--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ‘নাগৰিকত্ব সংশোধনী আইনবিৰোধী আন্দোলন এতিয়াও অপ্ৰাসংগিত হৈ যোৱা নাই। এতিয়াও এই আন্দোলনৰ প্ৰাসংগিকতা আছে।’ এই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে ডঃ হীৰেন গোহাঁয়ে। দেশৰ কৃষক সমাজত অবিৰত আৰু দৃঢ় সংগ্ৰামৰ ওচৰত নতজানু হৈ কেন্দ্ৰীয় চৰকাৰে তিনিখন বিতৰ্কিত কৃষি আইন বাতিল কৰিবলৈ বাধ্য হৈ পৰাৰ পাছত দেশত পুনৰ ‘কা’বিৰোধী আন্দোলনৰ উকমুকনি উঠিছে।

অসমতো পুনৰ এই আন্দোলনে গা কৰি উঠাৰ উপক্ৰম ঘটা দেখা গৈছে। তাৰ মাজতে সংবাদমেল যোগে বিশিষ্ট লেখক, বুদ্ধিজীৱী ডঃ হীৰেন গোহাঁয়ে ‘কা’ আন্দোলনৰ সমৰ্থনত তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে। তেওঁ অসমৰ মানুহৰহ ভুলৰ বাবেই এই আন্দোলনৰ সঠিক পৰিণতি লাভ সম্ভৱ নহ’ল বুলিও মন্তব্য কৰে ডঃ গোহাঁয়ে। তেওঁ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন নীতিক লৈ সমালোচনা কৰে ডঃ গোহাঁয়ে। তেওঁ অভিযোগ কৰে যে, কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে জোৰ-জুলুমকৈ কোনো কোনো এখন বিধেয়ক গৃহীত কৰে।

কোনো আলোচনা নকৰে বুলি তেওঁ অভিযোগ কৰে। তেওঁ কয়, চৰকাৰে পৰৱৰ্তী সময়ত কি কৰিছে সেয়া আমি দেখিছোঁ। তেওঁলোকে সংবিধানখন মূৰত লৈ বিভিন্ন কাম কৰাৰ কথা কৈছিল। কিন্তু তাৰ বিপৰীত কাম কৰিছে। ‘কা’ আইন সন্দৰ্ভতো আমি দেখিছোঁ গাৰ জোৰেৰে আইন গৃহীত কৰিছে। অসমৰ ভাষাকেন্দ্ৰিক বিতৰ্কৰ প্ৰসংগ উত্থাপন কৰি তেওঁ কয়, এই মুহূৰ্তত অসমখন অশান্ত কৰি আছে অসমীয়া ভাষা আৰু বৰাকৰ প্ৰসংগই। সংঘাতে কেৱল ধ্বংসহে কৰে। ইয়াৰ পৰা কোনো উপকৃত নহয়। জাতিগত আৰু ভাষাগত যিবোৰ কথা ওলাইছে সেইবোৰ আচলতে কিমান গুৰুত্ব দিব লাগে চিন্তা সকলোৱে চিন্তা কৰা উচিত। তেওঁ দুটা বিষয়ক লৈ এই সময়ত চিন্তিত হৈ পৰা বুলি উল্লেখ কৰি কয়, দুটা বিষয়ক লৈ মই এতিয়া চিন্তিত হৈ পৰিছোঁ।

এটা হৈছে APSC পৰীক্ষাৰ পৰা অসমীয়া ভাষাৰ কাকত বাতিল কৰা। ইয়াৰ পৰা সকলো ৰাজ্যৰ ভাষাৰ ক্ষেত্ৰত যদি উপকৃত হয়, তেন্তে অসমত নথকাৰ কাৰণ কি? কেৱল এজন বিষয়াই কথা ক’লেই নহব, যদি অসমীয়া পঢ়িব নোৱাৰে কেনেকৈ হ’ব? এন হঠকাৰী পদক্ষেপৰ বাবে চৰকাৰ জগৰীয়া বুলি তেওঁ অভিযোগ কৰে। তেওঁ কয়, আমি এটা কথা মনত ৰখা ভাল যে বিটিআৰত যিদৰে বড়ো সহযোগী ভাষা, ঠিক সেইদৰে বৰাকত বাংলা ভাষা সহযোগী ভাষা হৈ থাকিব।

তাত বাংলা ভাষা ব্যৱহাৰ কৰিলে বেয়া পাব নালাগে কিন্তু লগতে অসমীয়া ভাষাটোও থাকিব লাগে। গণতান্ত্ৰিক সহনশীল নাগৰিক হিচাপে এয়া গ্ৰহণ কৰিব লাগে বুলিও তেওঁ মন্তব্য কৰে। বৰাকৰ এগৰাকী বিতৰ্কিত নেতা প্ৰদীপ দত্ত ৰয় প্ৰসংগতো তেওঁ মন্তব্য কৰে। দত্ত ৰয়ক বৰাকৰ গুৰুত্বপূৰ্ণ মানুহ নহয় বুলি মন্তব্য কৰে ডঃ গোহাঁয়ে। তেওঁক চৰকাৰৰ মানুহ আখ্যা দিয়ে ডঃ গোহাঁয়ে।


ইফালে, মূল্যবৃদ্ধিক লৈয়ো সৰৱ হৈ পৰে বুদ্ধিজীৱীগৰাকী। মানুহৰ জীৱন নিৰ্বাহ প্ৰক্ৰিয়া অধিক ব্যয়বহুল আৰু কষ্টসাধ্য হৈ পৰা বুলি মন্তব্য কৰি তেওঁ কয়, গুৱাহাটীত ৮-১০ হাজাৰ টকা দি কোনেও চলিব নোৱাৰে। কিন্তু সেইবোৰত চৰকাৰে গুৰুত্ব দিয়া নাই। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ আটাইতকৈ ডাঙৰ সমস্যা হৈছে দুয়োখন চৰকাৰৰ স্বচ্ছতা নাই বুলিও তেওঁ অভি়যোগ কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু