--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ৰোহতাছত ভাৰতৰ সৰ্ববৃহৎ পাইৰাইট ভাণ্ডাৰ আছে। আনহাতে, জামুই জিলাত ভাৰতৰ সৰ্ববৃহৎ সোণৰ ভাণ্ডাৰ থকা বুলি প্রমাণিত হৈছে।

ডিজিটেল ডেস্ক: বিহাৰত প্ৰায় ২১,০০০ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ কৰা হৈছে। ভাৰতৰ ভূতাত্ত্বিক জৰীপ বিভাগ চমুকৈ 'জি এছ আই'ৰ অধীনত চলোৱা শেহতীয়া জৰীপত বিহাৰত ক্ৰমাইট, নিকেল, প্লেটিনাম মৌল, লৌহ আকৰ (মেগনেটাইট) আৰু চূণশিলৰ দৰে গুৰুত্বপূৰ্ণ খনিজ সম্পদ আৱিষ্কাৰ হৈছে।


আনহাতে, শক্তি পৰিৱৰ্তন দিশত বিহাৰৰ মাইকা বেল্টত লিথিয়াম, চিজিয়াম আৰু ৰুবিডিয়ামৰ দৰে বিৰল খনিজৰ সন্ধান পোৱা গৈছে। বিহাৰে ইয়াৰ খনিজ অর্থনীতিক পুনৰ গঢ় দিব বিচাৰিছে। ২০২১ আৰু ২০২৪ চনৰ ভিতৰত ৰাজ্যখনৰ ৰোহতাছ, জামুই আৰু গয়াত চলোৱা ভূতাত্ত্বিক অন্বেষণত প্রায় ২১ হাজাৰ কোটি টকাৰ বিৰল খনিজৰ সন্ধান পোৱা গৈছে। 


ৰোহতাছত ভাৰতৰ সৰ্ববৃহৎ পাইৰাইট ভাণ্ডাৰ আছে। আনহাতে, জামুই জিলাত ভাৰতৰ সৰ্ববৃহৎ সোণৰ ভাণ্ডাৰ থকা বুলি প্রমাণিত হৈছে। জামুইত ২২২.৮৮ নিযুত টন স্বর্ণযুক্ত আকৰ আছে। এই আৱিষ্কাৰবোৰক খনিলৈ ৰূপান্তৰ কৰাৰ কৌশল হিচাপে বিহাৰ চৰকাৰে এই ভূ-বৈজ্ঞানিক অন্বেষণসমূহক ২০২৬-২০৩১ বৰ্ষৰ ভিতৰত বাণিজ্যিকভাৱে উৎপাদন কৰাৰ লক্ষ্য নির্ধাৰণ কৰিছে। 


সংশোধিত খনি-খনিজ উন্নয়ন নিয়ন্ত্রণ (এম এম ডি আৰ) আইনৰ অধীনত বিহাৰে নিজৰ আইনী আৰু প্ৰশাসনিক গাঁথনিক ওড়িশা আৰু ঝাৰখণ্ডৰ দৰে খনিজ সমৃদ্ধ ৰাজ্যসমূহৰ দৰে সমকক্ষ কৰি তুলিছে। কেন্দ্রীয় খনি মন্ত্ৰালয়ৰ সহযোগত বিহাৰে ইতিমধ্যে গয়া, জামুই আৰু ৰোহতাছত খনিজ সম্পদবোৰৰ নিলাম প্ৰক্ৰিয়া আৰম্ভ কৰিছে।


উৎস: দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক