--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চিবিআইয়ে গ্ৰেপ্তাৰ কৰাৰ পিছত অৰবিন্দ কেজৰিৱালৰ ঠিকনা পুনৰ জে’ল হৈ পৰিছে। শনিবাৰে পুনৰ দিল্লী আদালতে কেজৰিৱালৰ  জে’লৰ  জিম্মাৰ ম্যাদ বৃদ্ধি কৰে। দিল্লীৰ মুখ্যমন্ত্রীগৰাকীয়ে ১২ জুলাইলৈ কাৰাগাৰতে থাকিব লাগিব৷ মন কৰিবলগীয়া যে কেজৰিৱাল  জে’লত থকাৰ সময়তে আবকাৰী দুৰ্নীতিৰ গোচৰত চিবিআইয়ে তেওঁক গ্ৰেপ্তাৰ কৰিছিল।

সোমবাৰে তিহাৰ কাৰাগাৰত অৰবিন্দ কেজৰিৱালক চিবিআইয়ে জেৰা কৰে। ইয়াৰ পিছতে মঙলবাৰে তেওঁক গ্ৰেপ্তাৰ কৰা বুলি দেখুওৱা হৈছিল।  বুধবাৰে দিল্লীৰ মুখ্যমন্ত্রীগৰাকীক  ৫ দিনৰ জিম্মাত ল’বলৈ চিবিআইয়ে আদালতত আবেদন কৰিছিল৷ সেই সময়ত দিল্লীৰ ৰাউজ এভিনিউ আদালতে কেজৰিৱালক  তিনিদিনৰ বাবে চিবিআইৰ জিম্মালৈ প্ৰেৰণ কৰে। সেই জিম্মাৰ   ম্যাদ শনিবাৰে উকলি যায় ।আজি শুনানিৰ পিছত ৰাউজ এভিনিউ আদালতে ৰায়দান কিছু সময়ৰ বাবে স্থগিত ৰাখে। ইয়াৰ পিছতে ন্যায়াধীশে অৱগত কৰে যে কেজৰিৱালক ১২ জুলাইলৈ জে’ললৈ প্ৰেৰণ কৰা হয়।

মন কৰিবলগীয়া যে আবকাৰী দুৰ্নীতিৰ গোচৰত ইডিয়ে গ্ৰেপ্তাৰ কৰা  কেজৰিৱালক জামিন প্ৰদান কৰিছিল ৰাউজ এভিনিউ আদালতৰ ন্যায়াধীশ ন্যায় বিন্দুৱে। কিন্তু ইডিয়ে পিছদিনা দিল্লী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল এই মুক্তিত বাধা দিবলৈ। শেষত উচ্চ ন্যায়ালয়ে কেজৰিৱালৰ জামিনত অন্তৱৰ্তীকালীন স্থগিতাদেশ প্ৰদান কৰিছিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ