী; নহ’লে পিছ নেৰিব অশান্তি আৰু টকাৰ সমস্যাই  

FOLLOW US F
POPULAR
FEATURE
TRENDY
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
পাকিস্তানত ২৪ ঘণ্টাত ১৩ শিশুসহ ৩৪০জনৰ মৃত্যু, খাইবাৰ পাখতুনখাৱাত আকস্মিক বানৰ তাণ্ডৱ
২৩ আগষ্টত শনি অমৱস্যা ! এই প্ৰতিকাৰ কৰিলে সকলো সমস্যা হ'ব দূৰ
কোটিপতি অৰ্জুন তেণ্ডুলকাৰ! আপুনি জানেনে জুনিয়ৰ শচীনৰ নেট ৱৰ্থ?
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক