--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক প্ৰশংসা কৰাই কাল হ'ল এজন মুছলমান লোকৰ বাবে। কামৰাণ নামৰ লোকজনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক প্ৰশংসা কৰাৰ উপৰিও মোদীক ভগৱান ৰাম আৰু যোগী আদিত্যনাথক কৃষ্ণৰ লগত তুলনা কৰিছিল। কেন্দ্ৰীয় চৰকাৰৰ লগতে উত্তৰ প্ৰদেশ চৰকাৰৰ আঁচনি সমূহক জনকল্যাণমুখী আখ্যা দি প্ৰধানমন্ত্ৰী আৰু ৰাজ্যখনৰ মুখ্যমন্ত্ৰীক প্ৰশংসা কৰাৰ বাবেই স্থানীয় একাংশ লোকে নিৰ্মমভাৱে প্ৰহাৰ কৰে লোকজনক। 

এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ বৰেলীত। উন্মত্ত লোকৰ প্ৰহাৰত কামৰাণে মূৰত গুৰুতৰভাবে আঘাত পাইছে। বৰ্তমান সংকটজনক অৱস্থাত জিলা চিকিৎসালয়ত ভৰ্তি হৈ আছে। কামৰাণৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰিছে আৰু বিষয়টোৰ তদন্ত আৰম্ভ কৰিছে। ইফালে ঘটনাৰ সন্দৰ্ভত কামৰাণে কৈছে যে ''মই নিৰ্বাচনত বিজেপিক সমৰ্থন কৰিছিলোঁ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৰামৰ অৱতাৰ। তেওঁ দেশখন খুব ভালদৰে চলাই আছে। সকলোবোৰেই পাইছে মানুহে। ৰেচনৰ পৰা আৰম্ভ কৰি সকলো পাইছে। মুখ্যমন্ত্ৰী যোগী কৃষ্ণৰ অৱতাৰ। কিন্তু মই এনেকৈ কোৱাত একাংশ মৌলবাদীয়ে প্ৰতিবাদ কৰিছিল।'' 

কামৰাণৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে পাঁচজন লোকৰ বিৰুদ্ধে এজাহাৰ পঞ্জীয়ন কৰিছে আৰু গোচৰটোৰ তদন্ত কৰি আছে। বাৰাদাৰী আৰক্ষী থানাৰ পৰিদৰ্শক নীৰজ মালিকে ঘটনাৰ সন্দৰ্ভত কৈছে যে, ঘটনাত কামৰাণৰ ভতিজাকো জড়িত আছিল। উল্লেখ্য যে বিজেপিত যোগদান কৰা বা বিজেপিক প্ৰশংসা কৰাৰ বাবে কাৰোবাক প্ৰহাৰ কৰা এয়াই প্ৰথম ঘটনা নহয়। ইয়াৰ পূৰ্বে নিদা খানৰ বিৰুদ্ধেও এক পৰিৱেশ সৃষ্টি কৰাৰ চেষ্টা কৰা হৈছিল। কিছুদিনৰ পূৰ্বে এগৰাকী মুছলমান মহিলাক শহুৰেকৰ ঘৰৰ পৰা বাহিৰ কৰি দিয়া হৈছিল কিয়নো মহিলাগৰাকীয়ে উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনত বিজেপিক ভোট দিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
চীন-ৰাছিয়াৰ মিত্ৰজোঁটক ৰুধিবলৈ মার্কিন সেনাক সষ্টম হোৱাৰ নিৰ্দেশ, পেন্টাগনক সতর্ক হ'বলৈ ক'লে ৰাষ্ট্ৰপতি ট্রাম্পে
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
সীমান্তত শান্তি, পোনপটীয়া বিমান সেৱা, মানসৰোৱৰ যাত্ৰা... প্ৰধানমন্ত্ৰী মোদী আৰু ছি জিনপিঙৰ বৈঠকৰ ১০টা গুৰুত্বপূৰ্ণ কথা
সন্ত্রাসবাদীৰ ঘাটি বিধ্বস্ত হোৱাৰ ভিডিঅ' শ্বেয়াৰ কৰিলে বায়ু সেনাই
বন্দে মাতৰম, ভাৰত মাতা কী জয় ধ্বনিৰে চীনত মোদীক উষ্ম আদৰণি
ব্ৰিটেইনৰ পৰা অসমলৈ অনা হ'ব গুৰুজনাৰ বৃন্দাবনী বস্ত্ৰভাগ
জ্যোতিচিত্ৰবনত অনুষ্ঠিত হৈছে আমাৰ ভূপেন দা ছিজন ৯ ৰ গুৱাহাটী অডিচন
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ উজলিল ৰিম্পী বুঢ়াগোহাঁই ; নিজ গাঁৱত উষ্ম আদৰণি খেলুৱৈ গৰাকীক
কৰিশ্মা নাথৰ দলক নিষিদ্ধ ঘোষণাৰ দাবী কলাগুৰুৰ পুত্ৰৰ
অসমৰ যুৱকৰ থাইলেণ্ডত ৰহস্যজনক মৃত্যু