--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে দেওবাৰে তেওঁৰ তৃতীয়টো কাৰ্যকালৰ প্ৰথমটো মন কি বাত সম্প্ৰচাৰ কৰে।১১১ সংখ্যক মন কি বাতত মোদীয়ে ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ চৰকাৰখনক পুনৰ নিৰ্বাচিত কৰাৰ বাবে ভোটাৰসকলক ধন্যবাদ জ্ঞাপন কৰে আৰু জনতাৰ সংবিধানৰ প্ৰতি থকা “অটল বিশ্বাস”ৰ  শলাগ লয়।  প্ৰধানমন্ত্ৰী মোদীয়ে নিৰ্বাচনৰ জৰিয়তে সংবিধান আৰু গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ প্ৰতি জনসাধাৰণে দেখুওৱা "আস্থা"ৰ  বিষয়ে  আলোকপাত কৰি কয় "আমাৰ সংবিধান আৰু গণতান্ত্ৰিক ব্যৱস্থাৰ প্ৰতি থকা জনতাৰ অদম্য বিশ্বাসৰ বাবে আজি মই  দেশবাসীক ধন্যবাদ জনাইছো । ২০২৪ চনৰ লোকসভা নিৰ্বাচন আছিল বিশ্বৰ সৰ্ববৃহৎ নিৰ্বাচন। ৬৫ কোটি লোকে ভোটদান কৰা ইমান বৃহৎ নিৰ্বাচন পূৰ্বে কোনো দেশেই দেখা নাই।’

 মৗোদীয়ে তেওঁৰ ভাষণত নিৰ্বাচনী প্ৰক্ৰিয়াৰ বাবে স্থগিত ৰখা ২৫ ফেব্ৰুৱাৰীৰ শেষৰ খণ্ডটোৰ পৰাই জনতাৰে এনেদৰে  যোগাযোগ নোহোৱাৰ  কথা উল্লেখ কৰে। মোদীয়ে কয়  ‘অৱশেষত সেই দিনটো আহিল, যাৰ বাবে আমি সকলোৱে ফেব্ৰুৱাৰী মাহৰ পৰা অপেক্ষা কৰি আছিলো। মন কি বাত হয়তো স্থগিত আছিল, কিন্তু ইয়াৰ সাৰমৰ্ম- দেশ, সমাজৰ বাবে কৰা কাম আৰু নিঃস্বাৰ্থ মনোভাৱেৰে সম্পন্ন কৰা ভাল কাম-অব্যাহত আছিল।' মোদীয়ে তেওঁৰ ভাষণত অলিম্পিকলৈ নিৰ্বাচিত হোৱা ভাৰতীয় খেলুৱৈসকলক  সমৰ্থন জনাবলৈ ‘cheer4Bharat’ হেচটেগ ব্যৱহাৰ কৰিবলৈও আহ্বান জনায়। মোদীয়ে কয়  “শীঘ্ৰে  পেৰিছ অলিম্পিক আৰম্ভ হ’ব। মই নিশ্চিত যে আপোনালোক সকলোৱে আমাৰ ভাৰতীয় খেলুৱৈসকলৰ সফলতাৰ বাবে উল্লাস কৰিবলৈ আগ্ৰহী। ভাৰতীয় দলটোক অলিম্পিক গেমছৰ বাবে শুভকামনা জনাইছো।’’

মোদীয়ে লগতে কয় -'টকিঅ’ অলিম্পিকৰ স্মৃতি এতিয়াও সতেজ হৈ আছে, য’ত আমাৰ খেলুৱৈসকলে প্ৰতিজন ভাৰতীয়ৰ হৃদয় জয় কৰিছিল। তেতিয়াৰে পৰাই আমাৰ খেলুৱৈসকলে পেৰিছ অলিম্পিকৰ বাবে প্ৰস্তুতি চলাই আহিছে।' ফৰাচী, চীনা, আৰবীকে ধৰি আন ২২টা ভাৰতীয় ভাষা, ২৯টা উপভাষা আৰু ১১টা বিদেশী ভাষাত   অল ইণ্ডিয়া ৰেডিঅ’ৰ ৫০০ৰো অধিক সম্প্ৰচাৰ কেন্দ্ৰৰ জৰিয়তে সম্প্ৰচাৰিত হোৱা মোদীৰ মন কি বাতলৈ সমগ্ৰ দেশৰ  কোটি কোটি  দৰ্শকে ব্যাপক সহাঁৰি জনাই আহিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু