--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অসম আৰু মেঘালয়ৰ মাজত আন্তঃৰাজ্যিক সীমান্ত বিবাদ সমাধানৰ বাবে দ্বিতীয় পৰ্যায়ৰ আলোচনা চলিত বৰ্ষৰ জুন-জুলাইত অনুষ্ঠিত হ’ব বুলি আশা কৰা হৈছে। এই কথা জানিবলৈ দিয়ে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। 

দ্বিতীয় পৰ্যায়ৰ সীমান্ত আলোচনাৰ সময়ত, অসম আৰু মেঘালয়ৰ ৰাজ্য চৰকাৰে পাৰ্থক্যৰ বাকী ৬টা ক্ষেত্ৰৰ ওপৰত আলোচনা কৰিব। লক্ষ্যণীয়ভাৱে, ২৯ মাৰ্চত অসম আৰু মেঘালয় চৰকাৰে মতভেদৰ ১২টা ক্ষেত্ৰৰ ভিতৰত ৬টা ক্ষেত্ৰত সীমান্ত বিবাদ নিষ্পত্তি ৰখাৰ বাবে এক চুক্তি স্বাক্ষৰ কৰিছিল। অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে দ্বিতীয় পৰ্যায়ৰ সীমান্ত আলোচনা প্ৰত্যাহ্বানজনক হ’ব, কিয়নো ইয়াত লাংপিহ, খণ্ড ১ আৰু খণ্ড ২ৰ দৰে অঞ্চল আছে।

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, ‘আলোচনা কৰিব লগা বাকী ৬টা পাৰ্থক্যৰ ক্ষেত্ৰৰ ভিতৰত তিনিৰ পৰা চাৰিটা ক্ষেত্ৰত আলোচনা প্ৰত্যাহ্বানজনক হ’ব।’ তেওঁ অৱশ্যে দুয়োখন ৰাজ্যৰ চৰকাৰে বিকশিত কৰা সদিচ্ছাৰ সৈতে আলোচনাক দ্বিতীয় পৰ্যায়লৈ আগুৱাই নিব বুলি বিশ্বাস ব্যক্ত কৰে।  

‘যিহেতু দুয়োখন ৰাজ্যৰ মাজত এক সদিচ্ছা সৃষ্টি হৈছে, আমি তাৰ ওপৰত নিৰ্ভৰ কৰি আছো’-বুলি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়। ইফালে, মেঘালয়ৰ সৈতে স্বাক্ষৰিত সীমান্ত চুক্তিৰ ব্যৱস্থাসমূহ পুনৰ বিবেচনা কৰাৰ বাবে অসমত বিৰোধী দলসমূহে কৰা দাবীৰ প্ৰতি ক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে অসম-মেঘালয়ৰ পূৰ্বৰ চুক্তি-পত্ৰখন সংশোধন কৰাৰ কোনো পৰিকল্পনা নাই। 

‘মই বিধানসভাত কৈছিলো যে এই ভূ-খণ্ড ভাৰতৰ। আমি পূৰ্বতে এখন চুক্তি স্বাক্ষৰ কৰিছিলো। আমি বিষয়টো পুনৰ মুকলি কৰা উচিত নহয়’-বুলিও অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয়। তেওঁ লগতে কয় যে, ‘এইটো এটা স্বাক্ষৰিত চুক্তি আৰু ভাৰতীয় জৰীপ ইতিমধ্যে তেওঁলোকৰ কাম আৰম্ভ কৰিছে আৰু অতিশীঘ্ৰে সীমান্ত স্তম্ভ স্থাপন কৰিব।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
ধৰ্মান্তৰ আৰু দ্বিতীয় বিবাহৰ অভিযোগ; শিলচৰত জীৱিত কন্যাৰ প্ৰতীকী পিণ্ডদান কৰি শ্ৰাদ্ধানুষ্ঠান সম্পন্ন পিতৃৰ
গুৱাহাটীত ১২ নৱেম্বৰত বন্ধ থাকিব পেট্রল পাম্প
সৰ্বকালৰ অভিলেখ ভংগ! এইবাৰ ধনতেৰছত সমগ্র দেশত ১.২৫ লাখ কোটিতকৈ অধিক টকাৰ সামগ্ৰী বিক্রী
পৰকীয়া প্ৰেমৰ ভয়ংকৰ কাণ্ড! পত্নীক চকীত বান্ধি পেট্ৰ’ল ঢালি জীৱন্তে জ্বলাই হ*ত্যা স্বামীৰ
আজি ভূত চতুৰ্দশী; ১৪ গচ চাকি জ্বলোৱা আৰু ১৪ বিধ শাক খোৱাৰ পৰম্পৰা কিয় প্ৰচলিত?
ৰোগত আক্ৰান্ত হৈ হতাশ মহিলা; পুত্ৰৰ সৈতে ১৮ মহলাৰ পৰা জাঁপ দি ল’লে চৰম সিদ্ধান্ত
ভাৰতীয় শাস্ত্ৰীয় নৃত্য-সংগীত আৰু সাংস্কৃতিক ঐতিহ্যৰ বৰ্ণিল প্ৰকাশেৰে অনুষ্ঠিত ‘সুৰ সংগম মহোৎসৱ’
মুজফ্ফৰনগৰত মৰ্মান্তিক ঘটনা! বিদ্যালয়ৰ খেল-ধেমালি প্ৰতিযোগিতাত ভাগ লওতে ১০ বছৰীয়া ছাত্ৰৰ হাৰ্ট এটেকত মৃত্যু
বিদ্যুৎ বিলৰ পৰা ৰেহাই পাব জনপ্রতিনিধিয়ে
জীয়াভৰলীত উভৈনদী দুষ্প্রাপ্য শিলঘৰীয়া মাছ
বৰা চাউল জলপানৰ স্বাস্থ্য উপকাৰিতা আৰু পুষ্টিগুণ
নেপালত ভয়ংকৰ ঘটনা! অৱতৰণৰ সময়তে দুখন হেলিকপ্টাৰৰ সংঘৰ্ষ; মৃত্যুক সাবটিলে ভাৰতীয় পৰ্যটকে
চেনিৰ আঁৰত লুকুৱাই অনা ১.২৬ কোটি টকাৰ কফ ছিৰাপ জব্দ কাছাৰ আৰক্ষীৰ; আটক দুজন
সৌৰভ দুৱৰাৰ ‘ফিছিং নেট ইন উইণ্টাৰ মর্নিং’লৈ আন্তর্জাতিক স্বীকৃতি