--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মধ্যপ্ৰদেশৰ জবলপুৰস্থিত এখন ব্যক্তিগত চিকিৎসালয়ত সোমবাৰে আবেলি সংঘটিত হয় এক ভয়াৱহ অগ্নিকাণ্ড। ‘নিউ লাইফ মাল্টিস্পেচিয়েলিটি হাস্পতাল’ নামৰ ব্যক্তিগত চিকিৎসালয়খনৰ আই চি ইউ কক্ষত সংঘটিত এই বিধ্বংসী অগ্নিকাণ্ডত ৮ গৰাকী লোকে প্ৰাণ হেৰুওৱাৰ লগতে প্ৰায় ১৫ গৰাকী লোক আহত হৈছে। এই শোকাৱহ দুৰ্ঘটনাত মৃত্যু হোৱা আঠগৰাকী লোকৰে পাঁচগৰাকী চিকিৎসালয়খনৰে কৰ্মচাৰী আৰু আনগৰাকী চিকিৎসাধীন অৱস্থাত থকা ৰোগী বুলি ইতিমধ্যে চিনাক্ত কৰা হৈছে।

আনহাতে আহতসকলৰ ভিতৰত আঠজনৰ অৱস্থা অত্যন্ত সংকটজনক বুলি জানিব পৰা গৈছে। এই আঠগৰাকী লোকক উন্নত চিকিৎসাৰ বাবে চহৰখনৰ এখন চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

জিলাখনৰ আৰক্ষী অধীক্ষক সিদ্ধাৰ্থ বহুগুণাই জানিবলৈ দিয়া মতে শ্বৰ্ট চাৰ্কিটৰ ফলত চিকিৎসালয়খনত এই ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হয়। প্ৰাথমিক অনুসন্ধানৰ পাছত তেওঁ সংবাদ মাধ্যমৰ আগত কয় যে চিকিৎসালয়খনত বিদ্যুৎ কৰ্তনৰ পিছত হোৱা শ্বৰ্ট চাৰ্কিটৰ ফলত এটা জেনেৰেটৰত জুই লাগে আৰু এই জুই কম সময়ৰ ভিতৰতে বিয়পি পৰে।

ইতিমধ্যে অগ্নিকাণ্ড কাৰণ অনুসন্ধান কৰিবলৈ দণ্ডাধীশ তদন্তৰ নিৰ্দেশ দিয়া হৈছে। ৰাজ্য চৰকাৰে বিভাগীয় আয়ুক্ত বি চন্দ্ৰশেখৰৰ অধ্যক্ষতাত এখন চাৰি জনীয়া সমিতি গঠন কৰিছে।

ইফালে জবলপুৰ পূব সমষ্টিৰ কংগ্ৰেছ বিধায়ক লাখন ঘাংহোৰিয়াই চিকিৎসালয়খনৰ লগতে স্থানীয় প্ৰশাসনৰ বিৰুদ্ধে এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। তেওঁৰ অভিযোগ মতে চিকিৎসালয়খনত মানুহৰ অত্যন্ত ভিৰৰ পিছতো জৰুৰীকালীন প্ৰস্থানৰ বাবে কোনো ব্যৱস্থা নাই।

চিকিৎসালয়খনৰ এনে নীতি বহিৰ্ভূত পৰিস্থিতিৰ বিষয়ে প্ৰশাসনক বহুবাৰ সতৰ্ক কৰা হৈছিল বুলি দাবী কৰি তেওঁ এই বিষয়ত প্ৰশাসনে কোনো মনোযোগ দিয়া নাছিল বুলিও অভিযোগ কৰিছে।

ইফালে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে এই শোকাৱহ দুৰ্ঘটনাত শোক প্ৰকাশ কৰাৰ লগতে ঘটনাত নিহত হোৱা প্ৰতিগৰাকী লোকৰ পৰিয়াললৈ ৫ লাখ টকাৰ ক্ষতিপূৰণ ঘোষণা কৰে। লগতে গুৰুতৰভাৱে আহতসকলৰ চিকিৎসাৰ বাবেও ৫০,০০০ টকাৰ ক্ষতিপূৰণ ঘোষণা কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৪ ছেপ্টেম্বৰত ভাৰত-পাকিস্তানৰ মেচ
গুৱাহাটী বিশ্ববিদ্যালয়ত চাঞ্চল্যকৰ চুৰিকাণ্ড
ভাৰতত স্থাপন হ'ব ৫খন শীর্ষ ব্রিটিছ বিশ্ববিদ্যালয়ৰ চৌহদ
আইন ভংগ কৰি ৰন্ধন গেছৰ ব্যৱহাৰ
ড্ৰ'নেৰে নিক্ষেপ কৰিব পৰা ক্ষেপণাস্ত্ৰৰ সফল পৰীক্ষা
যোৰহাটত ভোগদৈ নৈ, টোকোলাই জানৰ বেদখলত প্রশাসন মৌন কিয়?
ৰাছিয়াৰ তেল উদ্যোগৰ বিৰুদ্ধে নতুন নিষেধাজ্ঞা ই ইউৰ
মহিলাসকলে ৪০ বছৰৰ পাছত এইবোৰ খাদ্য খাবলৈ আৰম্ভ কৰক
অসম চৰকাৰৰ বিৰুদ্ধে মমতাৰ জেহাদ, মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিবাদ
গুগল, মেটালৈ জাননী জাৰি কৰিলে ই ডিয়ে
এছিয়া কাপ ক্রিকেট প্রতিযোগিতাক লৈ অনিশ্চয়তাৰ সৃষ্টি
অলিম্পিকত নাথাকিব ভাৰত-পাকিস্তানৰ মেচ
কাইলৈ শাওণ মাহৰ প্ৰথমটো সোমবাৰ; ব্ৰত ৰখাৰ নিয়ম জানি লওক, নহ'লে পূজা হʼব আধৰুৱা
ধনৰ অবৈধ সৰবৰাহ! ছট্টিশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্রী বাঘেলৰ পুত্ৰক গ্ৰেপ্তাৰ