--°C
Loading...
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্কঃপশ্চিমবংগৰ প্ৰাক্তন শিক্ষা মন্ত্ৰীজন পাৰ্থ চেটাৰ্জীৰ  বৰ্তমানৰ ঠিকনা এতিয়া  প্ৰেচিডেন্সি কাৰাগাৰ। কাৰাগাৰৰ ১২ নম্বৰ ৱাৰ্ডৰ  বাসিন্দা তেওঁ। পাৰ্থ চেটাৰ্জীৰ ওপৰত  ২৪ ঘণ্টাই  চিচিটিভি কেমেৰাত ষ্টি ৰাখিছে কাৰাগাৰ কৰ্তৗপক্ষই। দেওবাৰেই তেওঁৰ চেলৰ সন্মুখত এটা চিচিটিভি কেমেৰা লগোৱা হয়। কাৰাগাৰত থকা প্ৰাক্তন মন্ত্ৰীজন কেনে আছে এতিয়া? 

পাৰ্থ চেটাৰ্জীয়ে   স্নান কৰিবলৈ তেওঁৰ চেলৰ বাহিৰত পানীৰে ভৰ্তি এটা ড্ৰাম ৰখা হৈছে। ইয়াৰ পৰা পানী এটা মগত লৈ অতি সাধাৰণ মানুহৰ দৰেই স্নান কৰিবলগীয়া হৈছে তেওঁ।  কাৰাগাৰত প্ৰৱেশ কৰাৰ পিছৰে পৰা তেওঁৰ  ভৰি ফুলি আছে। কঁকালতো বিষ হৈছে। ফলস্বৰূপে তেওঁ বন্দীসকলৰ বাবে ছকা   গা ধোৱা ঠাইলৈ যাব নোৱাৰিলে। সেয়ে কেনেবাকৈ তেওঁ চেলৰ বাহিৰতে গা ধুইছিল।

পুৱা  তেওঁ আন দিনৰ দৰে চাহ খায়। তেওঁক  দুপৰীয়াৰ আহাৰত দিয়া হৈছে  দাইল, ভাত আৰু তৰকাৰী।ৰাতিও তেওঁক ভাত দিবলৈ জেদ ধৰাত এতিয়া বিপাঙত পৰিছে কাৰাগাৰ কৰ্তৃপক্ষ। কৰাণ ভৰি ফুলি থকা পাৰ্থ চেটাৰ্জীক ৰাতি কোনো কাৰণতে ভাত নিদিবলৈ চিকিৎসকে সকিয়াই থৈছে। ভাতৰ সলনি ৰুটি দিয়াৰহে অনুমতি আছে। কিন্তু যোৱা নিশাৰে পৰা জেদ ধৰি থকাত অৱশেষত তেওঁক  ৰাতিও ভাত দিয়া হৈছে। কাৰাগাৰত  শুই থকাৰ বাহিৰে এতিয়া তেওঁৰ কৰিবলগীয়া একো কামেই নাই।  তেওঁৰ শাৰীৰিক অৱস্থাৰ কথা বিবেচনা কৰি চিকিৎসকে অৱশেষত তেওঁৰ বাবে এখন বিচনা যোগাৰ কৰি দিয়াৰ  পৰামৰ্শ দিছে। ফলত মজিয়াত শোৱাৰ পৰা ৰক্ষা পৰিছে প্ৰাক্তন মন্ত্ৰীগৰাকী। 

আনহাতে, কিছু দূৰৈৰ আলিপুৰ মহিলা কাৰাগাৰৰ চেলত থকা পাৰ্থ চেটাৰ্জীৰ ঘনিষ্ঠ  অৰ্পিতা মুখাৰ্জীৰ অৱস্থাৰ ক্ৰমাৎ বেয়াৰ দিশে ঢাল খাইছে। তেওঁ খোৱা-বোৱা কৰিছে যদিও মিঠেও শুব পৰা নাই।আলিপুৰ মহিলা কাৰাগাৰৰ সূত্ৰই প্ৰকাশ কৰা মতে অৰ্পিতাই যথেষ্ট অস্বস্তিকৰ অনুভৱ কৰিছে। কেতিয়াবা তেওঁ কান্দিছে। বাৰে বাৰে তেওঁ কোৱা শুনা গৈছিল, "মোক ব্যৱহাৰ কৰা হৈছে। মই বিপদত পৰিলোঁ। ' 
এতিয়ালৈকে পাৰ্থ অথবা অৰ্পিতাক সাক্ষাৎ কৰিবলৈ তেওঁলোকৰ ঘৰৰ কোনো লোকেই অহা নাই। পশ্চিম বংগৰ শিক্ষক নিযুক্তি কেলেংকাৰীত অভিযুক্ত পাৰ্থ আৰু অৰ্পিতাই কাৰাগাৰৰ ভিতৰতে যেন নিজৰ কৰ্মৰ বাবে অনুশোচনা কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
পাকিস্তানত ২৪ ঘণ্টাত ১৩ শিশুসহ ৩৪০জনৰ মৃত্যু, খাইবাৰ পাখতুনখাৱাত আকস্মিক বানৰ তাণ্ডৱ
২৩ আগষ্টত শনি অমৱস্যা ! এই প্ৰতিকাৰ কৰিলে সকলো সমস্যা হ'ব দূৰ
কোটিপতি অৰ্জুন তেণ্ডুলকাৰ! আপুনি জানেনে জুনিয়ৰ শচীনৰ নেট ৱৰ্থ?
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক