--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ‘প্ৰেমত ফুলিছে শতদল, প্ৰেমত ঘূৰিছে ভূ-মণ্ডল’, প্ৰেম হৈছে এক স্বৰ্গীয় অনুভূতি। প্ৰেমৰ বাবেই বহুজনে ত্যাগ কৰে নিজৰ সৰ্বস্ব। কিন্তু, প্ৰেমৰ মায়াজালে হাবুডুবু খুৱালে এজনক। জানিব পৰা মতে, এজন মানুহে প্ৰেমিকাৰ মাকক বৃক্কদান কৰিছিল। বৃক্কদান কৰাৰ এমাহ পাছত আন কাৰোবাৰ সৈতে বিবাহপাশত আৱদ্ধ হয় প্ৰেমিকাগৰাকী। এই দুৰ্ভাগ্যৰ কাহিনীটো মেক্সিকোৰ এজন শিক্ষকৰ। তেওঁৰ নাম হৈছে মাৰ্টিনেজ। মাৰ্টিনেজে তেওঁৰ দুৰ্ভাগ্যজনক প্ৰেমগাথা প্ৰকাশ কৰিছিল ছ’চিয়েল মিডিয়াত। তাৰ পাছতেই ভাইৰেল হৈ পৰিছে মাৰ্টিনেজৰ প্ৰেমগাথা। ঠিকেই শুনিছে,‌ আমি বহুতো কাহিনী দেখিছোঁ যে মানুহে অত্যাধিক পৰিমাণে ভালপোৱাৰ বশৱৰ্তী হৈ প্ৰেমৰ বাবে তেওঁলোকৰ সকলোবোৰ ত্যাগ কৰে। কিন্তু, দুৰ্ভাগ্যবশতঃ এইবোৰৰ বেছিভাগ কাহিনীয়েই চিনেমা বা টেলিভিছনৰ পৰ্দাতহে দেখিবলৈ পোৱা যায়। বাস্তৱত সকলো কঠিন। মেক্সিকোৰ সেই মানুহজনৰ ক্ষেত্ৰতো একেই হ’ল৷ মেক্সিকোৰ উজিয়েল মাৰ্টিনেজ দাবী কৰিছে যে, তেওঁ তেওঁৰ প্ৰেমিকাৰ মাকক এটা বৃক্ক দান কৰিছিল, কিন্তু এমাহৰো কম সময়ৰ পাছতেই প্ৰেমিকাই তেওঁক নিজৰ জীৱনৰ পৰা উলিয়াই পেলালে। ছ’চিয়েল মিডিয়াৰ পোষ্টটোত তেওঁ কয় যে, ‘মই তাইৰ মাকক এটা বৃক্ক দান কৰিছিলোঁ, তাই মোক এৰি গৈছিল আৰু এমাহ পিছত বিবাহ পাশত আৱদ্ধ হৈছিল৷’ ইতিমধ্যে, এই ভিডিঅ’টোৱে ছ’চিয়েল মিডিয়াত যথেষ্ট আমোদজনক বিষয় হৈ পৰিছে, আৰু ১৪ নিযুতৰো অধিকে এই ভিডিঅ’টো প্ৰত্যক্ষ কৰিছে। এজন ব্যক্তিয়ে ভিডিঅ’টোত লিখিছিল যে, ‘ইমান দুখী নহ’ব, তাই এজন মহান ভদ্ৰলোকক হেৰুৱালে। আগবাঢ়ি যাওক আৰু আপোনাক প্ৰশংসা কৰা নিখুঁত মহিলা বিচাৰি উলিয়াওক।’ ফলো-আপ ভিডিঅ’বোৰত, মাৰ্টিনেজে তেওঁৰ ভাইৰেল পোষ্টত কৰা মন্তব্যৰ সঁহাৰি দি কৈছিল যে তেওঁ ভালে আছে আৰু তেওঁৰ প্ৰাক্তন প্ৰেমিকাৰ বিৰুদ্ধে কোনো বিদ্বেষ পোষণ কৰা নাই। ‘তাইৰ বিৰুদ্ধে মোৰ একো নাই... আমি বন্ধু নহয় কিন্তু আমি ইজনে সিজনক ঘৃণা নকৰোঁ। মই কেৱল টিকটকৰ বাবে [ভিডিঅ’টো] নিৰ্মাণ কৰিছিলোঁ, মই ভবা নাছিলোঁ যে ইয়াৰ দ্বাৰা সমাদৰ লাভ কৰিম৷’ ভিডিঅ’টোৰ উন্মাদ জনপ্ৰিয়তাৰ কথা উল্লেখ কৰি তেওঁ কয়। আন এজন মন্তব্যকাৰীয়ে মাৰ্টিনেজক পুনৰ একেটা ভুল নকৰিবলৈ অনুৰোধ কৰিছিল। ‘আমাৰ মাত্ৰ দুটা বৃক্ক আছে আৰু যদি মই ইতিমধ্যে এটা দিছিলোঁ, মোৰ বাবে কেৱল আন এটা আছে, সেয়েহে... মই এইটো অনুভৱ কৰিব নোৱাৰো’, তেওঁ কয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অধিনায়কত্ব হেৰুৱাব পাৰে সূৰ্যকুমাৰ যাদৱে
দিল্লীত দেশৰ ভিতৰত প্ৰথম ৮ লেনৰ এলিভেটেড হাইৱে' মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে
বিশ্ব টাইকোৱাণ্ডোত অসমৰ ৰ'দালিৰ চমক
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক