--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মধ্যপ্ৰদেশৰ জবলপুৰস্থিত এখন ব্যক্তিগত চিকিৎসালয়ত সোমবাৰে আবেলি সংঘটিত হয় এক ভয়াৱহ অগ্নিকাণ্ড। ‘নিউ লাইফ মাল্টিস্পেচিয়েলিটি হাস্পতাল’ নামৰ ব্যক্তিগত চিকিৎসালয়খনৰ আই চি ইউ কক্ষত সংঘটিত এই বিধ্বংসী অগ্নিকাণ্ডত ৮ গৰাকী লোকে প্ৰাণ হেৰুওৱাৰ লগতে প্ৰায় ১৫ গৰাকী লোক আহত হৈছে। এই শোকাৱহ দুৰ্ঘটনাত মৃত্যু হোৱা আঠগৰাকী লোকৰে পাঁচগৰাকী চিকিৎসালয়খনৰে কৰ্মচাৰী আৰু আনগৰাকী চিকিৎসাধীন অৱস্থাত থকা ৰোগী বুলি ইতিমধ্যে চিনাক্ত কৰা হৈছে।

আনহাতে আহতসকলৰ ভিতৰত আঠজনৰ অৱস্থা অত্যন্ত সংকটজনক বুলি জানিব পৰা গৈছে। এই আঠগৰাকী লোকক উন্নত চিকিৎসাৰ বাবে চহৰখনৰ এখন চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

জিলাখনৰ আৰক্ষী অধীক্ষক সিদ্ধাৰ্থ বহুগুণাই জানিবলৈ দিয়া মতে শ্বৰ্ট চাৰ্কিটৰ ফলত চিকিৎসালয়খনত এই ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হয়। প্ৰাথমিক অনুসন্ধানৰ পাছত তেওঁ সংবাদ মাধ্যমৰ আগত কয় যে চিকিৎসালয়খনত বিদ্যুৎ কৰ্তনৰ পিছত হোৱা শ্বৰ্ট চাৰ্কিটৰ ফলত এটা জেনেৰেটৰত জুই লাগে আৰু এই জুই কম সময়ৰ ভিতৰতে বিয়পি পৰে।

ইতিমধ্যে অগ্নিকাণ্ড কাৰণ অনুসন্ধান কৰিবলৈ দণ্ডাধীশ তদন্তৰ নিৰ্দেশ দিয়া হৈছে। ৰাজ্য চৰকাৰে বিভাগীয় আয়ুক্ত বি চন্দ্ৰশেখৰৰ অধ্যক্ষতাত এখন চাৰি জনীয়া সমিতি গঠন কৰিছে।

ইফালে জবলপুৰ পূব সমষ্টিৰ কংগ্ৰেছ বিধায়ক লাখন ঘাংহোৰিয়াই চিকিৎসালয়খনৰ লগতে স্থানীয় প্ৰশাসনৰ বিৰুদ্ধে এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। তেওঁৰ অভিযোগ মতে চিকিৎসালয়খনত মানুহৰ অত্যন্ত ভিৰৰ পিছতো জৰুৰীকালীন প্ৰস্থানৰ বাবে কোনো ব্যৱস্থা নাই।

চিকিৎসালয়খনৰ এনে নীতি বহিৰ্ভূত পৰিস্থিতিৰ বিষয়ে প্ৰশাসনক বহুবাৰ সতৰ্ক কৰা হৈছিল বুলি দাবী কৰি তেওঁ এই বিষয়ত প্ৰশাসনে কোনো মনোযোগ দিয়া নাছিল বুলিও অভিযোগ কৰিছে।

ইফালে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে এই শোকাৱহ দুৰ্ঘটনাত শোক প্ৰকাশ কৰাৰ লগতে ঘটনাত নিহত হোৱা প্ৰতিগৰাকী লোকৰ পৰিয়াললৈ ৫ লাখ টকাৰ ক্ষতিপূৰণ ঘোষণা কৰে। লগতে গুৰুতৰভাৱে আহতসকলৰ চিকিৎসাৰ বাবেও ৫০,০০০ টকাৰ ক্ষতিপূৰণ ঘোষণা কৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ই আই’-এ চিনাক্ত কৰিব ফ্ল’ৰাইড-আৰ্চেনিক; IIT গুৱাহাটীৰ গৱেষকৰ উদ্ভাৱন
১৯ দিনৰ পাছতো ভয়াৱহ ৰূপত অসমৰ বান পৰিস্থিতি
স্বাভাৱিক হ’ব ৰে’ল সেৱা; শিৱসাগৰত বানত ক্ষতিগ্ৰস্ত ৰে’লপথৰ মেৰামতি সম্পন্ন
ক্ষুদ্ৰ চাহ খেতিয়কৰ উল্লেখনীয় অৱদান; জুনত অসমৰ চাহ উৎপাদন ১৪.০২ মিলিয়ন কেজি বৃদ্ধি
৬০০সংখ্যক টেষ্ট খেলিব ভাৰতে; ১৫ আগষ্টত শ্ৰীলংকাৰ গালেত ৰচনা হ’ব ইতিহাস
শিৱসাগৰৰ অভিজিত দুৱৰাৰ উদ্ভাৱন; বানে ঢকা নলা-নৰ্দমা আৰু গাঁতৰ পৰা হোৱা বিপদ ৰোধিবলৈ সৌৰ সুৰক্ষা যন্ত্ৰ নিৰ্মাণ
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ