--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী মহিলাক প্ৰতাৰণা কৰি এতিয়া বিপদত পৰিছে টেলিভিছনৰ জনপ্ৰিয় অভিনেতা কৰণবীৰ বোহৰা। বোহৰাৰ বিৰুদ্ধে ইতিমধ্যে আৰক্ষী থানাত গোচৰ ৰুজু হৈছে আৰু আৰক্ষীয়ে সেই গোচৰৰ ভিত্তিতে অভিনেতাজনক আটকো কৰিছে। কিন্তু মহিলাক কি প্ৰতাৰণা কৰিলে কৰণবীৰ বোহৰাই?

টিভি অভিনেতা  বোহৰাই এগৰাকী ৪০ বছৰীয়া মহিলাক চলাহী কথাৰে ভুলাই  ১.৯৯ কোটি টকা ধাৰলৈ লৈছিল। পিছত সেই ধাৰৰ এটা অংশ অভিনেতাগৰাকীয়ে পৰিশোধ কৰে যদিও বাকী থকা ধন পৰিশোধ কৰাৰ কোনো নামেই নোলোৱা হৈছিল।  ইয়াৰ বিপৰীতে মহিলাগৰাকীক বোহৰা আৰু তেওঁৰ পত্নীয়েও তেওঁক গুলীয়াই মৰাৰ  ভাবুকিদিয়া বুলিও মহিলাগৰাকীয়ে অভিযোগ কৰিছে।

ফলত অভিনেতা কৰণবীৰ বোহৰাৰ বিৰুদ্ধে মহিলাগৰাকীয়ে প্ৰতাৰণা কৰাৰ অভিযোগত তুলি  গোচৰ ৰুজু কৰিছে। 

বোহৰাৰ লগতে  আন ৫ জন লোকৰ বিৰুদ্ধেও মহিলাগৰাকীয়ে গোচৰ তৰিছে। মহিলাগৰাকীয়ে প্ৰকাশ কৰা মতে ২.৫ শতাংশ সুদ দিয়াৰ প্ৰতিশ্ৰুতি দি  বোহৰা আৰু আন পাঁচজন লোকে তেওঁৰ পৰা ১.৯৯ কোটি টকা ধৰলৈ লৈছিল। মহিলাগৰাকীয়ে আৰক্ষীক লগতে কয় যে বোহৰাই মাত্ৰ ১  কোটি টকা ঘূৰাই দিছে যদিও তেওঁক  ৯৯ লাখ টকাৰ লগতে পাবলগীয়া সুদ খিনি আদায় দিয়া নাই।

অভিনেতা মনোজ বোহৰা ওৰফে কৰণবীৰ বোহৰাকে ধৰি ছয়জন অভিযুক্তৰ বিৰুদ্ধে মুম্বাইৰ ওশিৱাৰা আৰক্ষী থানাত গোচৰ ৰুজু হোৱাৰ পিছতে আৰক্ষীয়ে অভিনেতা জনক আটক কৰিছে। ভুক্তভোগী মহিলাগৰাকীয়ে এজাহাৰত বোহৰাৰ  পত্নী তাজিন্দৰ সিদ্ধুৰ নামো উল্লেখ কৰিছে।

মহিলাগৰাকীয়ে অভিযোগ কৰা অনুসৰি টকা ঘূৰাই দিবলৈ কোৱাত বোহৰা আৰু তেওঁৰ পত্নীয়ে তেওঁক গুলীয়াই হত্যা কৰাৰ ভাবুকি দিছিল। উল্লেখ্য অভিনেতা  বোহৰাই নাচ বলিয়ে ৪, ঝলক দিখলা জা ৬, খতৰো কে খিলাড়ী ৫, বিগ বছ ১২ কে ধৰি কেইবাটাও ৰিয়েলিটি শ্ব'ত অংশগ্ৰহণ কৰিছে। 

শেহতীয়াকৈ  তেওঁক  'লক আপ' নামৰ ৰিয়েলিটি শ্ব'ত দেখা গৈছে। 'লক আপ' অনুষ্ঠানটোত তেওঁ কথাৰ মাজতে উল্লেখ কৰিছিল যে তেওঁ ধাৰত পোত গৈ আছে আৰু  ঋণ পৰিশোধ কৰিবলৈ অক্ষম হোৱাৰ বাবে আত্মহত্যাৰ চিন্তাও তেওঁৰ মনলৈ আহিছে।

উল্লেখ্য  অভিনেতা বোহৰাই  তেওঁৰ যমজ কন্যাক ভাৰতৰ পৰিৱৰ্তে কানাডাৰ এখন বিদ্যালয়ত নামভৰ্তি কৰোৱাৰ সিদ্ধান্ত লৈছিল।  ২০১৯ চনত বোহৰাই  বেলা আৰু ভিয়েনা নামৰ তেওঁৰ যমজ কন্যাৰ বাবে এক বিশেষ, আকৰ্ষণীয় হেলোইন-থিমযুক্ত জন্মদিনৰ পাৰ্টি দিছিল।যিটো অনুষ্ঠানকলৈ ব্যাপক চৰ্চাও হৈছিল।

বহুতে এতিয়া এইবুলি কৈছে যে লোকৰ পিঠাৰে বিহু পাতিবলৈ যোৱাৰ বাবেই অভিনেতা কৰণবীৰ আৰু তেওঁৰ পত্নীৰ আজি এই দশা হৈছে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু