--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দৌৰি আহি মন্দিৰৰ ঘণ্টা বজাইছে ৰণবীৰ কাপুৰে! কিন্তু এয়া কি? জোতা পিন্ধি মন্দিৰত প্ৰৱেশ ৰণবীৰৰ! বুধবাৰে ‘ব্ৰহ্মাস্ত্ৰ’ৰ ট্ৰেইলাৰ মুক্তি পোৱাৰ পিছতে এনে প্ৰশ্ন উত্থাপন কৰিছে নেটিজেনে। মুক্তিৰ পূৰ্বেও পৰিচালক অয়ন মুখাৰ্জীৰ এই ছবিখনক লৈ বহু বিতৰ্কই ক্ৰিয়া কৰা দেখা গৈছিল।

হিন্দু পুৰাণ, ভগৱানৰ অস্তিত্ব, ঐশ্বৰিক শক্তিৰ উপস্থিতি আৰু ইয়াৰ উপলব্ধি, ‘ব্ৰহ্মাস্ত্ৰ’ৰ ট্ৰেইলাৰত ছবিখনৰ বিষয়বস্তু স্পষ্ট হৈ পৰিছে। কাহিনীটোৰ কেন্দ্ৰবিন্দুত আছে ‘শিৱ’ অৰ্থাৎ ৰণবীৰ কাপুৰ। শিৱ ইয়াত ছুপাৰহিৰো নহয়, এজন পৌৰাণিক নায়ক। ঈশ্বৰক কোনে উপলব্ধি কৰিব পাৰে আৰু এনে চৰিত্ৰৰ যোগেদি জোতা পিন্ধি মন্দিৰৰ ঘণ্টা বজোৱাৰ ভুল কেনেকৈ কৰিলে পৰিচালকে? প্ৰশ্ন উত্থাপন কৰিছে নেটিজেনে। 

কোনোবাই আকৌ বলীউডৰ তাৰকাৰ সৈকে দক্ষিণৰ ছবিৰ তুলনা কৰিছে। নেটিজেনে অভিযোগ উত্থাপন কৰিছে যে, দক্ষিণৰ ছবিসমূহে সদায় পৰম্পৰাগত ধৰ্মৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি আহিছে, আনহাতে বহু বলীউড ছবিয়ে বিভিন্ন বিষয়ত হিন্দুসকলৰ ধৰ্মীয় আৱেগক বাৰে বাৰে আঘাত কৰি আহিছে। এই প্ৰেক্ষাপটত আকৌ উঠিছে ‘বয়কট বলীউড’ৰ আহ্বান।

প্ৰসংগক্ৰমে ‘ব্ৰহ্মাস্ত্ৰ’ৰ ট্ৰেইলাৰত এটা চৰিত্ৰত ত্ৰিশূল হাতত লৈ থকা অৱস্থাত দেখা গৈছে। নেটিজেনৰ অনুমান, এই ব্যক্তিজন শ্বাহৰূখ খান। যদিও ট্ৰেইলাৰত ত্ৰিশূল ধৰি থকা ব্যক্তিজনৰ মুখ স্পষ্ট নহয়। অৱশ্যে কিং খানে এক সাক্ষাৎকাৰত স্বীকাৰ কৰিছিল যে তেওঁ ‘ব্ৰহ্মাস্ত্ৰ’ ছবিখনত কেমিঅ’ৰ চৰিত্ৰত অভিনয় কৰিছিল। ৰণবীৰ আৰু আলিয়াৰ উপৰি ছবিখনত অভিনয় কৰিছে অমিতাভ বচ্চন, মৌনি ৰায়, নাগাৰ্জুন আদি কেইবাজনো প্ৰখ্যাত অভিনেতাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ