--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চিবিআইয়ে গ্ৰেপ্তাৰ কৰাৰ পিছত অৰবিন্দ কেজৰিৱালৰ ঠিকনা পুনৰ জে’ল হৈ পৰিছে। শনিবাৰে পুনৰ দিল্লী আদালতে কেজৰিৱালৰ  জে’লৰ  জিম্মাৰ ম্যাদ বৃদ্ধি কৰে। দিল্লীৰ মুখ্যমন্ত্রীগৰাকীয়ে ১২ জুলাইলৈ কাৰাগাৰতে থাকিব লাগিব৷ মন কৰিবলগীয়া যে কেজৰিৱাল  জে’লত থকাৰ সময়তে আবকাৰী দুৰ্নীতিৰ গোচৰত চিবিআইয়ে তেওঁক গ্ৰেপ্তাৰ কৰিছিল।

সোমবাৰে তিহাৰ কাৰাগাৰত অৰবিন্দ কেজৰিৱালক চিবিআইয়ে জেৰা কৰে। ইয়াৰ পিছতে মঙলবাৰে তেওঁক গ্ৰেপ্তাৰ কৰা বুলি দেখুওৱা হৈছিল।  বুধবাৰে দিল্লীৰ মুখ্যমন্ত্রীগৰাকীক  ৫ দিনৰ জিম্মাত ল’বলৈ চিবিআইয়ে আদালতত আবেদন কৰিছিল৷ সেই সময়ত দিল্লীৰ ৰাউজ এভিনিউ আদালতে কেজৰিৱালক  তিনিদিনৰ বাবে চিবিআইৰ জিম্মালৈ প্ৰেৰণ কৰে। সেই জিম্মাৰ   ম্যাদ শনিবাৰে উকলি যায় ।আজি শুনানিৰ পিছত ৰাউজ এভিনিউ আদালতে ৰায়দান কিছু সময়ৰ বাবে স্থগিত ৰাখে। ইয়াৰ পিছতে ন্যায়াধীশে অৱগত কৰে যে কেজৰিৱালক ১২ জুলাইলৈ জে’ললৈ প্ৰেৰণ কৰা হয়।

মন কৰিবলগীয়া যে আবকাৰী দুৰ্নীতিৰ গোচৰত ইডিয়ে গ্ৰেপ্তাৰ কৰা  কেজৰিৱালক জামিন প্ৰদান কৰিছিল ৰাউজ এভিনিউ আদালতৰ ন্যায়াধীশ ন্যায় বিন্দুৱে। কিন্তু ইডিয়ে পিছদিনা দিল্লী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল এই মুক্তিত বাধা দিবলৈ। শেষত উচ্চ ন্যায়ালয়ে কেজৰিৱালৰ জামিনত অন্তৱৰ্তীকালীন স্থগিতাদেশ প্ৰদান কৰিছিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু