--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ডাঙৰ মানুহৰ লগত বেছি ঘনিষ্ঠতা কৰাটোও বিপদ, বিশেষ মন্ত্ৰী আমোলাৰ সৈতে৷ সেই কথাৰ প্ৰমাণ ইতিমধ্যে দেশত কেইবাটাও পোৱা গৈছে৷ সেই কথাষাৰেই যেন এতিয়া উপলব্ধি কৰিছে বংগৰ প্ৰাক্তন শিক্ষামন্ত্ৰী পাৰ্থ চেটাৰ্জীৰে মধুৰ সম্পৰ্ক ৰক্ষা কৰা মডেল অৰ্পিতা মুখাৰ্জীয়ে৷ 

বংগৰ শিক্ষক নিযুক্তি কেলংকাৰীৰ তদন্ত কৰিবলৈ গৈ ইডিয়ে অৰ্পিতাৰ ঘৰৰ পৰা ৫০ কোটিৰো অধিক  নগদ ধন আৰু বিশাল পৰিমাণৰ সোণৰ অলংকাৰ উদ্ধাৰ  কৰাৰ পিছতে গ্ৰেপ্তাৰ হৈছিল অৰ্পিতা৷ এতিয়া আলিপুৰ দুৱাৰৰ কাৰাগাৰত থকা অৰ্পিতাই কেৱল অনুশোচনা কৰিছে৷ কপাল চপৰিয়াই অৰ্পিয়াই মাথো কৈছে মোক ফচোৱা হ’ল, মই ইমান বেয়া নাছিলো৷ কাৰাগাৰত থকা অৰ্পিতা এতি শাৰীৰিকভাবে মুঠেও সিস্থ নহয়৷ মানসিকভাবেও তেওঁ ভাগি পৰিছে৷ 

কাৰাগাৰৰ সূত্ৰই প্ৰকাশ কৰা মতে অৰ্পিতাৰ  ভৰি আৰু কঁকালত বিষ হৈছে। ইপিনে অসুস্থ হৈ পৰা প্ৰাক্তন মন্ত্ৰী পাৰ্থ চেটাৰ্জীয়েও  কাৰাগাৰৰ চিকিৎসালয়লৈ যাব অস্বীকাৰ কৰিছে। কালি আবেলি তেওঁ নিৰাপত্তাৰক্ষীৰ সন্মুখত চেলৰ বাহিৰত খোজ কাঢ়িছিল। তেওঁৰ উকীলে আজি কাৰাগাৰলৈ গৈ পাৰ্থক লগ কৰাৰ কথা আছে। আনহাতে, অৰ্পিতা মুখাৰ্জীয়ে   কাৰাগাৰত নিয়মীয়া স্বাস্থ্য পৰীক্ষা কৰি আছে। অৰ্পিতাই খোৱা-বোৱা ঠিকেই কৰি আছে যদিও কান্দোনহে বন্ধ হোৱা নাই। 
ইপিনে পাৰ্থ চেটাৰ্জীয়ে কাৰাগাৰত অতিৰিক্ত সুবিধা ল'ব নিবিচাৰে বুলি  প্ৰেচিডেন্সি কাৰাগাৰ কৰ্তৃপক্ষই জানিবলৈ দিছে৷কাৰাগাৰত তেওঁ শ্ৰী ৰামকৃষ্ণৰ সৈতে সম্পৰ্কিত আৰু মহাশ্বেতা দেৱীৰ কিতাপ পঢ়িব বিচাৰিছিল। তেওঁ কেছৰ গোচৰৰ চাবও বিচাৰিছিল।


আনহাতে, অৰ্পিতাক আলিপুৰত মহিলাসকলৰ বাবে এক বিশেষ কাৰাগাৰত ৰখা হৈছে। জেৰাৰ সন্মুখীন হৈ অৰ্পিতাই কয়, "মই ভয়ংকৰভাৱে আৱদ্ধ হৈ পৰিছিলো। সেয়াই মোক  শেষ কৰিলে।  ইডিয়ে বাৰে বাৰে তেওঁৰ নিৰাপত্তাৰ বিষয়ে উদ্বেগ প্ৰকাশ কৰিছে, সেয়ে চেলৰ বাহিৰত সদায় দুজন নিৰাপত্তাৰক্ষী ৰখা । চেলৰ দুৱাৰমুখতে  চিচিটিভি কেমেৰা লগাই অৰ্পিতা আৰু পাৰ্থ চেটাৰ্জীৰ নিৰন্তৰ নিৰীক্ষণ কৰি থকা হৈছে৷ জানিব পৰা মতে মন্ত্ৰীৰ পাৰ্থৰ লগ লাগি অৰ্পিতা বিশাল সম্পত্তিৰ মালিক হৈছিল৷ 

টলিগঞ্জৰ বিলাসী আৱাসৰ উপৰিও অৰ্পিতাৰ দুটা ফ্লেট বিটি ৰোডৰ অভিজাত আৱাসত থকা বুলি জানিব পৰা গৈছে।কলকাতাৰ মাজভাগত ৩ খন  পাৰ্লাৰো আছে অৰ্পিতাৰ । এক বিশেষ সূত্ৰই প্ৰকাশ কৰা মতে ২০২০ চনত অৰ্পিতাই  টবিন ৰোডত তেওঁৰ প্ৰথম খন  নখৰ সৌন্দৰ্যবৰ্ধনৰ পাৰ্লাৰ খুলিছিল। পিছত দক্ষিণ কলকাতাত ইয়াৰ দুটা শাখা খোলা হয়।ইয়াৰ পিছত অৰ্পিতাৰ সম্পত্তিৰ পাহাৰ ক্ৰমে ওখ হৈ গৈছিল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
গোৱালপাৰাত অবৈধভাৱে সৰবৰাহ কৰা গৰুসহ মেঘালয়ৰ দুজন লোকক আটক
মুকালমুৱা আৰক্ষীৰ বৃহৎ সফলতা! জালত পৰিল ৯ চাইবাৰ অপৰাধী
'উইজডেন'ৰ বিশ্বৰ ৪০জন উদীয়মান ক্রিকেটাৰৰ তালিকাত ৰিয়ান পৰাগ
টিংখাঙত শোকাৱহ পথ দুৰ্ঘটনা! দুচকীয়া বাহনৰ মুখামুখি সংঘৰ্ষত দুজন নিহত, আহত দুজন
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক