--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উপাধ্যক্ষৰ নিৰ্বাচন আৰু নেট বিষয়ক লৈ এন ডি এ চৰকাৰ তথা  বিৰোধী ইণ্ডিয়া এলায়েন্সৰ মাজত সংঘৰ্ষ অব্যাহত আছে। এনে সময়তে কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী তথা ৰাজ্যসভাৰ সাংসদ ছোনিয়া গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সমালোচনা কৰিছে। ছোনিয়াৰ মতেযদিও মোদীয়ে সকলোৰে সহমতৰ কথা কয়, তথাপি তেওঁ প্ৰকৃততে সংঘাতক গুৰুত্ব দিয়ে।


সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত প্ৰবীণ নেত্ৰীগৰাকীয়ে কয় যে, প্ৰধানমন্ত্ৰীয়ে  যেন একো নঘটাৰ দৰে নিৰুদ্বেগ হৈ  কাম কৰিছে। তেওঁ সকলোৰে লগত মিলি যাবলৈ পৰামৰ্শ দিয়ে। কিন্তু আচলতে তেওঁ সংঘাতক গুৰুত্ব দিয়ে।

 উপাধ্যক্ষৰ নিৰ্বাচন  সন্দৰ্ভত ছোনিয়া গান্ধীৰ মন্তব্য, "যদি পৰম্পৰা মানি লোৱা হয়, তেন্তে উপাধ্যক্ষৰ পদ বিৰোধীৰ কোনোবা এজনক দিব লাগে। এয়া এটা অতি ন্যায্য দাবী। কিন্তু চৰকাৰে এই দাবী নাকচ কৰিলে। সপ্তদশ লোকসভাতো উপাধ্যক্ষ পদত কাকো নিযুক্তি দিয়া হোৱা নাছিল।” ইফালে, নেট বিতৰ্ক সন্দৰ্ভত  ছোনিয়াৰ বক্তব্য, " পৰীক্ষা পে চৰ্চা  অনুষ্ঠিত কৰা  প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰশ্নকাকত  ফাদিল হোৱাৰ ক্ষেত্ৰত সম্পূৰ্ণ নিমাত।"


ইয়াৰ উপৰিও বিজেপিয়ে জৰুৰীকালীন বিষয়টো উত্থাপন কৰি কংগ্ৰেছক যিদৰে আক্ৰমণ অব্যাহত ৰাখিছে তাক সমালোচনা কৰে ছোনিয়াই। তেওঁৰ মতে, প্ৰধানমন্ত্ৰীয়ে সংবিধানৰ ওপৰত হোৱা আক্ৰমণৰ পৰা দৃষ্টি আকৰ্ষণ কৰিবলৈ বিষয়টো টানি আনিছে। আনকি অধ্যক্ষয়ো  বিষয়টোক ‘আচৰিত’ বুলি কোৱা সন্দৰ্ভত  ছোনিয়া গান্ধীয়ে  কয় যে অধ্যক্ষৰ  স্থিতি হৈছে কোনো ৰাজনৈতিক পক্ষ নোলোৱাকৈ কঠোৰ নিৰপেক্ষতা বজাই ৰখা। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ