--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ৰাজনৈতিক আক্ৰোশৰ বলি হৈছে জিগনেশ মেৱানী। প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ পূৰ্বে প্ৰধানমন্ত্ৰীক ভাল লগাবৰ বাবে পৰিকল্পিতভাৱে এই কাম কৰিছে চৰকাৰে। এই বিস্ফোৰক অভিযোগ কৰিছে ৰাইজৰ দলে। গুজৰাটৰ নিৰ্দলীয় বিধায়ক মেৱানীক গ্ৰেপ্তাৰ তথা দামবৃদ্ধিৰ দৰে বিষয়ক লৈ ৰাইজৰ দলে আজি এখন সংবাদমেল সম্বোধন কৰে। ‘ৰাইজৰ দল’ৰ মঠঘৰীয়াত থকা মুখ্য কাৰ্যালয়ত এই সংবাদ মেল সম্বোধন কৰে দলটোৱে।

সংবাদমেলত জিগনেছ মেৱানীক আক্রোশমূলকভাৱে গ্ৰেপ্তাৰ কৰাৰ অভিযোগ তোলে ‘ৰাইজৰ দল’-এ। প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ পূৰ্বে প্ৰধানমন্ত্ৰীক ভাল লগোৱাৰ বাবেই পৰিকল্পিতভাৱে চৰকাৰে এই কাম কৰিছে বুলি অভিযোগ উত্থাপন কৰে দলটোৱে। এই ঘটনাক তীব্ৰ সমালোচনা কৰি শীঘ্ৰে জিগনেছ মেৱানীক মুকলি কৰি দিবলৈ দাবী জনাইছে ‘ৰাইজৰ দল’ৰ নেতৃত্বই।

ইফালে, অত্যাৱশ্যকীয় সামগ্ৰীৰ দামবৃদ্ধিৰ প্ৰসংগতো চৰকাৰক তীব্ৰ সমালোচনা কৰিছে দলটোৱে। সকলো অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰসংগ উত্থাপন কৰি দলটোৱে অভিযোগ কৰে যে, শ্ৰীলংকাৰ দৰে পৰিৱেশ অসমলৈকো আহি আছে। বৃটিছৰ দৰে চৰকাৰে ৰাইজক শোষণ কৰিছে বুলি দলটোৱে অভিযোগ কৰে।

অত্যাৱশ্যকীয় সামগ্ৰীৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিবলৈ সকলো ৰাইজক আহ্বান জনায় দলটোৱে। সংবাদমেলত ৰাইজৰ দলৰ নেতৃবৃন্দই অভিযোগ কৰে যে, টোল টেক্সৰ কাৰণে সামগ্ৰীৰ দামবৃদ্ধি হৈছে। কেন্দ্ৰীয় চৰকাৰে কৈছে GST বৃদ্ধি কৰা হ’ব। সেয়া হ’লে বস্তুৰ দাম কেনেকৈ বৃদ্ধি হ’ব আপোনালোকে ভাবক। টিভি, বাতৰিকাকত নহয় সকলোৱে ৰাজপথত আন্দোলন কৰিব লাগে। 

ইফালে, দলত্যাগী নেতা কমল মেধিয়ে অখিল গগৈৰ বিৰুদ্ধে অনা অভিযোগ সন্দৰ্ভত উত্তৰ দিয়াৰ পৰা আঁতৰি থাকে ৰাইজৰ দলৰ নেতৃত্ব। মানৱ ডেকাৰ পৰা টকা লোৱা কথাৰ পৰা ফালৰি কাটি কমল মেধিৰ ৰাজনৈতিক ভৱিষ্যতৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে ৰাইজৰ দলৰ উপ সভাপতি ৰাছেল হুছেইনে। তেওঁ কয় যে, ৰাজনৈতিক প্ৰতিদ্বন্দ্বীৰ বিৰুদ্ধে এনেবোৰ অভিযোগ উত্থাপন হয়। কমল মেধিৰ অভিযোগ সন্দৰ্ভত মন্তব্য নিদিওঁ। কমল মেধি যথেষ্ট জ্ঞানী ব্যক্তি তেওঁ যি দলতেই যোগদান কৰক আমি শুভেচ্ছা জনাম। তেওঁৰ উজ্জ্বল ভৱিষ্যত আমি কামনা কৰিছোঁ।
ইফালে, পৰৱৰ্তী প্ৰতিটো নিৰ্বাচনতে ৰাইজৰ দলে প্ৰতিদ্বন্দ্বিতা কৰিব বুলিও আজিৰ সংবাদমেলতে ঘোষণা কৰে দলৰ উপ-সভাপতি ৰাছেল হুছেইনে।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
‘ষ্টাৰ চিমেণ্ট’ক ৯০লাখ টকাৰ লুণ্ঠন চাইবাৰ চক্ৰৰ; চিআইডিৰ তৎপৰতাত উদ্ধাৰ সমগ্ৰ ধন
বানাক্ৰান্তৰ বাবে ১.৫ লাখ টকাৰ অনুদান বিশিষ্ট অভিনেত্ৰী সীমা বিশ্বাসৰ
উজনিৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা
ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ স্থায়ী সমাধানৰ বাবে কৌশলগত পদক্ষেপ; IIT গুৱাহাটীৰ সৈতে অসম চৰকাৰৰ সহযোগিতা
ডাৱৰ বিস্ফোৰণ নে অন্য কাৰণ? উজনি অসমৰ বানৰ কাৰণ সন্দৰ্ভত বিতৰ্ক
ডিজিটেল ভৱিষ্যত গঢ় দিয়াৰ লক্ষ্যৰে ধুবুৰীত AI সন্দৰ্ভত সজাগতা কাৰ্যসূচী
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ