--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক প্ৰশংসা কৰাই কাল হ'ল এজন মুছলমান লোকৰ বাবে। কামৰাণ নামৰ লোকজনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক প্ৰশংসা কৰাৰ উপৰিও মোদীক ভগৱান ৰাম আৰু যোগী আদিত্যনাথক কৃষ্ণৰ লগত তুলনা কৰিছিল। কেন্দ্ৰীয় চৰকাৰৰ লগতে উত্তৰ প্ৰদেশ চৰকাৰৰ আঁচনি সমূহক জনকল্যাণমুখী আখ্যা দি প্ৰধানমন্ত্ৰী আৰু ৰাজ্যখনৰ মুখ্যমন্ত্ৰীক প্ৰশংসা কৰাৰ বাবেই স্থানীয় একাংশ লোকে নিৰ্মমভাৱে প্ৰহাৰ কৰে লোকজনক। 

এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ বৰেলীত। উন্মত্ত লোকৰ প্ৰহাৰত কামৰাণে মূৰত গুৰুতৰভাবে আঘাত পাইছে। বৰ্তমান সংকটজনক অৱস্থাত জিলা চিকিৎসালয়ত ভৰ্তি হৈ আছে। কামৰাণৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰিছে আৰু বিষয়টোৰ তদন্ত আৰম্ভ কৰিছে। ইফালে ঘটনাৰ সন্দৰ্ভত কামৰাণে কৈছে যে ''মই নিৰ্বাচনত বিজেপিক সমৰ্থন কৰিছিলোঁ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৰামৰ অৱতাৰ। তেওঁ দেশখন খুব ভালদৰে চলাই আছে। সকলোবোৰেই পাইছে মানুহে। ৰেচনৰ পৰা আৰম্ভ কৰি সকলো পাইছে। মুখ্যমন্ত্ৰী যোগী কৃষ্ণৰ অৱতাৰ। কিন্তু মই এনেকৈ কোৱাত একাংশ মৌলবাদীয়ে প্ৰতিবাদ কৰিছিল।'' 

কামৰাণৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে পাঁচজন লোকৰ বিৰুদ্ধে এজাহাৰ পঞ্জীয়ন কৰিছে আৰু গোচৰটোৰ তদন্ত কৰি আছে। বাৰাদাৰী আৰক্ষী থানাৰ পৰিদৰ্শক নীৰজ মালিকে ঘটনাৰ সন্দৰ্ভত কৈছে যে, ঘটনাত কামৰাণৰ ভতিজাকো জড়িত আছিল। উল্লেখ্য যে বিজেপিত যোগদান কৰা বা বিজেপিক প্ৰশংসা কৰাৰ বাবে কাৰোবাক প্ৰহাৰ কৰা এয়াই প্ৰথম ঘটনা নহয়। ইয়াৰ পূৰ্বে নিদা খানৰ বিৰুদ্ধেও এক পৰিৱেশ সৃষ্টি কৰাৰ চেষ্টা কৰা হৈছিল। কিছুদিনৰ পূৰ্বে এগৰাকী মুছলমান মহিলাক শহুৰেকৰ ঘৰৰ পৰা বাহিৰ কৰি দিয়া হৈছিল কিয়নো মহিলাগৰাকীয়ে উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনত বিজেপিক ভোট দিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত