--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ‘নাগৰিকত্ব সংশোধনী আইনবিৰোধী আন্দোলন এতিয়াও অপ্ৰাসংগিত হৈ যোৱা নাই। এতিয়াও এই আন্দোলনৰ প্ৰাসংগিকতা আছে।’ এই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে ডঃ হীৰেন গোহাঁয়ে। দেশৰ কৃষক সমাজত অবিৰত আৰু দৃঢ় সংগ্ৰামৰ ওচৰত নতজানু হৈ কেন্দ্ৰীয় চৰকাৰে তিনিখন বিতৰ্কিত কৃষি আইন বাতিল কৰিবলৈ বাধ্য হৈ পৰাৰ পাছত দেশত পুনৰ ‘কা’বিৰোধী আন্দোলনৰ উকমুকনি উঠিছে।

অসমতো পুনৰ এই আন্দোলনে গা কৰি উঠাৰ উপক্ৰম ঘটা দেখা গৈছে। তাৰ মাজতে সংবাদমেল যোগে বিশিষ্ট লেখক, বুদ্ধিজীৱী ডঃ হীৰেন গোহাঁয়ে ‘কা’ আন্দোলনৰ সমৰ্থনত তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে। তেওঁ অসমৰ মানুহৰহ ভুলৰ বাবেই এই আন্দোলনৰ সঠিক পৰিণতি লাভ সম্ভৱ নহ’ল বুলিও মন্তব্য কৰে ডঃ গোহাঁয়ে। তেওঁ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন নীতিক লৈ সমালোচনা কৰে ডঃ গোহাঁয়ে। তেওঁ অভিযোগ কৰে যে, কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে জোৰ-জুলুমকৈ কোনো কোনো এখন বিধেয়ক গৃহীত কৰে।

কোনো আলোচনা নকৰে বুলি তেওঁ অভিযোগ কৰে। তেওঁ কয়, চৰকাৰে পৰৱৰ্তী সময়ত কি কৰিছে সেয়া আমি দেখিছোঁ। তেওঁলোকে সংবিধানখন মূৰত লৈ বিভিন্ন কাম কৰাৰ কথা কৈছিল। কিন্তু তাৰ বিপৰীত কাম কৰিছে। ‘কা’ আইন সন্দৰ্ভতো আমি দেখিছোঁ গাৰ জোৰেৰে আইন গৃহীত কৰিছে। অসমৰ ভাষাকেন্দ্ৰিক বিতৰ্কৰ প্ৰসংগ উত্থাপন কৰি তেওঁ কয়, এই মুহূৰ্তত অসমখন অশান্ত কৰি আছে অসমীয়া ভাষা আৰু বৰাকৰ প্ৰসংগই। সংঘাতে কেৱল ধ্বংসহে কৰে। ইয়াৰ পৰা কোনো উপকৃত নহয়। জাতিগত আৰু ভাষাগত যিবোৰ কথা ওলাইছে সেইবোৰ আচলতে কিমান গুৰুত্ব দিব লাগে চিন্তা সকলোৱে চিন্তা কৰা উচিত। তেওঁ দুটা বিষয়ক লৈ এই সময়ত চিন্তিত হৈ পৰা বুলি উল্লেখ কৰি কয়, দুটা বিষয়ক লৈ মই এতিয়া চিন্তিত হৈ পৰিছোঁ।

এটা হৈছে APSC পৰীক্ষাৰ পৰা অসমীয়া ভাষাৰ কাকত বাতিল কৰা। ইয়াৰ পৰা সকলো ৰাজ্যৰ ভাষাৰ ক্ষেত্ৰত যদি উপকৃত হয়, তেন্তে অসমত নথকাৰ কাৰণ কি? কেৱল এজন বিষয়াই কথা ক’লেই নহব, যদি অসমীয়া পঢ়িব নোৱাৰে কেনেকৈ হ’ব? এন হঠকাৰী পদক্ষেপৰ বাবে চৰকাৰ জগৰীয়া বুলি তেওঁ অভিযোগ কৰে। তেওঁ কয়, আমি এটা কথা মনত ৰখা ভাল যে বিটিআৰত যিদৰে বড়ো সহযোগী ভাষা, ঠিক সেইদৰে বৰাকত বাংলা ভাষা সহযোগী ভাষা হৈ থাকিব।

তাত বাংলা ভাষা ব্যৱহাৰ কৰিলে বেয়া পাব নালাগে কিন্তু লগতে অসমীয়া ভাষাটোও থাকিব লাগে। গণতান্ত্ৰিক সহনশীল নাগৰিক হিচাপে এয়া গ্ৰহণ কৰিব লাগে বুলিও তেওঁ মন্তব্য কৰে। বৰাকৰ এগৰাকী বিতৰ্কিত নেতা প্ৰদীপ দত্ত ৰয় প্ৰসংগতো তেওঁ মন্তব্য কৰে। দত্ত ৰয়ক বৰাকৰ গুৰুত্বপূৰ্ণ মানুহ নহয় বুলি মন্তব্য কৰে ডঃ গোহাঁয়ে। তেওঁক চৰকাৰৰ মানুহ আখ্যা দিয়ে ডঃ গোহাঁয়ে।


ইফালে, মূল্যবৃদ্ধিক লৈয়ো সৰৱ হৈ পৰে বুদ্ধিজীৱীগৰাকী। মানুহৰ জীৱন নিৰ্বাহ প্ৰক্ৰিয়া অধিক ব্যয়বহুল আৰু কষ্টসাধ্য হৈ পৰা বুলি মন্তব্য কৰি তেওঁ কয়, গুৱাহাটীত ৮-১০ হাজাৰ টকা দি কোনেও চলিব নোৱাৰে। কিন্তু সেইবোৰত চৰকাৰে গুৰুত্ব দিয়া নাই। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ আটাইতকৈ ডাঙৰ সমস্যা হৈছে দুয়োখন চৰকাৰৰ স্বচ্ছতা নাই বুলিও তেওঁ অভি়যোগ কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ