--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: ‘মই এগৰাকী অসমীয়া ব্যক্তি৷ মোৰ শিৰত সদায় অসমীয়াৰ তেজ প্ৰভাৱমাণ৷ প্ৰদীপ দত্ত ৰয়ৰ দৰে লোকক একেমুখে গৰিহণা দিছো’- আজি ‘প্ৰাগ নিউজ’ৰ সাংবাদিকৰ আগত এনেদৰে মন্তব্য কৰে মন্ত্ৰী পীয়ুষ হাজৰিকাই৷ তেওঁ বৰাকত অসমীয়া ভাষাৰ ওপৰত হোৱা অপমানৰ বাবে প্ৰদীপ দত্তৰ দৰে মানুহক ক্ষমা নকৰে বুলিও মন্তব্য কৰে৷ লগতে এই সন্দৰ্ভত চৰকাৰ তথা প্ৰশাসনে উচিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি উল্লেখ কৰে৷ ইপিনে বিতৰ্কিত স্বল্পখ্যাত বেংগলী ডেম’ক্ৰেটিক ফ্ৰণ্টৰ মুৰব্বী প্ৰদীপ দত্ত ৰয়ক আজি জেৰা চলায় কাছাৰৰ আৰক্ষী অধীক্ষকে৷ কালিও দীৰ্ঘ সময় জেৰা কৰিছিল আৰক্ষী অধীক্ষকে৷

উল্লেখ্য যে, অসমীয়া ভাষাৰ হ’ৰ্ডিং আঁতৰোৱাৰ ওপৰত ভাবুকি দিছিল প্ৰদীপে৷ তাৰ পাছতেই ২৪ ঘণ্টাৰ ভিতৰত আঁতৰোৱা হয় হ’ৰ্ডিংখন৷ তাৰপাছতেই সমগ্ৰ ৰাজ্যজুৰি সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ৷ পীয়ুষ হাজৰিকাই লগতে সদৰী কৰে যে, অসমত অসমীয়া ভাষা চলিবই৷ আনকি এই সন্দৰ্ভত বৰাকৰ একাংশ লোকেও তীব্ৰ গৰিহণা যোগায় বুলিও উল্লেখ কৰে তেওঁ৷ বিধানসভা চৌহদত সৰ্বদলীয় বৈঠকত উপস্থিত হয় পীয়ু।

তাৰ পাছতেই সাংবাদিকৰে হোৱা কথোপকথনত প্ৰদীপ দত্ত ৰয় মানসিক বিকাৰগস্ত ব্যক্তি বুলিও অভিহিত কৰে। লগতে কেইদিনমান কংগ্ৰেছী হৈ কাম কৰিলে, তাৰ পাছত বিজেপিৰ হৈ কাম কৰিলে আকৌ বিজেপিৰ পৰা নিলম্বিতও হ’ল বুলি অবিহিত কৰি প্ৰদীপ দত্তৰ ওপৰত আইনে আইনী ব্যবস্থা ল’ব বুলি স্পষ্টীকৰণ কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু