--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাইলৈৰ পৰা দেশত কাৰ্যকৰী হ’ব তিনিখনকৈ নতুন ফৌজদাৰী আইন।   তিনিখন  নতুন ফৌজদাৰী আইন ক্ৰমে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা,ভাৰতীয় ন্যায় সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম কাইলৈৰ পৰা দেশত প্ৰযোজ্য হ’ব। কেন্দ্ৰীয় আইন দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ) অৰ্জুন ৰাম মেঘৱালে ঘোষণা কৰা অনুসৰি ২০২৪ চনৰ ১ জুলাইৰ পৰা নতুন ফৌজদাৰী  আইন—ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় সুৰক্ষা সংহিতা, আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম—কাৰ্য্যকৰী কৰা হ’ব।এই আইনসমূহ  ব্যাপকভাৱে সংশোধন কৰা হৈছে। আইনসমূহত  শাস্তি আৰু জৰিমানৰো কেতবোৰ নতুন বিধান ৰখা হৈছে। বিজেপি সাংসদ ব্ৰিজলালৰ নেতৃত্বত গঠিত   সংসদীয় সমিতিয়ে কৈছে যে গৃহ মন্ত্ৰালয়ে প্ৰস্তুত কৰা তিনিখন নতুন আইনৰ নাম হিন্দীত দিয়া হ'ব । কিন্তু সেই নাম ইংৰাজী লিপিত লিখা হ'ব। 

গতিকে সেই  নামবোৰ অসাংবিধানিক বুলি গণ্য কৰিব পৰা নাযাব। কেন্দ্ৰই ভাৰতীয় দণ্ডবিধিৰ (আইপিচি) ধাৰা ১২৪(ক) সংশোধন কৰাৰ সিদ্ধান্ত লৈছে। লোকসভাত তিনিখন  আইন - ভাৰতীয় দণ্ডবিধি, ফৌজদাৰী প্ৰক্ৰিয়া বিধি (চিআৰপিচি) আৰু ভাৰতীয় প্ৰমাণ আইন সলনি কৰাৰ প্ৰস্তাৱ উত্থাপন কৰা হৈছিল। কাইলৈৰ ১৮৬০ চনৰ ভাৰতীয় দণ্ডবিধি ভাৰতীয় ন্যায় সংহিতা হিচাবে পৰিচিত হোৱাৰ লগতে কাৰ্যকৰী কৰা হ’ব।  চিআৰপিচিৰ নাম সলনি হৈ হ’ব  নাগৰিক সুৰক্ষা সংহিতা, এভিডেন্স এক্টৰ নাম সলনি হৈ হ’ব ভাৰতীয় সাক্ষ্য আইন। আইন তিনি খনৰ কাৰ্যকৰীকৰণ সন্দৰ্ভত মেঘৱালে কয় "আইপিচি, চিআৰপিচি, আৰু ভাৰতীয় প্ৰমাণ আইন সলনি হৈছে। যথাযথ পৰামৰ্শৰ অন্তত  উপযুক্ত প্ৰক্ৰিয়া অনুসৰণ কৰি তথা  ভাৰতীয় আইন আয়োগৰ প্ৰতিবেদনৰ ভিত্তিত আইনকেইখন  সলনি কৰা হৈছে।’মেঘৱালে লগতে প্ৰকাশ কৰা মতে  নতুন আইন তিনিখনৰ বাবে সকলো ৰাজ্যতে প্ৰশিক্ষণ প্ৰদান কৰা হৈছে।

তেওঁ লগতে কয়, "আমাৰ ন্যায়িক একাডেমী, ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয়সমূহেও একেটা কামৰ বাবে প্ৰশিক্ষণ প্ৰদান কৰিছে। সকলো একেলগে চলি আছে আৰু ১ জুলাইৰ পৰা অপৰাধমূলক ন্যায় ব্যৱস্থাৰ বাবে গুৰুত্বপূৰ্ণ এই তিনিওখন আইন দেশত কাৰ্যকৰী হ'ব ।" ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ অধীনত সাধাৰণ অপৰাধমূলক আইন অনুসৰি আৰক্ষীৰ জিম্মা ১৫ দিনৰ পৰা ৯০ দিনলৈ বৃদ্ধি কৰা হৈছে, অপৰাধৰ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰি এই আইন খনত  ৩৫৮টা ধাৰা থাকিব (আই পি চিত ৫১১টা ধাৰা আছিল)। আইনখনত মুঠ ২০টা নতুন অপৰাধ সংযোজন কৰা হৈছে আৰু ইয়াৰে ৩৩টা অপৰাধৰ কাৰাদণ্ডৰ সময়  বৃদ্ধি কৰা হৈছে।

৮৩টা অপৰাধত জৰিমনাৰ পৰিমাণ বৃদ্ধি কৰাৰ লগতে ২৩টা অপৰাধত বাধ্যতামূলক নূন্যতম শাস্তি প্ৰৱৰ্তন কৰা হৈছে। ছটা অপৰাধৰ বাবে সামূহিক সেৱাৰ শাস্তি প্ৰৱৰ্তন কৰা হৈছে আৰু বিধেয়কখনৰ পৰা ১৯টা ধাৰা বাতিল বা আঁতৰাই দিয়া হৈছে। বিধেয়কখনত মুঠ ১৭৭টা বিধান সলনি কৰা হৈছে আৰু ইয়াত ৯টা নতুন ধাৰাৰ লগতে ৩৯টা নতুন উপ-ধাৰা সংযোজন কৰা হৈছে। খচৰা আইনখনত ৪৪টা নতুন বিধান আৰু স্পষ্টীকৰণ সংযোজন কৰা হৈছিল।  ৩৫টা ধাৰাত সময়সীমা সংযোজন কৰা হৈছে আৰু ৩৫টা স্থানত অডিঅ’-ভিডিঅ’ৰ ব্যৱস্থা সংযোজন কৰা হৈছে । আইন খনৰ পৰা মুঠ ১৪টা ধাৰা বাতিল কৰা হৈছে।  ভাৰতীয় সাক্ষ্য অধিনিয়মত ১৭০টা বিধান থাকিব (পূৰ্বৰ  ১৬৭টা বিধানৰ পৰিৱৰ্তে) আৰু ইয়াত মুঠ ২৪টা বিধান সলনি কৰা হৈছে। আইন খনত  দুটা নতুন বিধান আৰু ছটা উপ-বিধান সংযোজন কৰা হৈছে আৰু ছটা বিধান বাতিল বা বাদ দিয়া হৈছে । ভাৰতীয় ন্যা সংহিতা  ঔপনিৱেশিক যুগৰ আইনসমূহৰ  একেবাৰে বিপৰীত হ’ব। 
FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিব্ৰু নদীত জাঁপ দি আত্মহননৰ চেষ্টা মহিলাৰ
২০জনী গিৰ গাই ক্ৰয় কৰিছিল জয়ন্ত মল্লবৰুৱাৰ পত্নীয়ে
গোপনে অনুশীলন ভাৰতীয় ক্ৰিকেট দলৰ
আপোনাৰ ছালখন সুন্দৰ কৰি ৰাখিব বিচাৰে যদি এই ৩বিধ শাক-পাচলি খাওক
বাংলাদেশত চৰকাৰে ভাঙিলে দুর্গা মন্দিৰ
ভাল প্ৰতিৱেশী হ'বলৈ আগবাঢ়িছে চীন-ভাৰত!
ইজৰাইল-ইৰানৰ যুদ্ধত আমেৰিকাৰ প্ৰৱেশ
লিডুত চাঞ্চল্যকৰ অপহৰণ কাণ্ড! ২৮ বছৰীয়া এগৰাকী মহিলাক অপহৰণ
ছ’চিয়েল মিডিয়াত হালধি আৰু পানীৰ যাদু! এই ট্ৰেণ্ডৰ আঁৰৰ কাৰণ জানো আহক
সাধু-সন্ন্যাসীৰে উখল-মাখল কামাখ্যা, আজি বন্ধ হ'ব মন্দিৰৰ দুৱাৰ
টী বেগ ব্যৱহাৰে আপোনাৰ জীৱনলৈ আনিব পাৰে ভয়ংকৰ বিপদ
আটছা'ৰ অনুষ্ঠানত শিক্ষা বিভাগক তুলা-ধুনা সাংসদ কামাখ্যা তাছাৰ
পেৰিছ ডায়মণ্ড লীগৰ শীৰ্ষ স্থানত নীৰজ চোপ্ৰা
অম্বুবাচী মহাযোগক লৈ যান-বাহন আৰক্ষীৰ বিশেষ নিৰ্দেশনা