--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজিৰে পৰা দেশত কাৰ্যকৰী হ’ল তিনিখনকৈ নতুন ফৌজদাৰী আইন।   তিনিখন  নতুন ফৌজদাৰী আইন ক্ৰমে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা,ভাৰতীয় ন্যায় সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম আজিৰ  পৰা দেশত প্ৰযোজ্য হৈছে। ইতিমধ্যে ৰুজু হৈছে প্ৰথমটো গোচৰ।কেন্দ্ৰীয় আইন দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ) অৰ্জুন ৰাম মেঘৱালে ঘোষণা কৰিছিল যে  ২০২৪ চনৰ ১ জুলাইৰ পৰা নতুন ফৌজদাৰী  আইন—ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় সুৰক্ষা সংহিতা, আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম—কাৰ্য্যকৰী কৰা হ’ব।এই আইনসমূহ  ব্যাপকভাৱে সংশোধন কৰা হৈছে। আইনসমূহত  শাস্তি আৰু জৰিমানৰো কেতবোৰ নতুন বিধান ৰখা হৈছে। বিজেপি সাংসদ ব্ৰিজলালৰ নেতৃত্বত গঠিত   সংসদীয় সমিতিয়ে কৈছিল যে গৃহ মন্ত্ৰালয়ে প্ৰস্তুত কৰা তিনিখন নতুন আইনৰ নাম হিন্দীত দিয়া হ'ব । কিন্তু সেই নাম ইংৰাজী লিপিত লিখা হ'ব। 

ইয়াৰ মাজতে এখন বিশেষ আইনৰ কথা এতিয়া চৰ্চালৈ আহিছে।  যি খন আইনকলৈ অব্যাহত আছিল নানান বিতৰ্ক। ব্ৰিটিছৰ দিনৰে সেই আইন খন বাতিলৰ বাবে বহুতে দাবী জনোৱাৰ লগতে   দেশৰ আইন  আয়োগে আইন খনৰ কিছু ধাৰা সংশোধন কৰি বাহাল ৰখাৰ যুক্তি দিছিল।   আইন  আয়োগে ভাৰতীয় দণ্ডবিধিৰ ১২৪এ ধাৰাৰ অধীনত দেশদ্ৰোহিতা আইনৰ ব্যৱস্থাসমূহ পৰীক্ষা কৰিছিল।আয়োগে কৈছিল যে এই ব্ৰিটিছ যুগৰ আইনখন কাৰ্যকৰী কৰি ৰাখিব লাগে।  অৱশ্যে  আইন খনৰ  একাধিক ধাৰা সংশোধন কৰিব লাগিব বুলিও আইন আয়োগে মত প্ৰকাশ কৰিছিল। লগতে ভাৰতীয় দণ্ডবিধিৰ অন্যান্য ধাৰাৰ সৈতে সংগতি ৰাখি অপৰাধীক ৰাজদ্ৰোহ আইনৰ অধীনত শাস্তি দিয়া উচিত বুলিও আইন আয়োগে মন্তব্য কৰিছিল। ইপিনে বহুতে অভিযোগ কৰিছিল যে  দেশদ্ৰোহিতা আইনৰ অপব্যৱহাৰ কৰা হৈছে। সেয়েহে কেন্দ্ৰীয় চৰকাৰে এই আইনৰ বিষয়ে বিশেষ নিৰ্দেশনা প্ৰকাশ কৰিব লাগে বুলিও দাবী উত্থাপন হৈছিল । 

আয়োগৰ প্ৰতিবেদনত এইটোও কোৱা হৈছিল যে যদি দেশদ্ৰোহিতা আইনৰ অধীনত যদি কাৰোবাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হয়, অভিযুক্তজনক আত্মপক্ষ সমৰ্থন কৰাৰ সুযোগো দিয়া উচিত। উল্লেখ্য ব্ৰিটিছৰ দিনৰে পৰাই দেশত চলি অহা দেশদ্ৰোহিতা আইনৰ কিছু নিয়ম  সলনি কৰিব বিচাৰিছিল কেন্দ্ৰৰ মোদী চৰকাৰে৷  ব্ৰিটিছ যুগৰ ৰাজদ্ৰোহ আইনৰ সলনি ঘটাবলৈ উচ্চতম ন্যায়ালয়ে দিয়া  নিৰ্দেশৰ পিছতে কেন্দ্ৰই তেনে সিদ্ধান্ত লৈছিল৷   কেন্দ্ৰই শেহতীয়াকৈ  উচ্চতম ন্যায়ালয়ক জনাইছিল  যে তেওঁলোকে ঔপনিৱেশিক যুগৰ দেশদ্ৰোহ আইনৰ ব্যৱস্থা আৰু শাস্তিৰ ব্যৱস্থাসমূহ পৰ্যালোচনা কৰি আছে।


উল্লেখ্য ১৮৭০ চনতে ব্ৰিটিছ শাসনকালত দেশদ্ৰোহিতা আইন  কাৰ্যকৰী হৈছিল। সেই সময়ত ইয়াক ব্ৰিটিছ চৰকাৰৰ বিৰুদ্ধে মাত মতাসকলৰ বিৰুদ্ধে  ব্যৱহাৰ কৰা হৈছিল৷ যিসকলে ব্ৰিটিছ  চৰকাৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল তেওঁলোকৰ বিৰুদ্ধে এই আইনৰ অধীনত মোকৰ্দমা তৰা হৈছিল। যদি এজন ব্যক্তিৰ বিৰুদ্ধে ৰাজদ্ৰোহৰ গোচৰ ৰুজু কৰা হয়, তেন্তে তেওঁ চৰকাৰী চাকৰিৰ বাবে আবেদন কৰিব নোৱাৰে। ৰাজদ্ৰোহ হৈছে এক জামিন অযোগ্য অপৰাধ। অপৰাধটোৰ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰি তিনি বছৰৰ পৰা আজীৱন কাৰাদণ্ডৰ ব্যৱস্থা আছিল। লক্ষ্যণীয় কথাটো হ’ল ২০১৫ আৰু ২০২০ চনৰ ভিতৰত দেশদ্ৰোহৰ ধাৰাৰ অধীনত ৩৫৬  টা গোচৰ পঞ্জীয়ন কৰা হৈছিল আৰু  ৫৪৮ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছিল ৷ তেওঁলোক মাজৰে  মাত্ৰ ১২ জনকহে দোষী সাব্যস্ত কৰা হৈছিল। উচ্চতম ন্যায়ালয়ে বিভিন্ন আবেদনৰ শুনানি গ্ৰহণ কৰি  কেন্দ্ৰীয় চৰকাৰক আইনখন পুনৰীক্ষণ কৰিবলৈ নিৰ্দেশ দিছিল আৰু যেতিয়ালৈকে  আইনখন পুনৰীক্ষণ সম্পূৰ্ণ নহয় তেতিয়ালৈকে দেশদ্ৰোহ ধাৰাৰ অধীনত কোনো গোচৰ ৰুজু কৰিব নালাগে বুলিও কৈছিল৷ ইয়াৰ মাজতে ১ জুলাইৰ পৰা তিনিখনকৈ নতুন ফৌজদাৰী আইন দেশত কাৰ্যকৰী কৰা হয়। কেন্দ্ৰীয় গৃমন্ত্ৰী অমিত শ্বাহে তিনিখন ফৌজদাৰী আইনৰ বিষয়ে চমু বাখ্যা কৰি কয় যে এতিয়া আৰু দেশদ্ৰোহিতাৰ কোনো ধাৰা নাথাকিব। শ্বাহে কয়-আমি দেশদ্ৰোহৰ ধাৰাটো সম্পূৰ্ণৰূপে আঁতৰাই ৰাষ্ট্ৰ বিৰোধী কাৰ্যকলাপৰ এক নতুন ধাৰা আনিছো। ইয়াৰ পূৰ্বে চৰকাৰৰ বিৰুদ্ধে মন্তব্য কৰাটো  অপৰাধ আছিল। এতিয়া ভাৰতৰ ঐক্য আৰু সাৰ্বভৌমত্বৰ ক্ষতিৰ চেষ্টা কৰিলে ৰাষ্ট্ৰ বিৰোধী কাৰ্যকলাপৰ ধাৰাৰ অধীনত  আইনে ব্যৱস্থা গ্ৰহণ ব্যৱস্থা কৰিব। শ্বাহৰ কথাৰ পৰা এয়া স্পষ্ট হৈ  পৰিল যে দেশত আৰু এতিয়া ব্ৰিটিছৰ দিনৰ দেশদ্ৰোহিতা আইন কাৰ্যকৰী হৈ নাই। 





FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু