--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃযিটো সময়ত বহুতে ’চৰকাৰী ধন, যি কোনো উপায়েৰে কৰো হজম’ নীতি গ্ৰহণ কৰি আহিছে সেই সময়তে বিহাৰৰ এগৰাকী অধ্যাপকে সততাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে। এই গৰাকী অধ্যাপকে তেওঁৰ শ্ৰেণীলৈ পাঠ গ্ৰহণৰ বাবে এজনো ছাত্ৰ-ছাত্ৰী নহাৰ বাবেই দৰমহাৰ সমুদায় ধন ওভতাই দিছে।

সচৰাচৰ বিহাৰৰ কথা প্ৰায়ে বিভিন্ন কাৰণত আলোচনা  হয়। কেতিয়াবা অপৰাধৰ বাবে, কেতিয়াবা দুৰ্নীতিৰ বাবে ইত্যাদি। কিন্তু এইবাৰ শিক্ষা খণ্ডত ঘটা এক বিশেষ ঘটনাৰ বাবে  বিহাৰ আকৌ এবাৰ চৰ্চালৈ আহিছে। বিহাৰৰ এইগৰাকী অধ্যাপক  এজনো শিক্ষাৰ্থীক শিকাব পৰা নাই, সেয়েহে তেওঁ দৰমহাৰ  ২৩ লাখ টকা  বিশ্ববিদ্যালয়ক ঘূৰাই দি সমগ্ৰ দেশতে এক  নজিৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে। 

বিহাৰৰ এই গৰাকী সততাৰ প্ৰতীক স্বৰূপ হৈ পৰা অধ্যাপকৰ নাম  ড০ লালন কুমাৰ । ৰাজ্য খনৰ  নীতিশৱাৰ মহাবিদ্যালয়ত হিন্দীৰ অধ্যাপক হিচাপে কৰ্মৰত তেওঁ। কিন্তু বিগত বহু দিন ধৰি তেওঁৰ শ্ৰেণীত উপস্থিত নাই এজনো শিক্ষাৰ্থী। শ্ৰেণীলৈ গৈ সেয়ে সদায় পাঠদান নকৰা কৈয়ে উভতি আহিবলগীয়া হৈছিল অধ্যাপক জনে। 

জানিব পৰা মতে মহাবিদ্যালয় খনৰ শৈক্ষিক পৰিবেশ বিগত কিছু বছৰৰ পৰা অতি বেয়া হৈ পৰিছে। বহু শিক্ষাৰ্থীয়ে মাহৰ পিছত মাহ ধৰি মহাবিদ্যালয়ৰ শ্ৰেণীত উপস্থিত নথকাৰো  অভিযোগ উঠিছে। এনে পৰিস্থিতিত বহু অধ্যাপকে বহি বহিয়েই দৰমহা লৈ আছে।

 কিন্তু এই ক্ষেত্ৰত ব্যতিক্ৰম হিচাবে পৰিগণিত হৈছে ড০ লালন কুমাৰ।তেওঁ বিশ্ববিদ্যালয়লৈ তেওঁৰ দৰমহা ঘূৰাই দিছে, তেওঁ কৈছে যে তেওঁৰ শ্ৰেণীত প্ৰতি ঘণ্টাত শিক্ষাৰ্থীৰ উপস্থিতি সদায় শূন্য হৈ আছে, সেয়েহে তেওঁ   ২ বছৰ ৯ মাহৰসম্পূৰ্ণ দৰমহা বাবে ঘূৰাই দিছে। এই ধনৰ পৰিমাণ   হৈছে ২৩ লাখ ৮২ হাজাৰ ২২৮ টকা৷ ড০ লালন কুমাৰে  তেওঁৰ চেক বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড০ আৰ কে ঠাকুৰৰ হাতত তুলি দিয়ে ৷ কিন্তু পঞ্জীয়কে তেওঁলোকৰ চেক গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰাত অধ্যাপকগৰাকীয়ে কয় , "মই এই সিদ্ধান্তত অটল আৰু যদি আপুনি চেকখন গ্ৰহণ নকৰে, মই মোৰ চাকৰি এৰি দিয়াৰ কথা ভাবিম," । 


পিছত বিশ্ববিদ্যালয়ে তেওঁৰ চেক গ্ৰহণ কৰে।লালন কুমাৰে লগতে কয় "  মই জাতিৰ পিতা মহাত্মা গান্ধীৰ চিন্তাধাৰাৰ অনুগামী, সেয়েহে কাম নকৰাকৈ ধন গ্ৰহণ কৰাটো মোৰ বাবে গ্ৰহণযোগ্য নাছিল, সেয়েহে সকলো দৰমহা ঘূৰাই দিছো।" 

বিহাৰৰ বৈশালী জিলাৰ বাসিন্দা ড০ লালন কুমাৰ এটা সাধাৰণ পৰিয়ালৰ সন্তান। বিহাৰত মাধ্যমিক শিক্ষা সম্পূৰ্ণ কৰাৰ পিছত, তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ পৰা ডিগ্ৰী অৰ্জন কৰে। তাৰ পিছত তেওঁ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰে। দিল্লী বিশ্ববিদ্যালয়ৰ পৰা  তেওঁ পিএইচডিও কৰে। বিশ্ববিদ্যালয়ৰ পৰা সোণৰ পদক অৰ্জন কৰা লালন কুমাৰৰ শৈক্ষিক কেৰিয়াৰ অতি ভাল। 

ড০ লালন কুমাৰে ২৪ ছেপ্টেম্বৰ, ২০১৯ত বিহাৰ বিশ্ববিদ্যালয়ৰ অধীনস্থ মহাবিদ্যালয় খনত  নিযুক্তি লাভ কৰিছিল৷ লালন কুমাৰৰ সততা এতিয়া দেশবাসীৰ বাবে আলোচ্য বিষয় হৈ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কেৰালাত ছিগেল্লা ভাইৰাছৰ আতংক; ৬জনৰ মৃত্যু, দুই শতাধিক লোক আক্ৰান্ত
পুৱা খালী পেটত খাওক এই ৪ বিধ বস্তু; জিলিকি উঠিব মুখমণ্ডল
বিশ্বজুৰি হ্ৰাস খাৰুৱা তেলৰ দাম; ইৰান-আমেৰিকাৰ বুজাবুজি চুক্তিৰ প্ৰভাৱ
বৈভৱ সূৰ্যবংশীৰ পিতৃ-মাতৃক ইংলেণ্ড-আয়াৰলেণ্ড ভ্ৰমণৰ অনুমতি
দেশৰ ভিতৰত শীর্ষ শিক্ষা প্রতিষ্ঠান IIT দিল্লী, কিউ এছ ৱৰ্ল্ড ৰেংকিঙৰ শীৰ্ষত এম আই টি
৬ জুলাইৰ পৰা অসম বিধানসভাৰ বাজেট অধিৱেশন
অৰুণাচল সীমান্তত ৪জি সেৱা সম্প্ৰসাৰণৰ বাবে ভাৰতীয় সেনা আৰু এয়াৰটেলৰ চুক্তি
বাকুৰ আন্তঃৰাষ্ট্ৰীয় জলৰং মহোৎসৱত ভাৰতীয় শিল্পীৰ অংশগ্ৰহণ: সাংস্কৃতিক সম্পৰ্ক সুদৃঢ়কৰণৰ প্ৰয়াস
ডিব্ৰুগড়ত বৃহৎ ড্ৰাগছ বিৰোধী অভিযান: ৯ জন আটক, হেৰ'ইন আৰু নগদ ধন জব্দ
নগাঁৱত অসম হকীৰ বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত
কাশ্মীৰত ২২ মিনিটৰ ধুমুহাত নষ্ট ৪০০ কোটি টকাৰ আপেল, কষ্টৰ ফচল অথলে যোৱাত কৃষক-ব্যৱসায়ীৰ হাহাকাৰ
ওমানৰ উপকূলত ভাৰতীয় নাবিকৰ দুৰ্দশা: মৃতদেহৰ সৈতে জাহাজত আৱদ্ধ হৈ সহায় বিচাৰিছে
অসমত চৰকাৰী চাকৰি বা পেঞ্চন নথকা স্বাধীনতা সংগ্ৰামীৰ পৰিয়াললৈ সহায়ৰ আশ্বাস মুখ্যমন্ত্ৰীৰ
গুৱাহাটীত পথৰ দাঁতিৰ ব্যৱসায়ী জৰীপ: থলুৱাক অগ্ৰাধিকাৰ, বহিৰাগত উচ্ছেদৰ লক্ষ্য