--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ডাঙৰ মানুহৰ লগত বেছি ঘনিষ্ঠতা কৰাটোও বিপদ, বিশেষ মন্ত্ৰী আমোলাৰ সৈতে৷ সেই কথাৰ প্ৰমাণ ইতিমধ্যে দেশত কেইবাটাও পোৱা গৈছে৷ সেই কথাষাৰেই যেন এতিয়া উপলব্ধি কৰিছে বংগৰ প্ৰাক্তন শিক্ষামন্ত্ৰী পাৰ্থ চেটাৰ্জীৰে মধুৰ সম্পৰ্ক ৰক্ষা কৰা মডেল অৰ্পিতা মুখাৰ্জীয়ে৷ 

বংগৰ শিক্ষক নিযুক্তি কেলংকাৰীৰ তদন্ত কৰিবলৈ গৈ ইডিয়ে অৰ্পিতাৰ ঘৰৰ পৰা ৫০ কোটিৰো অধিক  নগদ ধন আৰু বিশাল পৰিমাণৰ সোণৰ অলংকাৰ উদ্ধাৰ  কৰাৰ পিছতে গ্ৰেপ্তাৰ হৈছিল অৰ্পিতা৷ এতিয়া আলিপুৰ দুৱাৰৰ কাৰাগাৰত থকা অৰ্পিতাই কেৱল অনুশোচনা কৰিছে৷ কপাল চপৰিয়াই অৰ্পিয়াই মাথো কৈছে মোক ফচোৱা হ’ল, মই ইমান বেয়া নাছিলো৷ কাৰাগাৰত থকা অৰ্পিতা এতি শাৰীৰিকভাবে মুঠেও সিস্থ নহয়৷ মানসিকভাবেও তেওঁ ভাগি পৰিছে৷ 

কাৰাগাৰৰ সূত্ৰই প্ৰকাশ কৰা মতে অৰ্পিতাৰ  ভৰি আৰু কঁকালত বিষ হৈছে। ইপিনে অসুস্থ হৈ পৰা প্ৰাক্তন মন্ত্ৰী পাৰ্থ চেটাৰ্জীয়েও  কাৰাগাৰৰ চিকিৎসালয়লৈ যাব অস্বীকাৰ কৰিছে। কালি আবেলি তেওঁ নিৰাপত্তাৰক্ষীৰ সন্মুখত চেলৰ বাহিৰত খোজ কাঢ়িছিল। তেওঁৰ উকীলে আজি কাৰাগাৰলৈ গৈ পাৰ্থক লগ কৰাৰ কথা আছে। আনহাতে, অৰ্পিতা মুখাৰ্জীয়ে   কাৰাগাৰত নিয়মীয়া স্বাস্থ্য পৰীক্ষা কৰি আছে। অৰ্পিতাই খোৱা-বোৱা ঠিকেই কৰি আছে যদিও কান্দোনহে বন্ধ হোৱা নাই। 
ইপিনে পাৰ্থ চেটাৰ্জীয়ে কাৰাগাৰত অতিৰিক্ত সুবিধা ল'ব নিবিচাৰে বুলি  প্ৰেচিডেন্সি কাৰাগাৰ কৰ্তৃপক্ষই জানিবলৈ দিছে৷কাৰাগাৰত তেওঁ শ্ৰী ৰামকৃষ্ণৰ সৈতে সম্পৰ্কিত আৰু মহাশ্বেতা দেৱীৰ কিতাপ পঢ়িব বিচাৰিছিল। তেওঁ কেছৰ গোচৰৰ চাবও বিচাৰিছিল।


আনহাতে, অৰ্পিতাক আলিপুৰত মহিলাসকলৰ বাবে এক বিশেষ কাৰাগাৰত ৰখা হৈছে। জেৰাৰ সন্মুখীন হৈ অৰ্পিতাই কয়, "মই ভয়ংকৰভাৱে আৱদ্ধ হৈ পৰিছিলো। সেয়াই মোক  শেষ কৰিলে।  ইডিয়ে বাৰে বাৰে তেওঁৰ নিৰাপত্তাৰ বিষয়ে উদ্বেগ প্ৰকাশ কৰিছে, সেয়ে চেলৰ বাহিৰত সদায় দুজন নিৰাপত্তাৰক্ষী ৰখা । চেলৰ দুৱাৰমুখতে  চিচিটিভি কেমেৰা লগাই অৰ্পিতা আৰু পাৰ্থ চেটাৰ্জীৰ নিৰন্তৰ নিৰীক্ষণ কৰি থকা হৈছে৷ জানিব পৰা মতে মন্ত্ৰীৰ পাৰ্থৰ লগ লাগি অৰ্পিতা বিশাল সম্পত্তিৰ মালিক হৈছিল৷ 

টলিগঞ্জৰ বিলাসী আৱাসৰ উপৰিও অৰ্পিতাৰ দুটা ফ্লেট বিটি ৰোডৰ অভিজাত আৱাসত থকা বুলি জানিব পৰা গৈছে।কলকাতাৰ মাজভাগত ৩ খন  পাৰ্লাৰো আছে অৰ্পিতাৰ । এক বিশেষ সূত্ৰই প্ৰকাশ কৰা মতে ২০২০ চনত অৰ্পিতাই  টবিন ৰোডত তেওঁৰ প্ৰথম খন  নখৰ সৌন্দৰ্যবৰ্ধনৰ পাৰ্লাৰ খুলিছিল। পিছত দক্ষিণ কলকাতাত ইয়াৰ দুটা শাখা খোলা হয়।ইয়াৰ পিছত অৰ্পিতাৰ সম্পত্তিৰ পাহাৰ ক্ৰমে ওখ হৈ গৈছিল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ