--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ৰাজনৈতিক আক্ৰোশৰ বলি হৈছে জিগনেশ মেৱানী। প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ পূৰ্বে প্ৰধানমন্ত্ৰীক ভাল লগাবৰ বাবে পৰিকল্পিতভাৱে এই কাম কৰিছে চৰকাৰে। এই বিস্ফোৰক অভিযোগ কৰিছে ৰাইজৰ দলে। গুজৰাটৰ নিৰ্দলীয় বিধায়ক মেৱানীক গ্ৰেপ্তাৰ তথা দামবৃদ্ধিৰ দৰে বিষয়ক লৈ ৰাইজৰ দলে আজি এখন সংবাদমেল সম্বোধন কৰে। ‘ৰাইজৰ দল’ৰ মঠঘৰীয়াত থকা মুখ্য কাৰ্যালয়ত এই সংবাদ মেল সম্বোধন কৰে দলটোৱে।

সংবাদমেলত জিগনেছ মেৱানীক আক্রোশমূলকভাৱে গ্ৰেপ্তাৰ কৰাৰ অভিযোগ তোলে ‘ৰাইজৰ দল’-এ। প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ পূৰ্বে প্ৰধানমন্ত্ৰীক ভাল লগোৱাৰ বাবেই পৰিকল্পিতভাৱে চৰকাৰে এই কাম কৰিছে বুলি অভিযোগ উত্থাপন কৰে দলটোৱে। এই ঘটনাক তীব্ৰ সমালোচনা কৰি শীঘ্ৰে জিগনেছ মেৱানীক মুকলি কৰি দিবলৈ দাবী জনাইছে ‘ৰাইজৰ দল’ৰ নেতৃত্বই।

ইফালে, অত্যাৱশ্যকীয় সামগ্ৰীৰ দামবৃদ্ধিৰ প্ৰসংগতো চৰকাৰক তীব্ৰ সমালোচনা কৰিছে দলটোৱে। সকলো অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰসংগ উত্থাপন কৰি দলটোৱে অভিযোগ কৰে যে, শ্ৰীলংকাৰ দৰে পৰিৱেশ অসমলৈকো আহি আছে। বৃটিছৰ দৰে চৰকাৰে ৰাইজক শোষণ কৰিছে বুলি দলটোৱে অভিযোগ কৰে।

অত্যাৱশ্যকীয় সামগ্ৰীৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিবলৈ সকলো ৰাইজক আহ্বান জনায় দলটোৱে। সংবাদমেলত ৰাইজৰ দলৰ নেতৃবৃন্দই অভিযোগ কৰে যে, টোল টেক্সৰ কাৰণে সামগ্ৰীৰ দামবৃদ্ধি হৈছে। কেন্দ্ৰীয় চৰকাৰে কৈছে GST বৃদ্ধি কৰা হ’ব। সেয়া হ’লে বস্তুৰ দাম কেনেকৈ বৃদ্ধি হ’ব আপোনালোকে ভাবক। টিভি, বাতৰিকাকত নহয় সকলোৱে ৰাজপথত আন্দোলন কৰিব লাগে। 

ইফালে, দলত্যাগী নেতা কমল মেধিয়ে অখিল গগৈৰ বিৰুদ্ধে অনা অভিযোগ সন্দৰ্ভত উত্তৰ দিয়াৰ পৰা আঁতৰি থাকে ৰাইজৰ দলৰ নেতৃত্ব। মানৱ ডেকাৰ পৰা টকা লোৱা কথাৰ পৰা ফালৰি কাটি কমল মেধিৰ ৰাজনৈতিক ভৱিষ্যতৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে ৰাইজৰ দলৰ উপ সভাপতি ৰাছেল হুছেইনে। তেওঁ কয় যে, ৰাজনৈতিক প্ৰতিদ্বন্দ্বীৰ বিৰুদ্ধে এনেবোৰ অভিযোগ উত্থাপন হয়। কমল মেধিৰ অভিযোগ সন্দৰ্ভত মন্তব্য নিদিওঁ। কমল মেধি যথেষ্ট জ্ঞানী ব্যক্তি তেওঁ যি দলতেই যোগদান কৰক আমি শুভেচ্ছা জনাম। তেওঁৰ উজ্জ্বল ভৱিষ্যত আমি কামনা কৰিছোঁ।
ইফালে, পৰৱৰ্তী প্ৰতিটো নিৰ্বাচনতে ৰাইজৰ দলে প্ৰতিদ্বন্দ্বিতা কৰিব বুলিও আজিৰ সংবাদমেলতে ঘোষণা কৰে দলৰ উপ-সভাপতি ৰাছেল হুছেইনে।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল