--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • সম্প্ৰতি চাবুৱাৰ ছেণ্ট লুকছ্ হাস্পতালত চিকিৎসাধীন হৈ আছে ধনীৰাম চেতিয়া। সমগ্ৰ ঘটনাই অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

ডিজিটেল ডেস্ক: ডিগবৈ পেঙেৰীৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ। সমগ্ৰ অসমতে আদৰ্শ খেতিয়ক ৰূপে পৰিচিত ধনীৰাম চেতিয়া। দুষ্কৃতিকাৰীৰ আক্ৰমণৰ বলি হৈ বৰ্তমান তেওঁ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। 


পেঙেৰীৰ ব্ৰহ্মাজান অঞ্চলত সংঘটিত চাঞ্চল্যকৰ ঘটনা। দুষ্কৃতিকাৰী অপকৰ্মক বাধা দিবলৈ চেষ্টা কৰোঁতেই আক্ৰমণৰ বলি হ’ল ধনীৰাম চেতিয়া।


জানিব পৰা মতে, যোৱা নিশা পেঙেৰীৰ ব্ৰহ্মাজানস্থিত জে এন বৰুৱাৰ চাহ বাগিচাত সংঘটিত এক অপকৰ্মৰ সময়ত ধনীৰাম চেতিয়াই ঘটনাস্থলীত উপস্থিত হৈ দুষ্কৃতিকাৰীক বুজাবলৈ চেষ্টা কৰোঁতেই আক্ৰমণৰ সন্মুখীন হয়।


সেই সময়তে পাছফালৰ পৰা অহা এগৰাকী ব্যক্তিয়ে ধনীৰাম চেতিয়াক চোকা অস্ত্ৰৰে আক্ৰমণ কৰে। আক্ৰমণত গুৰুতৰভাৱে আহত হয় ধনীৰাম চেতিয়া।


সম্প্ৰতি চাবুৱাৰ ছেণ্ট লুকছ্ হাস্পতালত চিকিৎসাধীন হৈ আছে ধনীৰাম চেতিয়া। সমগ্ৰ ঘটনাই অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।


উল্লেখ্য যে, সমাজৰ অপকৰ্ম আৰু দুষ্কৃতিকাৰীৰ বিৰুদ্ধে সাহসেৰে মাত মাতি অহা ধনীৰাম চেতিয়াৰ ওপৰত আক্ৰমণৰ ঘটনাই সচেতন মহলত উদ্বেগ সৃষ্টি কৰিছে।


এই ঘটনাৰ উচিত তদন্ত কৰি আক্ৰমণৰ সৈতে জড়িত সকলো ব্যক্তিক চিনাক্ত কৰি আইন অনুসৰি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ তিনিচুকীয়া আৰক্ষী প্ৰশাসনলৈ আহ্বান জনাইছে সচেতন মহলে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা