ডিজিটেল ডেস্ক: প্ৰতিবছৰে দুই কোটি নিবনুৱাক সংস্থাপনৰ কোটি নিবনুৱাক সংস্থাপনৰ প্ৰতিশ্ৰুতিৰে ক্ষমতালৈ অহা বিজেপি চৰকাৰে ৰে'লৰ দহ হাজৰৰো অধিক পদ বিলুপ্ত কৰি নিবনুৱাৰ মূৰত ৰামটাঙোন মাৰিছে।
দেশৰ নিবনুৱাই চাকৰিৰ বাবে আশা পালি থকাৰ সময়তে কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তই নিবনুৱালৈ ঘোৰ অমানিশা নমাই অনা পৰিলক্ষিত হৈছে। অমৃত ভাৰত গঢ়িবলৈ লোৱা কেন্দ্ৰীয় চৰকাৰৰ বিত্তীয় বিভাগে জাৰি কৰা এক জাননীত ভাৰতীয় ৰে'লত আকৌ হাজাৰ হাজাৰ পদ বিলুপ্তি ঘটোৱাৰ তথ্য পোহৰলৈ আহিছে।
ভাৰত চৰকাৰৰ বিত্ত মন্ত্ৰীয়ে যোৱা ১০ ছেপ্টেম্বৰত অনুমোদন জনোৱা বিত্ত মন্ত্ৰ্যালয়ৰ ব্যয় বিভাগ (MoF, DoE) আই ডি নং ১১(১)/ৰে'লৱে/২০২৬ ই ক'র্ড আই/ফি জাননীযোগে ভাৰতীয় ৰে'লৱেত মুঠ ১০,৯৩৯টা পদ আত্মসমর্পণ অথবা সমাপ্ত কৰা হৈছে। ইয়াৰে প্ৰথমটো স্তৰত সাধাৰণ সহায়ক (পূৰ্বতে হেল্পাৰ), বাহক, পৰ্টাৰ, এ চি কোচ এটেণ্ডেণ্ট, হস্পিটেল এটেণ্ডেণ্ট, হাউছ কিপিং এছিষ্টেণ্ট(এইচ কে এ) আদিৰ ৫১৬৩টা পদ, দ্বিতীয় স্তৰত চিত্ৰকৰ, কাঠমিস্ত্রী, বাণিজ্যিক কেৰাণী আদিৰ ২৩৩৪টা পদ, তৃতীয় স্তৰত কমাচিয়েল ক্লার্ক, ষ্ট'ৰ ক্লার্ক, কেৰাণী আদিৰ ৫৩৩টা পদ, চতুর্থ স্তৰত জুনিয়ৰ ষ্টেন'গ্ৰাফাৰ, ৰানিং ৰূম কুক আদি ৯১৫টা পদ, পঞ্চম স্তৰত টেকনিচিয়ান গ্রেড-১, বাহন চালক, ছিনিয়ৰ কমাচিয়েল-কাম-টিকট কেৰাণী (Sr. CCTC) আদিৰ ১৯৯৪টা পদ। এই আদেশ ভাৰতীয় ৰে'লৰ সকলো জ'নৰ বাবে প্রজোয্য হ'ব বুলি জাননীত প্রকাশ পাইছে।
ভাৰতীয় ৰে'লৱে ব'ৰ্ডৰ দ্বাৰা ২০২৩ চনৰ ৩ ফেব্ৰুৱাৰীত প্রকাশিত তথ্য অনুসৰি ৰে'ল বিভাগত মুঠ কৰ্মচাৰীৰ পদৰ সংখ্যা আছিল ১৪,৭৪,২৭১টা। ইয়াৰ বিপৰীতে কৰ্মৰত কৰ্মচাৰী আছিল ১১,৬২,১৭৮। অর্থাৎ ভাৰতীয় ৰে'লত তিনি বছৰ পূৰ্বেই খালী হৈ থকা পদৰ সংখ্যা আছিল ৩,১২,০৯৩টা। ইয়াৰে উত্তৰ-পূব সীমান্ত ৰে'লৱেত মুঠ ১০৫৮টা গেজেটেড পদৰ ১৭২টা পদেই খালী। একেদৰে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ মুঠ ৭২,০৪৭টা পদৰ ভিতৰত ১৫,৯৮৫টা পদ খালী হৈ আছে। এইদৰে পদ খালী হৈ থকাৰ ফলত একোজন ৰে'ল শ্রমিক কৰ্মচাৰীৰ ওপৰত কেইবাজনৰ কামৰ বোজা জাপি দিয়া হৈছে। দেশত নতুন নতুন ৰে'লপথ আৰু ষ্টেছন সম্প্ৰসাৰণেৰে চমক সৃষ্টি কৰা চৰকাৰখনে মালবাহী আৰু যাত্রীবাহী ৰে'লৰ সংখ্যা বৃদ্ধি কৰাৰ বিপৰীতে সৃষ্টি কৰা নাই এটাও নতুন পদ। ইফালে, অত্যধিক কামৰ বোজা লৈ কর্তব্য সম্পাদন কৰিবলৈ যাওঁতে ৰে'ল শ্রমিকে প্রাণ আহুতি দিবলগীয়া হোৱা পৰিস্থিতি উদ্ভৱ হোৱা দেখিবলৈ পোৱা গৈছে। ঠিক তেনে সময়তে কেন্দ্ৰীয় চৰকাৰে নিবনুৱা যুৱক-যুৱতীৰ সংস্থাপনৰ পথ ৰুদ্ধ কৰি অৱসৰপ্ৰাপ্ত ৰে'ল কৰ্মচাৰীক ঠিকা ভিত্তিক নিযুক্তি দিয়াৰ পন্থা গ্রহণ কৰিছে।
ৰে'লৱে ব'ৰ্ডৰ দ্বাৰা প্ৰকাশিত সেই সর্বনশীয়া জাননীখনত স্পষ্টকৈ উল্লেখ কৰা হৈছে যে লেভেল-১-ৰ পৰা লেভেল-৯ লৈকে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ খালী পদত অৱসৰপ্ৰাপ্ত ৰে'ল কৰ্মচাৰীক ঠিকাভিত্তিক নিযুক্তি দিয়া হ'ব। শেহতীয়াকৈ কেন্দ্রীয় চৰকাৰৰ বিত্তীয় বিভাগে জাৰি কৰা প্ৰায় দহ সহস্রাধিক পদ আত্মসমর্পণ অথবা বিলুপ্তিৰ নিৰ্দেশনাই কেন্দ্ৰীয় চৰকাৰৰ হঠকাৰী নীতিক নগ্নভাৱে উদঙাই দিছে। নিবনুৱা যুৱক-যুৱতীৰ বাবে অতিকৈ সর্বনশীয়া আদেশটোত ভাৰতীয় ৰে'লৰ এন এফ ৰে'লৱেকে ধৰি সকলো মণ্ডললৈ প্ৰেৰণ কৰি উল্লিখিত পদসমূহত নিযুক্তি বন্ধ কৰিবলৈ নিৰ্দেশ জাৰিৰে কেন্দ্ৰীয় চৰকাৰে নিজৰ প্ৰকৃত স্বৰূপ উদঙাই দিছে।
উৎস: দৈনিক জনমভূমি