--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমাৰ সমাজত শহুৰৰ পৰিয়ালত জোঁৱাইৰ স্থান সদায় সুকীয়া। জোঁৱাই আহিছে বুলি ক'লে উথপথপ লাগে শহুৰৰ পৰিয়ালত। কি খুৱাম, কি ৰান্ধিম কৰি তত নাথাকে শাহুৰ গাত। জোঁৱাইক আদৰ-সাদৰত যাতে কোনো কম নহয়, তাৰ প্ৰতি সদাসচেতন থাকে পত্নীৰ পৰিয়ালৰ প্ৰতিজন সদস্য। অন্ধ্ৰপ্ৰদেশৰ এগৰাকী শাহুৱে তেওঁৰ হ'বলগীয়া জোঁৱাইক কেনেদৰে আদৰ কৰিলে সেই খবৰে সকলোতে লভিছে চৰ্চা। ঘটনাটো অন্ধ্ৰপ্ৰদেশৰ গোদাবৰী জিলাৰ। কৃষ্ণা জিলাৰ বাসিন্দা টি সুব্ৰহ্মণ্যম আৰু অন্নপূৰ্ণাই তেওঁলোকৰ পুত্ৰ ছাইকৃষ্ণৰ বিয়া গোদাবৰী জিলাৰ সোণ ব্যৱসায়ী আত্যম ভেঙ্কটেশ্বৰ ৰাও আৰু মাধৱীৰ জীয়ৰী কুণ্ডাভিৰ সৈতে ঠিক কৰে। খুৱালে শাহুৱে সংক্রান্তিৰ দিনা অন্ধ্ৰপ্ৰদেশত পেড্ডা পাণ্ডুগা নামৰ এক গুৰুত্বপূৰ্ণ উৎসৱ পালন কৰা হয়। তেলেগু পৰম্পৰাত জোঁৱাই বা হ'বলগীয়া জোঁৱাইক পেড্ডা পাণ্ডুগা উৎসৱলৈ আমন্ত্ৰণ জনোৱাৰ প্ৰথা প্ৰচলিত আছে। এই দিনটোত জোঁৱাইক ভালকৈ এসাঁজ খুওৱা তেলুগু সংস্কৃতিৰ অংগ। সেই অনুসৰি হ’বলগীয়া জোঁৱাই ছাইকৃষ্ণক ঘৰলৈ নিমন্ত্রণ দিলে ভাবী শহুৰৰ পৰিয়ালে। ভাবী শাহুৰ ইচ্ছা আছিল জোঁৱাইৰ মনত থাকি যোৱাকৈ এসাঁজ বিশেষভাৱে খুওৱাৰ। খোৱা টেবুলত গৈ বহাৰ পাছতেই অবাক হৈ উঠে ভাবী জোঁৱাই সাইকৃষ্ণ। টেবুলত ভাগ ভাগকৈ সজোৱা আছিল এবিধ, দুবিধ, দহবিধ নহয়, ৩৬৫ বিধ ব্যঞ্জনৰে সমৃদ্ধ এক ৰাজকীয় ভোগ। ৩৬৫ বিধ ব্যঞ্জনৰ ভিতৰত আছিল ৩০ প্ৰকাৰৰ তৰকাৰী, ভাত, বিৰিয়ানি, পুলিহোৰা, ১০০ বিধ বিভিন্ন প্ৰকাৰৰ পৰম্পৰাগত আৰু আধুনিক মিঠাই, ১৫ বিধ বিভিন্ন প্ৰকাৰৰ আইচক্ৰীম, পেষ্ট্ৰী, কেক, গৰম আৰু শীতল পানীয় আৰু বিভিন্ন ফল-মূল ইত্যাদি। পৰিয়ালৰ এজন সদস্যই এইদৰে কয়, "আমাৰ হ’বলগীয়া জোঁৱাই ছাইকৃষ্ণৰ প্ৰতি আমাৰ মৰম কিমান সেয়া বুজাবৰ বাবেই এই খাদ্যসম্ভাৰৰ আয়োজন কৰা হয়। ৩৬৫ বিধ ব্যঞ্জন ৰন্ধাৰ অৰ্থটো হ'ল এটা বছৰত ৩৬৫ দিন থাকে আৰু আমাৰ জোঁৱাই ছাইকৃষ্ণৰ ৩৬৫ দিনেই যাতে মধুৰ হয় আৰু ভালে-কুশলে যায় তাৰবাবে ৩৬৫বিধ প্ৰকাৰৰ খাদ্যসম্ভাৰৰৰ ব্যৱস্থা কৰা হয়।" মানুহে এই খবৰ শুনি কৈছে যে জোঁৱাই যদি এজন ভোজনবিলাসী হয় তেন্তে জোঁৱাইয়ে এইখন ঘৰ ভাগ্যৰ বলতহে পাইছে। আৰু পঢ়কঃ বেডৰূমত ভুলতো নাৰাখিব এইবোৰ সামগ্ৰী; নহ’লে পিছ নেৰিব অশান্তি আৰু টকাৰ সমস্যাই  

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ