--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে দেওবাৰে তেওঁৰ তৃতীয়টো কাৰ্যকালৰ প্ৰথমটো মন কি বাত সম্প্ৰচাৰ কৰে।১১১ সংখ্যক মন কি বাতত মোদীয়ে ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ চৰকাৰখনক পুনৰ নিৰ্বাচিত কৰাৰ বাবে ভোটাৰসকলক ধন্যবাদ জ্ঞাপন কৰে আৰু জনতাৰ সংবিধানৰ প্ৰতি থকা “অটল বিশ্বাস”ৰ  শলাগ লয়।  প্ৰধানমন্ত্ৰী মোদীয়ে নিৰ্বাচনৰ জৰিয়তে সংবিধান আৰু গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ প্ৰতি জনসাধাৰণে দেখুওৱা "আস্থা"ৰ  বিষয়ে  আলোকপাত কৰি কয় "আমাৰ সংবিধান আৰু গণতান্ত্ৰিক ব্যৱস্থাৰ প্ৰতি থকা জনতাৰ অদম্য বিশ্বাসৰ বাবে আজি মই  দেশবাসীক ধন্যবাদ জনাইছো । ২০২৪ চনৰ লোকসভা নিৰ্বাচন আছিল বিশ্বৰ সৰ্ববৃহৎ নিৰ্বাচন। ৬৫ কোটি লোকে ভোটদান কৰা ইমান বৃহৎ নিৰ্বাচন পূৰ্বে কোনো দেশেই দেখা নাই।’

 মৗোদীয়ে তেওঁৰ ভাষণত নিৰ্বাচনী প্ৰক্ৰিয়াৰ বাবে স্থগিত ৰখা ২৫ ফেব্ৰুৱাৰীৰ শেষৰ খণ্ডটোৰ পৰাই জনতাৰে এনেদৰে  যোগাযোগ নোহোৱাৰ  কথা উল্লেখ কৰে। মোদীয়ে কয়  ‘অৱশেষত সেই দিনটো আহিল, যাৰ বাবে আমি সকলোৱে ফেব্ৰুৱাৰী মাহৰ পৰা অপেক্ষা কৰি আছিলো। মন কি বাত হয়তো স্থগিত আছিল, কিন্তু ইয়াৰ সাৰমৰ্ম- দেশ, সমাজৰ বাবে কৰা কাম আৰু নিঃস্বাৰ্থ মনোভাৱেৰে সম্পন্ন কৰা ভাল কাম-অব্যাহত আছিল।' মোদীয়ে তেওঁৰ ভাষণত অলিম্পিকলৈ নিৰ্বাচিত হোৱা ভাৰতীয় খেলুৱৈসকলক  সমৰ্থন জনাবলৈ ‘cheer4Bharat’ হেচটেগ ব্যৱহাৰ কৰিবলৈও আহ্বান জনায়। মোদীয়ে কয়  “শীঘ্ৰে  পেৰিছ অলিম্পিক আৰম্ভ হ’ব। মই নিশ্চিত যে আপোনালোক সকলোৱে আমাৰ ভাৰতীয় খেলুৱৈসকলৰ সফলতাৰ বাবে উল্লাস কৰিবলৈ আগ্ৰহী। ভাৰতীয় দলটোক অলিম্পিক গেমছৰ বাবে শুভকামনা জনাইছো।’’

মোদীয়ে লগতে কয় -'টকিঅ’ অলিম্পিকৰ স্মৃতি এতিয়াও সতেজ হৈ আছে, য’ত আমাৰ খেলুৱৈসকলে প্ৰতিজন ভাৰতীয়ৰ হৃদয় জয় কৰিছিল। তেতিয়াৰে পৰাই আমাৰ খেলুৱৈসকলে পেৰিছ অলিম্পিকৰ বাবে প্ৰস্তুতি চলাই আহিছে।' ফৰাচী, চীনা, আৰবীকে ধৰি আন ২২টা ভাৰতীয় ভাষা, ২৯টা উপভাষা আৰু ১১টা বিদেশী ভাষাত   অল ইণ্ডিয়া ৰেডিঅ’ৰ ৫০০ৰো অধিক সম্প্ৰচাৰ কেন্দ্ৰৰ জৰিয়তে সম্প্ৰচাৰিত হোৱা মোদীৰ মন কি বাতলৈ সমগ্ৰ দেশৰ  কোটি কোটি  দৰ্শকে ব্যাপক সহাঁৰি জনাই আহিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ