--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উপাধ্যক্ষৰ নিৰ্বাচন আৰু নেট বিষয়ক লৈ এন ডি এ চৰকাৰ তথা  বিৰোধী ইণ্ডিয়া এলায়েন্সৰ মাজত সংঘৰ্ষ অব্যাহত আছে। এনে সময়তে কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী তথা ৰাজ্যসভাৰ সাংসদ ছোনিয়া গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সমালোচনা কৰিছে। ছোনিয়াৰ মতেযদিও মোদীয়ে সকলোৰে সহমতৰ কথা কয়, তথাপি তেওঁ প্ৰকৃততে সংঘাতক গুৰুত্ব দিয়ে।


সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত প্ৰবীণ নেত্ৰীগৰাকীয়ে কয় যে, প্ৰধানমন্ত্ৰীয়ে  যেন একো নঘটাৰ দৰে নিৰুদ্বেগ হৈ  কাম কৰিছে। তেওঁ সকলোৰে লগত মিলি যাবলৈ পৰামৰ্শ দিয়ে। কিন্তু আচলতে তেওঁ সংঘাতক গুৰুত্ব দিয়ে।

 উপাধ্যক্ষৰ নিৰ্বাচন  সন্দৰ্ভত ছোনিয়া গান্ধীৰ মন্তব্য, "যদি পৰম্পৰা মানি লোৱা হয়, তেন্তে উপাধ্যক্ষৰ পদ বিৰোধীৰ কোনোবা এজনক দিব লাগে। এয়া এটা অতি ন্যায্য দাবী। কিন্তু চৰকাৰে এই দাবী নাকচ কৰিলে। সপ্তদশ লোকসভাতো উপাধ্যক্ষ পদত কাকো নিযুক্তি দিয়া হোৱা নাছিল।” ইফালে, নেট বিতৰ্ক সন্দৰ্ভত  ছোনিয়াৰ বক্তব্য, " পৰীক্ষা পে চৰ্চা  অনুষ্ঠিত কৰা  প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰশ্নকাকত  ফাদিল হোৱাৰ ক্ষেত্ৰত সম্পূৰ্ণ নিমাত।"


ইয়াৰ উপৰিও বিজেপিয়ে জৰুৰীকালীন বিষয়টো উত্থাপন কৰি কংগ্ৰেছক যিদৰে আক্ৰমণ অব্যাহত ৰাখিছে তাক সমালোচনা কৰে ছোনিয়াই। তেওঁৰ মতে, প্ৰধানমন্ত্ৰীয়ে সংবিধানৰ ওপৰত হোৱা আক্ৰমণৰ পৰা দৃষ্টি আকৰ্ষণ কৰিবলৈ বিষয়টো টানি আনিছে। আনকি অধ্যক্ষয়ো  বিষয়টোক ‘আচৰিত’ বুলি কোৱা সন্দৰ্ভত  ছোনিয়া গান্ধীয়ে  কয় যে অধ্যক্ষৰ  স্থিতি হৈছে কোনো ৰাজনৈতিক পক্ষ নোলোৱাকৈ কঠোৰ নিৰপেক্ষতা বজাই ৰখা। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু