--°C
Loading...
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্কঃপশ্চিমবংগৰ প্ৰাক্তন শিক্ষা মন্ত্ৰীজন পাৰ্থ চেটাৰ্জীৰ  বৰ্তমানৰ ঠিকনা এতিয়া  প্ৰেচিডেন্সি কাৰাগাৰ। কাৰাগাৰৰ ১২ নম্বৰ ৱাৰ্ডৰ  বাসিন্দা তেওঁ। পাৰ্থ চেটাৰ্জীৰ ওপৰত  ২৪ ঘণ্টাই  চিচিটিভি কেমেৰাত ষ্টি ৰাখিছে কাৰাগাৰ কৰ্তৗপক্ষই। দেওবাৰেই তেওঁৰ চেলৰ সন্মুখত এটা চিচিটিভি কেমেৰা লগোৱা হয়। কাৰাগাৰত থকা প্ৰাক্তন মন্ত্ৰীজন কেনে আছে এতিয়া? 

পাৰ্থ চেটাৰ্জীয়ে   স্নান কৰিবলৈ তেওঁৰ চেলৰ বাহিৰত পানীৰে ভৰ্তি এটা ড্ৰাম ৰখা হৈছে। ইয়াৰ পৰা পানী এটা মগত লৈ অতি সাধাৰণ মানুহৰ দৰেই স্নান কৰিবলগীয়া হৈছে তেওঁ।  কাৰাগাৰত প্ৰৱেশ কৰাৰ পিছৰে পৰা তেওঁৰ  ভৰি ফুলি আছে। কঁকালতো বিষ হৈছে। ফলস্বৰূপে তেওঁ বন্দীসকলৰ বাবে ছকা   গা ধোৱা ঠাইলৈ যাব নোৱাৰিলে। সেয়ে কেনেবাকৈ তেওঁ চেলৰ বাহিৰতে গা ধুইছিল।

পুৱা  তেওঁ আন দিনৰ দৰে চাহ খায়। তেওঁক  দুপৰীয়াৰ আহাৰত দিয়া হৈছে  দাইল, ভাত আৰু তৰকাৰী।ৰাতিও তেওঁক ভাত দিবলৈ জেদ ধৰাত এতিয়া বিপাঙত পৰিছে কাৰাগাৰ কৰ্তৃপক্ষ। কৰাণ ভৰি ফুলি থকা পাৰ্থ চেটাৰ্জীক ৰাতি কোনো কাৰণতে ভাত নিদিবলৈ চিকিৎসকে সকিয়াই থৈছে। ভাতৰ সলনি ৰুটি দিয়াৰহে অনুমতি আছে। কিন্তু যোৱা নিশাৰে পৰা জেদ ধৰি থকাত অৱশেষত তেওঁক  ৰাতিও ভাত দিয়া হৈছে। কাৰাগাৰত  শুই থকাৰ বাহিৰে এতিয়া তেওঁৰ কৰিবলগীয়া একো কামেই নাই।  তেওঁৰ শাৰীৰিক অৱস্থাৰ কথা বিবেচনা কৰি চিকিৎসকে অৱশেষত তেওঁৰ বাবে এখন বিচনা যোগাৰ কৰি দিয়াৰ  পৰামৰ্শ দিছে। ফলত মজিয়াত শোৱাৰ পৰা ৰক্ষা পৰিছে প্ৰাক্তন মন্ত্ৰীগৰাকী। 

আনহাতে, কিছু দূৰৈৰ আলিপুৰ মহিলা কাৰাগাৰৰ চেলত থকা পাৰ্থ চেটাৰ্জীৰ ঘনিষ্ঠ  অৰ্পিতা মুখাৰ্জীৰ অৱস্থাৰ ক্ৰমাৎ বেয়াৰ দিশে ঢাল খাইছে। তেওঁ খোৱা-বোৱা কৰিছে যদিও মিঠেও শুব পৰা নাই।আলিপুৰ মহিলা কাৰাগাৰৰ সূত্ৰই প্ৰকাশ কৰা মতে অৰ্পিতাই যথেষ্ট অস্বস্তিকৰ অনুভৱ কৰিছে। কেতিয়াবা তেওঁ কান্দিছে। বাৰে বাৰে তেওঁ কোৱা শুনা গৈছিল, "মোক ব্যৱহাৰ কৰা হৈছে। মই বিপদত পৰিলোঁ। ' 
এতিয়ালৈকে পাৰ্থ অথবা অৰ্পিতাক সাক্ষাৎ কৰিবলৈ তেওঁলোকৰ ঘৰৰ কোনো লোকেই অহা নাই। পশ্চিম বংগৰ শিক্ষক নিযুক্তি কেলেংকাৰীত অভিযুক্ত পাৰ্থ আৰু অৰ্পিতাই কাৰাগাৰৰ ভিতৰতে যেন নিজৰ কৰ্মৰ বাবে অনুশোচনা কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ