--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মুম্বাইৰ আৰক্ষীৰ এন্টি নাৰ্কোটিক গোটে কালি ১,৪০৮ কোটি মূল্যৰ ৭০০ কেজি  মেফেড্রোন জব্দ কৰাৰ লগতে পাঁচজন লোকক গ্ৰেপ্তাৰ কৰে৷ ইয়াৰোপৰি, মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এজন পঞ্চাছ বছৰীয়া ৰসায়নবিদক। আৰক্ষীৰ সূত্ৰ অনুসৰি, লোকজনে নাচিকত তৈয়াৰ কৰা ডিজাইনাৰ ড্ৰাগ মুম্বাইৰ নালাচোপাৰালৈ ৰপ্তানি কৰিছিল৷ 

জানিব পৰা মতে, এই পঞ্চাছ বছৰীয়া ব্যক্তিজনে জৈৱিক ৰাসায়ন বিজ্ঞান অধ্যয়ন কৰিছিল আৰু এই জ্ঞান মেফেড্ৰোন তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰিছিল। ছ’চিয়েল মিডিয়াৰ জৰিয়তে উপভোক্তাক যোগান ধৰা হৈছিল এই ৰাসায়নিক দ্ৰব্য। 

আৰক্ষীয়ে জানিবলৈ দিয়ে যে মাৰ্চ মাহতেই এই মেফেড্রোনৰ ব্যৱসায়ত জড়িত থকাৰ অপৰাধত দুজন লোকক আটক কৰিছিল আৰক্ষীয়ে৷ লগতে, আৰক্ষীৰ অনুসন্ধানত এগৰাকী মহিলায়ো মেফেড্রোনৰ ব্যৱসায়ত জড়িত থকাৰ বিষয়ে পোহৰলৈ আহিছিল৷ এই মহিলাগৰাকীক যোৱা ২৭ জুলাইত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

মহিলাগৰাকীৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত ২ আগষ্টত মুম্বাই আৰক্ষীয়ে আন এজন লোককো উদ্ধাৰ কৰে। পূৰ্বে গ্ৰেপ্তাৰ হোৱা লোককেইজনৰ তথ্যৰ জৰিয়তেই আৰক্ষীয়ে পঞ্চাছ বছৰীয়া ৰসায়নবিদজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল। 

এই পঞ্চাশ বৰ্ষীয় লোকজনে নিজেই মেফেড্রোন প্ৰস্তুত কৰিছিল। তদুপৰি প্ৰস্তুত কৰা মেফেড্রোনৰ ব্যৱসায়ৰ বাবে নিৰ্বাচন কৰিছিল ছ’চিয়েল মিডিয়া প্লেটফৰ্মক৷ এই লোকজনে নিজৰ পৰিচয় লুকুৱাই    মেফেড্রোন ব্যৱসায়ৰ বাবে ছ’চিয়েল মিডিয়াত বহুতো একাউণ্ট ব্যৱহাৰ কৰি আছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ