--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দৌৰি আহি মন্দিৰৰ ঘণ্টা বজাইছে ৰণবীৰ কাপুৰে! কিন্তু এয়া কি? জোতা পিন্ধি মন্দিৰত প্ৰৱেশ ৰণবীৰৰ! বুধবাৰে ‘ব্ৰহ্মাস্ত্ৰ’ৰ ট্ৰেইলাৰ মুক্তি পোৱাৰ পিছতে এনে প্ৰশ্ন উত্থাপন কৰিছে নেটিজেনে। মুক্তিৰ পূৰ্বেও পৰিচালক অয়ন মুখাৰ্জীৰ এই ছবিখনক লৈ বহু বিতৰ্কই ক্ৰিয়া কৰা দেখা গৈছিল।

হিন্দু পুৰাণ, ভগৱানৰ অস্তিত্ব, ঐশ্বৰিক শক্তিৰ উপস্থিতি আৰু ইয়াৰ উপলব্ধি, ‘ব্ৰহ্মাস্ত্ৰ’ৰ ট্ৰেইলাৰত ছবিখনৰ বিষয়বস্তু স্পষ্ট হৈ পৰিছে। কাহিনীটোৰ কেন্দ্ৰবিন্দুত আছে ‘শিৱ’ অৰ্থাৎ ৰণবীৰ কাপুৰ। শিৱ ইয়াত ছুপাৰহিৰো নহয়, এজন পৌৰাণিক নায়ক। ঈশ্বৰক কোনে উপলব্ধি কৰিব পাৰে আৰু এনে চৰিত্ৰৰ যোগেদি জোতা পিন্ধি মন্দিৰৰ ঘণ্টা বজোৱাৰ ভুল কেনেকৈ কৰিলে পৰিচালকে? প্ৰশ্ন উত্থাপন কৰিছে নেটিজেনে। 

কোনোবাই আকৌ বলীউডৰ তাৰকাৰ সৈকে দক্ষিণৰ ছবিৰ তুলনা কৰিছে। নেটিজেনে অভিযোগ উত্থাপন কৰিছে যে, দক্ষিণৰ ছবিসমূহে সদায় পৰম্পৰাগত ধৰ্মৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি আহিছে, আনহাতে বহু বলীউড ছবিয়ে বিভিন্ন বিষয়ত হিন্দুসকলৰ ধৰ্মীয় আৱেগক বাৰে বাৰে আঘাত কৰি আহিছে। এই প্ৰেক্ষাপটত আকৌ উঠিছে ‘বয়কট বলীউড’ৰ আহ্বান।

প্ৰসংগক্ৰমে ‘ব্ৰহ্মাস্ত্ৰ’ৰ ট্ৰেইলাৰত এটা চৰিত্ৰত ত্ৰিশূল হাতত লৈ থকা অৱস্থাত দেখা গৈছে। নেটিজেনৰ অনুমান, এই ব্যক্তিজন শ্বাহৰূখ খান। যদিও ট্ৰেইলাৰত ত্ৰিশূল ধৰি থকা ব্যক্তিজনৰ মুখ স্পষ্ট নহয়। অৱশ্যে কিং খানে এক সাক্ষাৎকাৰত স্বীকাৰ কৰিছিল যে তেওঁ ‘ব্ৰহ্মাস্ত্ৰ’ ছবিখনত কেমিঅ’ৰ চৰিত্ৰত অভিনয় কৰিছিল। ৰণবীৰ আৰু আলিয়াৰ উপৰি ছবিখনত অভিনয় কৰিছে অমিতাভ বচ্চন, মৌনি ৰায়, নাগাৰ্জুন আদি কেইবাজনো প্ৰখ্যাত অভিনেতাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু