--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অভিনয় নহয়, সেনাবাহিনীত যোগদান কৰিবলৈ আগ্ৰহী  ৰবি কিষাণৰ কন্যা ঈশিতা। জনপ্ৰিয় ভোজপুৰী অভিনেতাগৰাকীয়ে নিজেই এই কথা ব্যক্ত কৰিছে। স্মৰ্তব্য যে, অলপতে মোদী চৰকাৰে ‘অগ্নিপথ’ প্ৰকল্পৰ কথা ঘোষণা কৰিছিল। সেনা, নৌসেনা আৰু বায়ুসেনাত যোগদান কৰিবলৈ ইচ্ছুক যুৱক-যুৱতীসকলে এই প্ৰকল্পৰ সুবিধা ল’ব পাৰে বুলি প্ৰকাশ পাইছে। অহা ৪ বছৰ এই প্ৰকল্পৰ জৰিয়তে সেনাবাহিনীত নিযুক্তি দিয়া হ’ব দেশৰ যুৱক-যুৱতীসকলক। এই প্ৰকল্পৰ অধীনতে সেনাবাহিনীত যোগদান কৰিব বিচাৰিছে ৰবি কিষাণৰ কন্যা ঈশিতা শুক্লাই।

ভোজপুৰী অভিনেতা তথা ভাৰতীয় জনতা পাৰ্টীৰ সদস্য গৰাকীয়ে ছ’চিয়েল মিডিয়াত এখন ছবি শ্বেয়াৰ কৰি লিখিছে, ‘মোৰ কন্যা ঈশিতা শুক্লাই আজি পুৱা মোক কৈছিল-দেউতা, মই অগ্নিপথ প্ৰজেক্টৰ জৰিয়তে সেনাবাহিনীত যোগদান কৰিব বিচাৰো। মই তেওঁক আগুৱাই যাবলৈ ক'লোঁ।’ প্ৰসংগক্ৰমে অভিনেতাজনৰ কন্যা ঈশিতাই বহু আগতেই এনচিচিত যোগদান কৰিছে।

ইফালে, অভিনেতা ৰবি কিষাণ আৰু তেওঁৰ পত্নী প্ৰীতিৰ ৪টাকৈ সন্তান আছে। তেওঁৰ ৩ গৰাকী কন্যা ক্ৰমে ৰিভা, টানিস্ক আৰু ঈশিতা। ল’ৰা সন্তানৰ নাম সাক্ষণ। ইফালে ৰবি কিষাণৰ আনগৰাকী কন্যা ৰীভাই ইতিমধ্যে বলীউডত ভৰি দিয়া বুলি খবৰ ওলাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ