--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অভিনয় নহয়, সেনাবাহিনীত যোগদান কৰিবলৈ আগ্ৰহী  ৰবি কিষাণৰ কন্যা ঈশিতা। জনপ্ৰিয় ভোজপুৰী অভিনেতাগৰাকীয়ে নিজেই এই কথা ব্যক্ত কৰিছে। স্মৰ্তব্য যে, অলপতে মোদী চৰকাৰে ‘অগ্নিপথ’ প্ৰকল্পৰ কথা ঘোষণা কৰিছিল। সেনা, নৌসেনা আৰু বায়ুসেনাত যোগদান কৰিবলৈ ইচ্ছুক যুৱক-যুৱতীসকলে এই প্ৰকল্পৰ সুবিধা ল’ব পাৰে বুলি প্ৰকাশ পাইছে। অহা ৪ বছৰ এই প্ৰকল্পৰ জৰিয়তে সেনাবাহিনীত নিযুক্তি দিয়া হ’ব দেশৰ যুৱক-যুৱতীসকলক। এই প্ৰকল্পৰ অধীনতে সেনাবাহিনীত যোগদান কৰিব বিচাৰিছে ৰবি কিষাণৰ কন্যা ঈশিতা শুক্লাই।

ভোজপুৰী অভিনেতা তথা ভাৰতীয় জনতা পাৰ্টীৰ সদস্য গৰাকীয়ে ছ’চিয়েল মিডিয়াত এখন ছবি শ্বেয়াৰ কৰি লিখিছে, ‘মোৰ কন্যা ঈশিতা শুক্লাই আজি পুৱা মোক কৈছিল-দেউতা, মই অগ্নিপথ প্ৰজেক্টৰ জৰিয়তে সেনাবাহিনীত যোগদান কৰিব বিচাৰো। মই তেওঁক আগুৱাই যাবলৈ ক'লোঁ।’ প্ৰসংগক্ৰমে অভিনেতাজনৰ কন্যা ঈশিতাই বহু আগতেই এনচিচিত যোগদান কৰিছে।

ইফালে, অভিনেতা ৰবি কিষাণ আৰু তেওঁৰ পত্নী প্ৰীতিৰ ৪টাকৈ সন্তান আছে। তেওঁৰ ৩ গৰাকী কন্যা ক্ৰমে ৰিভা, টানিস্ক আৰু ঈশিতা। ল’ৰা সন্তানৰ নাম সাক্ষণ। ইফালে ৰবি কিষাণৰ আনগৰাকী কন্যা ৰীভাই ইতিমধ্যে বলীউডত ভৰি দিয়া বুলি খবৰ ওলাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু