--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মুম্বাইৰ আৰক্ষীৰ এন্টি নাৰ্কোটিক গোটে কালি ১,৪০৮ কোটি মূল্যৰ ৭০০ কেজি  মেফেড্রোন জব্দ কৰাৰ লগতে পাঁচজন লোকক গ্ৰেপ্তাৰ কৰে৷ ইয়াৰোপৰি, মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এজন পঞ্চাছ বছৰীয়া ৰসায়নবিদক। আৰক্ষীৰ সূত্ৰ অনুসৰি, লোকজনে নাচিকত তৈয়াৰ কৰা ডিজাইনাৰ ড্ৰাগ মুম্বাইৰ নালাচোপাৰালৈ ৰপ্তানি কৰিছিল৷ 

জানিব পৰা মতে, এই পঞ্চাছ বছৰীয়া ব্যক্তিজনে জৈৱিক ৰাসায়ন বিজ্ঞান অধ্যয়ন কৰিছিল আৰু এই জ্ঞান মেফেড্ৰোন তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰিছিল। ছ’চিয়েল মিডিয়াৰ জৰিয়তে উপভোক্তাক যোগান ধৰা হৈছিল এই ৰাসায়নিক দ্ৰব্য। 

আৰক্ষীয়ে জানিবলৈ দিয়ে যে মাৰ্চ মাহতেই এই মেফেড্রোনৰ ব্যৱসায়ত জড়িত থকাৰ অপৰাধত দুজন লোকক আটক কৰিছিল আৰক্ষীয়ে৷ লগতে, আৰক্ষীৰ অনুসন্ধানত এগৰাকী মহিলায়ো মেফেড্রোনৰ ব্যৱসায়ত জড়িত থকাৰ বিষয়ে পোহৰলৈ আহিছিল৷ এই মহিলাগৰাকীক যোৱা ২৭ জুলাইত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

মহিলাগৰাকীৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত ২ আগষ্টত মুম্বাই আৰক্ষীয়ে আন এজন লোককো উদ্ধাৰ কৰে। পূৰ্বে গ্ৰেপ্তাৰ হোৱা লোককেইজনৰ তথ্যৰ জৰিয়তেই আৰক্ষীয়ে পঞ্চাছ বছৰীয়া ৰসায়নবিদজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল। 

এই পঞ্চাশ বৰ্ষীয় লোকজনে নিজেই মেফেড্রোন প্ৰস্তুত কৰিছিল। তদুপৰি প্ৰস্তুত কৰা মেফেড্রোনৰ ব্যৱসায়ৰ বাবে নিৰ্বাচন কৰিছিল ছ’চিয়েল মিডিয়া প্লেটফৰ্মক৷ এই লোকজনে নিজৰ পৰিচয় লুকুৱাই    মেফেড্রোন ব্যৱসায়ৰ বাবে ছ’চিয়েল মিডিয়াত বহুতো একাউণ্ট ব্যৱহাৰ কৰি আছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ