--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী মহিলাক প্ৰতাৰণা কৰি এতিয়া বিপদত পৰিছে টেলিভিছনৰ জনপ্ৰিয় অভিনেতা কৰণবীৰ বোহৰা। বোহৰাৰ বিৰুদ্ধে ইতিমধ্যে আৰক্ষী থানাত গোচৰ ৰুজু হৈছে আৰু আৰক্ষীয়ে সেই গোচৰৰ ভিত্তিতে অভিনেতাজনক আটকো কৰিছে। কিন্তু মহিলাক কি প্ৰতাৰণা কৰিলে কৰণবীৰ বোহৰাই?

টিভি অভিনেতা  বোহৰাই এগৰাকী ৪০ বছৰীয়া মহিলাক চলাহী কথাৰে ভুলাই  ১.৯৯ কোটি টকা ধাৰলৈ লৈছিল। পিছত সেই ধাৰৰ এটা অংশ অভিনেতাগৰাকীয়ে পৰিশোধ কৰে যদিও বাকী থকা ধন পৰিশোধ কৰাৰ কোনো নামেই নোলোৱা হৈছিল।  ইয়াৰ বিপৰীতে মহিলাগৰাকীক বোহৰা আৰু তেওঁৰ পত্নীয়েও তেওঁক গুলীয়াই মৰাৰ  ভাবুকিদিয়া বুলিও মহিলাগৰাকীয়ে অভিযোগ কৰিছে।

ফলত অভিনেতা কৰণবীৰ বোহৰাৰ বিৰুদ্ধে মহিলাগৰাকীয়ে প্ৰতাৰণা কৰাৰ অভিযোগত তুলি  গোচৰ ৰুজু কৰিছে। 

বোহৰাৰ লগতে  আন ৫ জন লোকৰ বিৰুদ্ধেও মহিলাগৰাকীয়ে গোচৰ তৰিছে। মহিলাগৰাকীয়ে প্ৰকাশ কৰা মতে ২.৫ শতাংশ সুদ দিয়াৰ প্ৰতিশ্ৰুতি দি  বোহৰা আৰু আন পাঁচজন লোকে তেওঁৰ পৰা ১.৯৯ কোটি টকা ধৰলৈ লৈছিল। মহিলাগৰাকীয়ে আৰক্ষীক লগতে কয় যে বোহৰাই মাত্ৰ ১  কোটি টকা ঘূৰাই দিছে যদিও তেওঁক  ৯৯ লাখ টকাৰ লগতে পাবলগীয়া সুদ খিনি আদায় দিয়া নাই।

অভিনেতা মনোজ বোহৰা ওৰফে কৰণবীৰ বোহৰাকে ধৰি ছয়জন অভিযুক্তৰ বিৰুদ্ধে মুম্বাইৰ ওশিৱাৰা আৰক্ষী থানাত গোচৰ ৰুজু হোৱাৰ পিছতে আৰক্ষীয়ে অভিনেতা জনক আটক কৰিছে। ভুক্তভোগী মহিলাগৰাকীয়ে এজাহাৰত বোহৰাৰ  পত্নী তাজিন্দৰ সিদ্ধুৰ নামো উল্লেখ কৰিছে।

মহিলাগৰাকীয়ে অভিযোগ কৰা অনুসৰি টকা ঘূৰাই দিবলৈ কোৱাত বোহৰা আৰু তেওঁৰ পত্নীয়ে তেওঁক গুলীয়াই হত্যা কৰাৰ ভাবুকি দিছিল। উল্লেখ্য অভিনেতা  বোহৰাই নাচ বলিয়ে ৪, ঝলক দিখলা জা ৬, খতৰো কে খিলাড়ী ৫, বিগ বছ ১২ কে ধৰি কেইবাটাও ৰিয়েলিটি শ্ব'ত অংশগ্ৰহণ কৰিছে। 

শেহতীয়াকৈ  তেওঁক  'লক আপ' নামৰ ৰিয়েলিটি শ্ব'ত দেখা গৈছে। 'লক আপ' অনুষ্ঠানটোত তেওঁ কথাৰ মাজতে উল্লেখ কৰিছিল যে তেওঁ ধাৰত পোত গৈ আছে আৰু  ঋণ পৰিশোধ কৰিবলৈ অক্ষম হোৱাৰ বাবে আত্মহত্যাৰ চিন্তাও তেওঁৰ মনলৈ আহিছে।

উল্লেখ্য  অভিনেতা বোহৰাই  তেওঁৰ যমজ কন্যাক ভাৰতৰ পৰিৱৰ্তে কানাডাৰ এখন বিদ্যালয়ত নামভৰ্তি কৰোৱাৰ সিদ্ধান্ত লৈছিল।  ২০১৯ চনত বোহৰাই  বেলা আৰু ভিয়েনা নামৰ তেওঁৰ যমজ কন্যাৰ বাবে এক বিশেষ, আকৰ্ষণীয় হেলোইন-থিমযুক্ত জন্মদিনৰ পাৰ্টি দিছিল।যিটো অনুষ্ঠানকলৈ ব্যাপক চৰ্চাও হৈছিল।

বহুতে এতিয়া এইবুলি কৈছে যে লোকৰ পিঠাৰে বিহু পাতিবলৈ যোৱাৰ বাবেই অভিনেতা কৰণবীৰ আৰু তেওঁৰ পত্নীৰ আজি এই দশা হৈছে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ